শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Magh Purnima 2025: মাঘী পূৰ্ণিমাৰ দিনা কি কৰিব আৰু কি নকৰিব? সঠিক নিয়ম জানক…

Magh Purnima : হিন্দু ধৰ্মত মাঘী পূৰ্ণিমাক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। এই দিনটোত স্নান কৰা আৰু দান দিয়াৰ পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে। মাঘী পূৰ্ণিমাৰ দিনা বিষ্ণু, মা লক্ষ্মী আৰু ভগৱান শিৱক পূজা কৰা হয়। এই দিনটোত ব্ৰত পালন কৰা হয়। বিভিন্ন ঠাইত হোম-যজ্ঞ অনুষ্ঠিত কৰা হয়।

Magh Purnima 2025: মাঘী পূৰ্ণিমাৰ দিনা কি কৰিব আৰু কি নকৰিব? সঠিক নিয়ম জানক…
মাঘী পূৰ্ণিমা
Trishna Kalita
Trishna Kalita | Updated On: 11 Feb 2025 18:12 PM

হিন্দু ধৰ্মত পূৰ্ণিমাৰ তিথিক অতি শুভ বুলি গণ্য কৰা হয়। এবছৰত ১২টা পূৰ্ণিমাৰ তিথি থাকে। মাঘ মাহত হোৱা পূৰ্ণিমাক মাঘী পূৰ্ণিমা বোলা হয়। মাঘ মাহত হোৱা পূৰ্ণিমাৰ দিনটো অতিকৈ বিশেষ। হিন্দু ধৰ্মত মাঘী পূৰ্ণিমাৰ বিশেষ গুৰুত্ব আছে। এই দিনটোত বিভিন্ন ঠাইত হোম-যজ্ঞ অনুষ্ঠিত কৰা হয়।  লগতে গংগাকে ধৰি পবিত্ৰ নদীত স্নান আৰু দান কৰা হয়। এই দিনটোত স্নান-দান কৰিলে গুণগত ফল পোৱা যায় বুলি বিশ্বাস আছে।

বিশ্বাস কৰা হয় যে মাঘী পূৰ্ণিমাৰ দিনা গংগাত স্নান কৰিবলৈ দেৱ-দেৱী পৃথিৱীলৈ নামি আহে। মাঘী পূৰ্ণিমাৰ দিনা চন্দ্ৰক সম্পূৰ্ণ আকাৰত দেখা যায়। এই দিনটোত জগতৰ সৃষ্টিকৰ্তা বিষ্ণু, মা লক্ষ্মী আৰু ভগৱান শিৱক পূজা কৰা হয়। মাঘী পূৰ্ণিমাৰ দিনটোৰ কিছুমান নীতি-নিয়ম হিন্দু ধৰ্মগ্ৰন্থতো উল্লেখ আছে। নিয়মাৱলী পালন নকৰিলে স্নান, দান, ব্ৰত আৰু পূজাৰ ফল পোৱা নাযায়। এনে পৰিস্থিতিত মাঘী পূৰ্ণিমাৰ দিনা কি কৰিব আৰু কি নকৰিব জানো আহক।

মাঘী পূৰ্ণিমা কেতিয়া?

হিন্দু পঞ্জিকা অনুসৰি ২০২৫ চনৰ ১১ ফেব্ৰুৱাৰী মঙলবাৰে সন্ধিয়া ৬:৫৫ বজাৰ পৰা মাঘী মাহৰ পূৰ্ণিমাৰ তিথি আৰম্ভ হ’ব। ১২ ফেব্ৰুৱাৰী বুধবাৰে সন্ধিয়া ৭.২২ বজাত এই তিথিৰ অন্ত পৰিব। উদয়া তিথিৰ মতে এইবাৰ ১২ ফেব্ৰুৱাৰীত মাঘী পূৰ্ণিমাৰ ব্ৰত ৰখা হ’ব আৰু এই দিনটোত স্নান-দান কৰা হ’ব।

মাঘী পূৰ্ণিমাৰ দিনা কি কৰিব?

  • মাঘী পূৰ্ণিমাৰ দিনা ব্ৰহ্ম মুহুৰ্তত স্নান কৰক।
  • তাৰ পিছত ভগৱান সূৰ্য্যক পানী আগবঢ়াওক।
  • এই দিনটোত ভগৱান বিষ্ণু, মা লক্ষ্মী আৰু ভগৱান শিৱক পূজা কৰক। ইয়াৰ দ্বাৰা ঘৰলৈ সুখ-সমৃদ্ধি অহাৰ লগতে সকলো মনোকামনা পূৰণ হয়।
  • ব্ৰাহ্মণসকলৰ বাবে ভোজনৰ আয়োজন কৰক। ইয়াৰ পৰা পূণ্য প্ৰাপ্তি হয়।
  • এই দিনটোতো তিল দান কৰক। ইয়াৰ ফলত সুখ-সৌভাগ্য প্ৰাপ্তি হয়।

কি কি নকৰিব?

  • মাঘী পূৰ্ণিমাৰ দিনা দেৰিলৈ নুশুৱ। ইয়াৰ ফলত দুৰ্ভাগ্য প্ৰাপ্তি হয়।
  • মাঘী পূৰ্ণিমাৰ দিনা গছ-গছনি কাটিব নালাগে। এনে কৰিলে দেৱ-দেৱীৰ খং উঠে।
  • এই দিনটোত মাংস আৰু সুৰা সেৱন নকৰিব।
  • এই দিনটোত খং আৰু বিবাদ পৰিহাৰ কৰক। ইয়াৰ ফলত অশুভ ফল প্ৰাপ্তি হয়। এই দিনটোত জীৱ-জন্তুৰ ক্ষতি নকৰিব।

 

(স্পষ্টীকৰণ: এই তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। TV9 অসমে এই কথাৰ নিশ্চিতি প্ৰদান কৰা নাই।)