শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হ’ব সৰ্বনাশ, আহিব দৰিদ্ৰতা! ঘৰৰ মুখ্য দুৱাৰত নাৰাখিব এই ৫টা বস্তু, জানক সকলো….

Main Door Vastu: হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰক বিশেষ গুৰুত্ব দিয়া হৈছে। কোৱা হয়, বাস্তু মানি চলিলে এখন ঘৰৰ সুখ-শান্তি তথা সমৃদ্ধি হয়। কিন্তু যেতিয়া বাস্তু দোষ হয় তেতিয়া বিভিন্ন সমস্যাই দেখা দিয়ে। গতিকে ঘৰৰ মুখ্য দুৱাৰৰ লগত জড়িত বাস্তু দোষতো গুৰুত্ব দিব লাগে।

হ’ব সৰ্বনাশ, আহিব দৰিদ্ৰতা! ঘৰৰ মুখ্য দুৱাৰত নাৰাখিব এই ৫টা বস্তু, জানক সকলো….
মুখ্য দুৱাৰImage Credit source: Freepik
barasha-sarma
Barasha Sarma | Published: 17 Dec 2025 18:21 PM

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ মহত্ব অধিক। বাস্তু শাস্ত্ৰত ঘৰৰ মুখ্য দুৱাৰক অতি গুৰুত্ব দিয়া হয়। মুখ্য দুৱাৰে এখন ঘৰৰ সমৃদ্ধিৰ বাট মুকলি কৰে বুলি কয়। বাস্তু মতে, মুখ্য দুৱাৰৰ দ্বাৰাই সমৃদ্ধি, ধন-সম্পত্তিৰ প্ৰৱেশ ঘটে। ই মানুহৰ ভাগ্য নিৰ্ধাৰণ কৰে। গতিকে মুখ্য দুৱাৰৰ কিছুমান দিশৰ ওপৰত গুৰুত্ব দিয়া অতি প্ৰয়োজন। অন্যথা সমস্যা আহিব পাৰে।

বাস্তু শাস্ত্ৰত উল্লেখ আছে যে, মুখ্য দুৱাৰত কিছুমান বস্তু ৰাখিব নালাগে। অন্যথা জীৱনলৈ সমস্যা অহা নিশ্চিত। মূল দুৱাৰৰ লগত জড়িত কিছুমান ভুলে ঘৰলৈ দৰিদ্ৰতা, দুখ-কষ্ট আৰু নেতিবাচক শক্তি আনিব পাৰে। গতিকে মূল দুৱাৰৰ লগত জড়িত এই ৫টা ভুলৰ পৰা আঁতৰি থাকিব লাগে।

কি কি কৰিব নালাগে

আৱৰ্জনঃ বাস্তু শাস্ত্ৰ মতে, মুখ্য দুৱাৰৰ ওচৰত আৱৰ্জনা ৰাখিব নালাগে। ই ঘৰত নেতিবাচক শক্তি কঢ়িয়াই আনে আৰু খৰচ বৃদ্ধি কৰে। এনে অৱস্থাত ঘৰত আৰ্থিক সমস্যা হয়। বাস্তু মতে, মুখ্য দুৱাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। লেতেৰা হৈ থাকিলে কেতিয়াও সুখ-শান্তি, সমৃদ্ধি নাহে।

দেৱালত দাগঃ ঘৰৰ মুখ্য দুৱাৰত কেতিয়াও ফাটি যোৱা তোৰণ, পুৰণি পোষ্টাৰ, ভঙা নাম প্লেট, লেতেৰা দাগ আদি থাকিব দিব নালাগে। ই নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি কৰে। মুখ্য দুৱাৰৰ দেৱাল সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। লগতে শুভ প্ৰতীক দিব লাগে।

জোতা-চেণ্ডেলঃ মুখ্য দুৱাৰেদি মা লক্ষ্মী প্ৰৱেশ কৰে বুলি কয়। গতিকে মুখ্য দুৱাৰৰ সন্মুখত কেতিয়াও জোতা-চেণ্ডেল ৰাখিব নালাগে। মুখ্য দুৱাৰ সদায় মুকলি কৰি ৰাখিব লাগে যাতে ইতিবাচক শক্তি প্ৰৱেশ কৰিব পাৰে। ধনাত্মক শক্তিৰ প্ৰবাহ বন্ধ হৈ পৰে তেন্তে ইয়াৰ প্ৰভাৱ আয় আৰু প্ৰগতিৰ ওপৰত পৰে।

আন্ধাৰঃ মুখ্য দুৱাৰৰ চাৰিওফাল কেতিয়াও আন্ধাৰ কৰি ৰাখিব নালাগে। এয়া অশুভ। ই ঋণাত্মক শক্তিক আকৰ্ষণ কৰে। মুখ্য দুৱাৰ দীৰ্ঘদিন আন্ধাৰ হৈ থাকিলে আৰ্থিক সমস্যা হয়। গতিকে সদায় পোহৰাই ৰাখিব লাগে।

ভঙাঃ মুখ্য দুৱাৰ হৈছে শক্তি, ধন আৰু সুযোগৰ প্ৰধান উৎস। গতিকে মুখ্য দুৱাৰখন কেতিয়াও ভাঙি যোৱা অৱস্থাত ৰাখিব নালাগে। যদি মুখ্য দুৱাৰ মামৰে ধৰে, ভাঙি যায় বা বেয়া মাত ওলাই তেন্তে ই ইতিবাচক শক্তিক প্ৰভাৱিত কৰে। এনে দুৱাৰ অশুভ বুলি গণ্য কৰা হয়।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ ধন, স্বাস্থ্য, চাকৰি! ২০২৬ চনত ‘অংগৰক যোগ’এ সমস্যা আনিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ…