লক্ষ্মী-নাৰায়ণ ৰাজযোগঃ কপাল ফুলিব এইসমূহ ৰাশিৰ, আগন্তুক ১২ মাহলৈ থাকিব প্ৰভাৱ…
অহা ২১ আগষ্টত গঠন হ'ব লক্ষ্মী নাৰায়ণ ৰাজযোগ। এই সংযোগে কিছুমান ৰাশিৰ জীৱনলৈ ভাল ফল কঢ়িয়াই আনিব। আগন্তুক ১২ মাহলৈ থাকিব প্ৰভাৱ।

২০২৫ চনৰ ২১ আগষ্টত শুক্ৰ গ্ৰহৰ গোচৰৰ বিশেষ মহত্ব আছে। এই দিনটোত শুক্ৰই মিথুন ৰাশিৰ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। জ্যোতিষৰ মতে এই সময়ত শুভ লক্ষ্মী-নাৰায়ণ ৰাজ্যৰ সৃষ্টি হ’ব। এই যোগৰ প্ৰভাৱ কিছুমান ৰাশিৰ লোকৰ জীৱনত পৰিব। এই সময়চোৱাত এই ৰাশিৰ লোকৰ ধন বৃদ্ধি হোৱাৰ লগতে সুখ আৰু বৈবাহিক জীৱন উন্নত হ’ব। এই ৰাজযোগে আগন্তুক ১২ মাহৰ বাবে এই ৰাশিৰ ওপৰত প্ৰভাৱ পেলাই সুখ-সমৃদ্ধি কঢ়িয়াই আনিব।
২১ আগষ্টত শুক্ৰ গ্ৰহৰ লক্ষ্মী-নাৰায়ণ ৰাজ যোগৰ সৃষ্টি হ’ব। ইয়াৰ প্ৰভাৱ মেঘ, কৰ্কট, কন্যা, বৃশ্চিক আৰু মকৰ ৰাশি আদিত পৰিব। ইয়াৰ ফলত এই ৰাশিৰ লোকৰ আৰ্থিক উন্নতি হোৱাৰ সম্ভাৱনা আছে।
গুৰুত্ব
বিলাসীতা, প্ৰেম, সৌন্দৰ্য আৰু বস্তুগত আৰামৰ কাৰক শুক্ৰ গ্ৰহ বুলি গণ্য কৰা হয়। আনহাতে বুধ গ্ৰহক জ্ঞান আৰু বাক্যৰ অধিপতি বুলি কোৱা হয়। এই দুটা গ্ৰহ একেলগে আহিলে বৈদিক জ্যোতিষত ইয়াক লক্ষ্মী-নাৰায়ণ যোগ বুলি গণ্য কৰা হয়। এই যোগৰ প্ৰভাৱৰ বাবে ব্যক্তিৰ জীৱনত আৰ্থিক সুস্থিৰতা, পাৰিবাৰিক সুখ আৰু সফলতাৰ সম্ভাৱনা বাঢ়ি যায়।
কি কি ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব
মেষ ৰাশিঃ এই ৰাশিৰ লোকৰ সা-সম্পত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি ঘৰ-পৰিয়াল আৰু বাহনৰ সৈতে জড়িত সুখ লাভৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব আৰু বিবাহিত জীৱন সুখময় হ’ব।
কৰ্কট ৰাশিঃ এই ৰাশিৰ লোকৰ আত্মবিশ্বাস বাঢ়িব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ’ব। শিল্প, সংগীত বা সৃষ্টিশীল কামত নিয়োজিত লোকসকলে বিশেষ খবৰ লাভ কৰিব।
কন্যা ৰাশিঃ এই ৰাশিৰ লোকৰ হঠাতে আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। বন্ধু-বান্ধৱীৰ পৰা সমৰ্থন লাভ কৰিব। পাৰিবাৰিক পৰিৱেশ সুখৰ হ’ব। আপোনাৰ কোনো পুৰণি ইচ্ছা এটাও হয়তো পূৰণ হ’ব।
বৃশ্চিক ৰাশিঃ আধ্যাত্মিকভাৱে উপকাৰী হ’ব। ভ্ৰমণৰ সম্ভাৱনা আছে। সন্মান বৃদ্ধি পাব।
মকৰ ৰাশিঃ সফলতা লাভ কৰিব। বৈবাহিক জীৱনত ভাল হ’ব। কঠোৰ পৰিশ্ৰমে সুফল কঢ়িয়াই আনিব।
অন্য ৰাশিৰ ওপৰত প্ৰভাৱ
বৃষ ৰাশিঃ মানসিক শান্তি থাকিব, প্ৰেমত শুভ।
তুলা ৰাশিঃ কেৰিয়াৰত উন্নতি, সামাজিক সন্মান লাভ।
(এই লেখাটো ধৰ্মীয় বিশ্বাস তথা মান্যতাৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে TV9 Assam ৰ সম্পৰ্ক নাই)
অন্য খবৰ পঢ়কঃ গণেশ চতুৰ্থী কেতিয়া, জানক তাৰিখ, শুভ সময় আদি সকলো…