শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Monday: ভুলতো সোমবাৰে নাখাব এইবোৰ খাদ্য, জীৱনলৈ আহিব বাধা!

Monday Remedies: সোমবাৰৰ দিনটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটো ভগৱান শিৱ আৰু চন্দ্ৰৰ নামত উচৰ্গিত। জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে যে এই দিনটোত কিছুমান খাদ্য পৰিহাৰ কৰিব লাগে, অন্যথা আপোনাৰ ৰাশিত চন্দ্ৰৰ বেয়া প্ৰভাৱ পৰিব পাৰে।

Monday: ভুলতো সোমবাৰে নাখাব এইবোৰ খাদ্য, জীৱনলৈ আহিব বাধা!
ভগৱান শিৱ
trishna-kalita
Trishna Kalita | Updated On: 10 Nov 2025 09:09 AM

সনাতন ধৰ্মত প্ৰতিটো দিন কোনো বিশেষ দেৱতা বা গ্ৰহৰ লগত জড়িত। আজি সোমবাৰ। সোমবাৰক অতি বিশেষ বুলি গণ্য কৰা হয়। এই দিনটো ভগৱান শিৱ আৰু চন্দ্ৰৰ নামত উচৰ্গিত। এই দিনটোত শিৱৰ বিশেষ পূজা আৰু উপবাস পালন কৰা হয়। এই দিনটোত কিছুমান সৰু সৰু প্ৰতিকাৰো কৰা হয়।

এই প্ৰতিকাৰে জীৱনত শান্তি, ভাৰসাম্য, মানসিক স্থিৰতা আনে বুলি বিশ্বাস আছে। জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে যে এই দিনটোত কিছুমান খাদ্য পৰিহাৰ কৰিব লাগে, অন্যথা আপোনাৰ ৰাশিত চন্দ্ৰৰ কু-প্ৰভাৱ পৰিব পাৰে।

বেঙেনা

সোমবাৰে বেঙেনা খাব নালাগে। বেঙেনাক তামসিক খাদ্য হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ইয়াক খালে ভাল চিন্তাত বাধাৰ সৃষ্টি হয়। বেঙেনা খালে এলাহ আৰু আক্ৰমণাত্মক ভাৱ বৃদ্ধি পায়, যাৰ ফলত মনটো শান্ত হৈ থাকিব নোৱাৰে।

ক’লা তিল

ক’লা তিল শনি দেৱৰ লগত জড়িত বুলি বিশ্বাস কৰা হয়। সোমবাৰে ক’লা তিল খাব নালাগে। এই দিনটোত ক’লা তিল খালে মন গধুৰ হৈ পৰিব পাৰে, যিটো ভগৱান শিৱ পূজাৰ বাবে উপযুক্ত বুলি গণ্য কৰা নহয়।

নহৰু আৰু পিঁয়াজ

নহৰু আৰু পিয়াজক তামসিক খাদ্য বুলি গণ্য কৰা হয়। নহৰু আৰু পিঁয়াজে মন উত্তেজিত কৰে আৰু মানসিক অশান্তি বৃদ্ধি পায়। সোমবাৰে নহৰু আৰু পিয়াঁজ একেবাৰে পৰিহাৰ কৰিব লাগে। সেইবোৰ খালে ধ্যান আৰু একাগ্ৰতাত প্ৰভাৱ পৰে।

তিতা খাদ্য

চন্দ্ৰক কফ আৰু পিত্তৰ কাৰক বুলি ধৰা হয়। গতিকে অত্যধিক তিতা খাদ্য, যেনে নিম বা তিতা ফল সোমবাৰে সেৱন কৰিব নালাগে। এইবোৰে কফ আৰু পিত্ত বৃদ্ধি কৰে, যাৰ ফলত খিংখিঙীয়া আৰু নেতিবাচকতা বৃদ্ধি পায়।

মাংস আৰু মদ

সোমবাৰে মাংস আৰু মদ খোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়।এইবোৰে শৰীৰ আৰু মনক বিঘ্নিত কৰে, আৱেগিক অস্থিৰতা বৃদ্ধি কৰে, চন্দ্ৰৰ মংগল হ্ৰাস কৰে।

চন্দ্ৰৰ ওপৰত প্ৰভাৱ

সোমবাৰে এই খাদ্যসমূহ খালে ৰাশিত চন্দ্ৰ দুৰ্বল হৈ পৰে। মন আৰু আৱেগৰ ওপৰত এই প্ৰভাৱ অনুভৱ কৰা হয়। তামসিক খাদ্যই অস্থিৰতা, খং আৰু মানসিক চাপ বৃদ্ধি কৰে। আনহাতে, সাত্বিক খাদ্য যেনে ফল-মূল, গাখীৰ, লঘু আহাৰ গ্ৰহণ কৰিলে মন শান্ত হয় আৰু চিন্তা-চৰ্চা শুদ্ধ হয়।

লগতে পঢ়ক: নৱেম্বৰ মাহত ৫টা ডাঙৰ সংযোগ, এইবোৰ ৰাশিয়ে পাব অত্যন্ত শুভ ফল!