শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুকলি হ’ল কেদাৰনাথৰ দুৱাৰ, মূল দ্বাৰত জিলিকি ৰৈছে অসমীয়া সংস্কৃতিৰ চহকী সম্পদ জাপি

এইবাৰ কেদাৰনাথ মন্দিৰৰ দুৱাৰত জিলিকিছে অসমৰ জাপি । অসমীয়া সংস্কৃতিৰ অন্যতম চিনাকী জাপিৰে সজোৱা হৈছে মন্দিৰৰ সমুখভাগ । এই সংযোজনে মন্দিৰ চৌহদৰ শোভা বৃদ্ধি কৰাই নহয়, অসমৰ চহকী শিল্প পৰম্পৰাই ভাৰতৰত বহল ক্ষেত্ৰত নিজৰ একক চিনাকী বহন কৰিবলৈ সক্ষম হৈছে ।

মুকলি হ’ল কেদাৰনাথৰ দুৱাৰ, মূল দ্বাৰত জিলিকি ৰৈছে অসমীয়া সংস্কৃতিৰ চহকী সম্পদ জাপি
কেদাৰনাথ ধামImage Credit source: X handle
raj-saikia
Raj Saikia | Published: 02 May 2025 10:29 AM

উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰাৰ অংশ হিচাপে আজি ২ মে’, ২০২৫ তাৰিখ শুকুৰবাৰে ৰুদ্ৰপ্ৰয়াগৰ কেদাৰনাথ ধামৰ দুৱাৰ ভক্তসকলৰ বাবে মুকলি কৰা হৈছে । ব’হাগ মাহ, মিথুন ৰাশি, বৃষ লগ্নত আজি পুৱা ৭ বজাত সম্পূৰ্ণ ৰীতি-নীতিৰে বাবা কেদাৰনাথৰ দুৱাৰ মুকলি কৰা হয় । দুৱাৰ মুকলি উপলক্ষে কেদাৰনাথ ধামত ১৫ হাজাৰৰো অধিক ভক্ত উপস্থিত হৈছে । কেদাৰনাথ ধামৰ দুৱাৰ মুকলি উপলক্ষে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও উপস্থিত থাকে । দুৱাৰ খোলাৰ সময়ত কেদাৰনাথ ধামত উপস্থিত ১৫ হাজাৰ ভক্তই বাবা কেদাৰৰ মন্ত্ৰোচ্চাৰণেৰে উপত্যকাটো প্ৰতিধ্বনিত কৰি তোলে ।

এই উপলক্ষে কেদাৰনাথ মন্দিৰ ১০৮ কুইণ্টল ফুলেৰে সজাই তোলা হৈছে । বৃহস্পতিবাৰে উখীমাঠৰ ওমকাৰেশ্বৰ মন্দিৰৰ পৰা বাবাৰ পালকী কেদাৰনাথ অভিমুখে ৰাওনা হোৱাৰ লগে লগে হাজাৰ হাজাৰ ভক্তই পালকীৰ সৈতে খোজ কাঢ়ি কেদাৰনাথ পায়গৈ ।

এইবাৰ কেদাৰনাথ মন্দিৰৰ দুৱাৰত জিলিকিছে অসমৰ জাপি । অসমীয়া সংস্কৃতিৰ অন্যতম চিনাকী জাপিৰে সজোৱা হৈছে মন্দিৰৰ সমুখভাগ । এই সংযোজনে মন্দিৰ চৌহদৰ শোভা বৃদ্ধি কৰাই নহয়, অসমৰ চহকী শিল্প পৰম্পৰাই ভাৰতৰত বহল ক্ষেত্ৰত নিজৰ একক চিনাকী বহন কৰিবলৈ সক্ষম হৈছে । অসমীয়া পৰিচয়ৰ প্ৰতীক হিচাপে বহুলভাৱে সমাদৃত জাপিক কেদাৰনাথৰ দ্বাৰত স্থান দিয়াত ভক্ত আৰু সাংস্কৃতিক অনুৰাগীসকলৰ ব্যাপক প্ৰশংসা লাভ কৰিছে ।

কেদাৰনাথ ধামৰ দুৱাৰ মুকলি হোৱাত আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ধামীয়ে । মুখ্যমন্ত্ৰী ধামীয়ে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ হৈ বাবা কেদাৰনাথৰ প্ৰথম পূজা সম্পন্ন কৰে । তেওঁ কয়, “বাবা কেদাৰনাথৰ দুৱাৰ খোল খাইছে । আমাৰ সকলো দেশবাসীৰ যাত্ৰাৰ বাবে আমি শুভকামনা জনাইছো ।”

মুখ্যমন্ত্ৰী ধামীয়ে আৰু কয়, “কেদাৰনাথলৈ যাত্ৰা কৰাতো কঠিন । যাতায়ত সহজ কৰি তোলাৰ বাবে আমি বহু প্ৰয়াস কৰিছো । আমি বাবালৈ প্ৰাৰ্থনা কৰোঁ যে আমি যি ব্যৱস্থা কৰিছো, তাৰ দ্বাৰা মানুহৰ যাত্ৰা যাতে সহজ হৈ উঠে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাবা কেদাৰনাথৰ এগৰাকী ভক্ত। তেওঁৰ এই প্ৰচেষ্টাৰ বাবেই ২০১৩ চনৰ দুৰ্যোগৰ পিছত পুনৰ নিৰ্মাণৰ কাম কৰিব পৰা গ’ল ।”

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ল’বলগীয়া ব্যৱস্থা সম্পৰ্কে মুখ্যমন্ত্ৰী ধামীক সোধাত তেওঁ কয়, “আমাৰ দেশৰ সেনাই নিশ্চিতভাৱে আমাৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব ।”

যোৱা ৩০ এপ্ৰিলত যমুনোত্ৰী আৰু গংগোত্ৰী মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় । এতিয়া ৪ মে’ত বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি হ’ব । যেতিয়া বদ্ৰীনাথ ধামৰ দুৱাৰ খোল খাব, তেতিয়া চাৰধাম যাত্ৰা সম্পূৰ্ণৰূপে আৰম্ভ হ’ব । আপোনালোকক জনাওঁ যে উত্তৰাখণ্ডৰ এই চাৰধাম যাত্ৰা আগন্তুক ৬ মাহলৈ চলি থাকিব । অক্টোবৰ-নৱেম্বৰ মাহত চাৰধাম যাত্ৰা সম্পূৰ্ণ হয় । ইয়াৰ পিছত এই পবিত্ৰ স্থানসমূহৰ দুৱাৰ ৬ মাহলৈকে বন্ধ হৈ থাকে ।