ফেব্ৰুৱাৰীত ধনেৰে জেপ ভৰি থাকিব এই ৪ ৰাশিৰ, লক্ষ্মী নাৰায়ণ ৰাজযোগে মুকলি কৰিব আৰ্থিক উন্নতিৰ পথ
৬ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ—প্ৰায় ৩০ দিন ধৰি চলিবলগীয়া এই শুভ যোগে ৪টা বিশেষ ৰাশিৰ জাতক-জাতিকাক আৰ্থিক আৰু মানসিকভাৱে শক্তিশালী কৰি তুলিব। এই সময়ছোৱাত দীৰ্ঘদিন ধৰি চলি থকা আৰ্থিক নাটনি দূৰ হোৱাৰ লগতে সৌভাগ্যৰ নতুন দুৱাৰ মুকলি হ’ব।
জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি, আগন্তুক ফেব্ৰুৱাৰী মাহটো বহুকেইটা ৰাশিৰ বাবে অত্যন্ত ভাগ্যশালী প্ৰমাণিত হ’বলৈ গৈ আছে। এই মাহত শনিদেৱৰ প্ৰিয় ৰাশি কুম্ভত সৃষ্টি হ’ব এক বিৰল আৰু অতি শুভ ‘লক্ষ্মী নাৰায়ণ ৰাজযোগ’। বৈদিক জ্যোতিষত বুধক জ্ঞান তথা বুদ্ধিৰ কাৰক আৰু শুক্ৰক সুখ-বিলাস তথা ঐশ্বৰ্যৰ কাৰক হিচাপে গণ্য কৰা হয়। যেতিয়া এই দুই শুভ গ্ৰহৰ মিলন ঘটে, তেতিয়াই সৃষ্টি হয় লক্ষ্মী নাৰায়ণ ৰাজযোগৰ, যাৰ প্ৰভাৱত জাতকৰ জীৱনলৈ অপাৰ সুখ আৰু সমৃদ্ধি নামি আহে।
পঞ্জিকা মতে, ৩ ফেব্ৰুৱাৰীত বুধ গ্ৰহৰ কুম্ভ ৰাশিত প্ৰৱেশৰ পাছত ৬ ফেব্ৰুৱাৰীত শুক্ৰয়ো একেটা ৰাশিতেই অৱস্থান কৰিব। ৬ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ—প্ৰায় ৩০ দিন ধৰি চলিবলগীয়া এই শুভ যোগে ৪টা বিশেষ ৰাশিৰ জাতক-জাতিকাক আৰ্থিক আৰু মানসিকভাৱে শক্তিশালী কৰি তুলিব। এই সময়ছোৱাত দীৰ্ঘদিন ধৰি চলি থকা আৰ্থিক নাটনি দূৰ হোৱাৰ লগতে সৌভাগ্যৰ নতুন দুৱাৰ মুকলি হ’ব।
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকসকলৰ বাবে উপাৰ্জনৰ নতুন নতুন পথ মুকলি হ’ব। যদিও খৰচ বৃদ্ধি পাব পাৰে, কিন্তু সেই অনুপাতে আয়ৰ পৰিমাণো হ’ব আশাতীত। ব্যৱসায়ীসকলৰ বাবে এই সময়ছোৱা সোণালী সুযোগৰ দৰে। আপোনাৰ মুনাফা বা লাভৰ পৰিমাণ আশাতকৈ বহুত বেছি হোৱাৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব আৰু প্ৰেমৰ সম্পৰ্কবোৰ অধিক দৃঢ় হ’ব।
বৃশ্চিক ৰাশি
৬ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈকে আৰ্থিক দিশত আপুনি অতি শক্তিশালী স্থিতি লাভ কৰিব। চাকৰিয়ালসকলৰ দৰমহা বৃদ্ধিৰ যোগ আছে। আনহাতে, ব্যৱসায়ীসকলৰ লাভ দুগুণ হোৱাৰ সম্ভাৱনা আছে। আপুনি নতুন ঘৰ, মাটি বা বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে, যি ভৱিষ্যতে আপোনাক লাভান্বিত কৰিব। আত্মবিশ্বাস বৃদ্ধিৰ ফলত দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা কামবোৰ সফল হ’ব।
মকৰ ৰাশি
আৰ্থিক দৃষ্টিকোণৰ পৰা মকৰ ৰাশিৰ লোকসকলৰ বাবে এই ৰাজযোগ অত্যন্ত শুভ। পূৰ্বতে কৰা কোনো বিনিয়োগৰ পৰা হঠাতে ডাঙৰ অংকৰ লাভ পাব পাৰে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ থাকিব আৰু পুৰণি ঋণৰ বোজা হ্ৰাস পাব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ’ব আৰু স্বাস্থ্যৰ উন্নতি ঘটিব।
কুম্ভ ৰাশি
যিহেতু কুম্ভ ৰাশিতেই এই ৰাজযোগৰ সৃষ্টি হৈছে, গতিকে ইয়াৰ সৰ্বাধিক প্ৰভাৱ এই ৰাশিৰ জাতকৰ ওপৰত পৰিব। শনি আৰু ৰাহুৰ প্ৰভাৱৰ মাজতো এই ৰাজযোগ আপোনাৰ বাবে এক আশীৰ্বাদৰ দৰে হ’ব। হঠাতে বা কোনো গোপন সূত্ৰৰ পৰা ধন লাভৰ যোগ আছে। পূৰ্বপুৰুষৰ সম্পত্তি লাভৰ প্ৰবল সম্ভাৱনা আছে। যি লক্ষ্যৰ বাবে আপুনি বহু দিনৰ পৰা কঠিন পৰিশ্ৰম কৰি আছিল, সেই লক্ষ্য এতিয়া পূৰণ হ’ব।