নানা ৰহস্য তথা পৌৰাণিক কাহিনীৰে ভৰপূৰ মহামায়া ধামৰ বিষয়ে জানো আহক
ভাৰতবৰ্ষত থকা মঠ-মন্দিৰৰ আছে বহু ৰহস্যময় ইতিহাস । ভাৰতত এনে কিছুমান মন্দিৰ আছে, যিবোৰে মন্দিৰৰ লগত জড়িত কাহিনী আৰু বহুতো ৰহস্য প্ৰকাশ কৰে। গতিকে আজি জানো আহক অসমৰ এনে ৰহস্যময় মন্দিৰৰ বগৰীবাৰীৰ মহামায়া ধামৰ বিষয়ে...

অসমত অসংখ্য মন্দিৰ আৰু স্মৃতিস্তম্ভ আছে, য’ত বহু পৌৰাণিক কাহিনীৰ উমান পোৱা যায়। এই স্থানসমূহত এনে কিছুমান ঘটনা ঘটিছে, যিবোৰ বাস্তৱ জীৱনত অসম্ভৱ যেন লাগে ৷ বহু মন্দিৰত বহু ধৰণৰ ৰহস্য আছে যাক আজিলৈকে কোনেও বিচাৰি উলিয়াব পৰা নাই । আজি তেনে এক পবিত্ৰ মন্দিৰৰ বিষয়ে জানো আহক।
মহামায়া ধাম অসমৰ ধুবুৰী জিলাৰ বগৰীবাৰীত অৱস্থিত এক প্ৰাচীন মন্দিৰ। এই মন্দিৰ ধুবুৰী চহৰৰ পৰা ৩০ কিঃমিঃ পূবত আৰু বিলাসীপাৰাৰ পৰা ১০ কিঃমিঃ পশ্চিমত অৱস্থিত। মহামায়া ধাম হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উপাসনাস্থলী। ইয়ালৈ দৈনন্দিন পূজা-অৰ্চনাৰ বাবে বহু ভক্তৰ সমাগম হয়। মন্দিৰৰ স্থাপত্য আৰু চৌপাশৰ সেউজীয়া পৰিৱেশে পৰ্যটকক আকৰ্ষণ কৰে।
মহামায়া দেৱীলৈ সমৰ্পিত দেই মন্দিৰ উল্লেখযোগ্য শক্তি পীঠ হিচাপে গণ্য কৰা হয়। মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালী, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ। মহামায়া ধাম নামনি অসমৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান তথা পৰ্যটনস্থলী। প্ৰতি বছৰে অনুষ্ঠিত মেলা সমূহতো বহু লোকৰ ভিৰ দেখা যায়।
মহামায়া ধাম কোনে কেতিয়া নিৰ্মাণ কৰাইছিল তাৰ কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায়। বিশ্বাস কৰা হয় যে বিখ্যাত দেৱী মহামায়াক পৰম্পৰাগতভাৱে পৰ্বতযোৰাৰ কছাৰী, কোচ আৰু নাথ আদি স্থানীয় লোকসকলে আৰাধনা কৰিছিল। ইয়াৰ লগতে মহামায়া পৰ্বতযোৰাৰ জমিদাৰৰ মুখ্য উপাস্য দেৱী আছিল। জনশ্ৰুতিমতে প্ৰায় ৫০০ বছৰ আগতে বৰ্তমান বাংলাদেশৰ মৈমনসিঙৰ যদু চৌধুৰী নামৰ এগৰাকী বণিকে টিপকাই নদীৰ ঘাটত মা মহালয়াৰ দৰ্শন লাভ কৰিছিল। তেখেতক মহামায়ায়ে দেখুওৱা সপোনৰ মৰ্মে বগৰীবাৰী, ৰূপ্সী আৰু ধুবুৰীৰ জমিনদাৰে এই মন্দিৰ স্থাপন কৰিছিল। তেতিয়াৰ পৰা বংশানুক্ৰমিক পৰম্পৰা অনুসৰি নলবাৰীৰ ওচৰৰ সোণকুৰীয়া গাঁৱৰ পুৰোহিত সকলে ইয়াত পূজা-অৰ্চনা কৰি আহিছে।
মহামায়া মন্দিৰ নীলাচল স্থাপত্যশৈলীৰে নিৰ্মিত। তদুপৰি ইয়াত বংগীয় শৈলীৰো কিছু নিদৰ্শন দেখা যায়। মন্দিৰটো এটা টিলাৰ ওপৰত নিৰ্মিত। মন্দিৰলৈ উঠি যোৱা খটখটিৰ আৰম্ভণিতে সিংহদ্বাৰ অৱস্থিত। গৰ্ভগৃহত মা মহামায়াৰ প্ৰায় ২ ফুট ৫ ইঞ্চি উচ্চতাৰ আৱক্ষ মূৰ্তি আছে। ইয়াৰ লগতে ইয়াত হনুমান আৰু কালী দেৱীৰ বিশাল মূৰ্তি আছে। মহামায়া ধামৰ গাতে এখন শিৱ থান আছে আৰু ইয়াৰ কাষৰে গুহা এটিত বাঘৰ আশ্ৰয়স্থল আছে। ইয়াক বাঘ ভাণ্ডাৰ বোলে।
মহামায়া ধামৰ আন এক পূজাৰ স্থান হৈছে মহালয়া স্নানঘাট। এই স্নানঘাট মূল মন্দিৰৰ পৰা কিছু কিলোমিটাৰ নিলগত টিপকাই নদীৰ পাৰত অৱস্থিত। লোকবিশ্বাস হিচাপে এই স্থানত দেৱী মহামায়ে দৈনিক স্নান কৰিছিল।
মহামায়া ধামত প্ৰতি বছৰে উলহ-মালহকৈ দুৰ্গা পূজা অনুষ্ঠিত হয়। প্ৰায় ৪০০ বছৰ পুৰণি পৰম্পৰা অনুসৰি ইয়াত বলি প্ৰথা প্ৰচলিত। বিশেষকৈ দুৰ্গা পূজাত পশু-পক্ষী যেনে ম’হ, ছাগলী, হাঁহ-পাৰ আদিৰ বলি দিয়া হয়। বৰবলিৰ প্ৰথম ভোগ বাঘ ভাণ্ডাৰত বাঘৰ উদ্দেশ্যে আগবঢ়োৱা হয়। পূজাৰ সমান্তৰালকৈ ইয়াত এখন মেলা অনুষ্ঠিত হয়। জানুৱাৰী মাহত ইয়াত এখন শক্তি যজ্ঞ অনুষ্ঠিত হয়। প্ৰতি বছৰে চ’ত মাহৰ সংক্ৰান্তিৰ দিনা মহামায়া মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। তাৰপিছত ইয়াত ব’হাগ মাহত সাত বিষমা মেলা বহে। (তথ্য- ৱিকিপিডিয়া)