Kali Puja 2025: কালী পূজাত ভুলতো নকৰিব এনে কাম, অন্যথা মা কালিৰ ক্ৰোধে দূৰ কৰিব পাৰে জীৱনৰ সুখ
কিন্তু কালী পূজাৰ দিনটোত কৰা যিকোনো ভুল আচৰণ বা অশুদ্ধ কৰ্মই জীৱনত বিপৰীত প্ৰভাৱ পেলাব পাৰে। প্ৰাচীন কালৰে পৰা এই কথা বিশ্বাস কৰি আহিছে। সেয়ে কালী পূজাৰ দিনা কোনো ভুল কাম কৰাৰ পৰা বিৰত থকা উচিত।

পোহৰৰ উৎসৱ দেৱালীৰ সমান্তৰালকৈ কাইলৈ উদযাপন কৰা হ’ব কালী পূজা। দেৱী কালীয়ে সমাজৰ অশুভ শক্তি ধ্বংস কৰি শান্তি কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। কিন্তু কালী পূজাৰ দিনটোত কৰা যিকোনো ভুল আচৰণ বা অশুদ্ধ কৰ্মই জীৱনত বিপৰীত প্ৰভাৱ পেলাব পাৰে। প্ৰাচীন কালৰে পৰা এই কথা বিশ্বাস কৰি আহিছে। কালী পূজা কেৱল ভক্তিৰ পৰীক্ষা নহয়, পবিত্ৰতাৰ পৰীক্ষাও। সেয়ে কালী পূজাৰ দিনা কোনো ভুল কাম কৰাৰ পৰা বিৰত থকা উচিত। তেতিয়া দেৱীৰ পূজাত কোনো দোষ নাথাকিব আৰু ভাল ফলো পোৱা যাব।
কালি পূজাৰ দিনত কোনবোৰ কাম অশুভ-
খং, কাজিয়া বা গালি-গালাজ
কালী পূজাৰ দিনা খং, কাজিয়া বা কোনো লোকক গালি পৰাটো অতি অশুভ বুলি গণ্য কৰা হয়। এই দিনটোত কোৱা নেতিবাচক কথা ব্যক্তিৰ জীৱনলৈ বহুবাৰ ঘূৰি আহে বুলি বিশ্বাস কৰা হয়।
মদ্যপান
তান্ত্ৰিক উপাসনাত কিছু ৰীতি-নীতি থাকিলেও সাধাৰণ লোকৰ বাবে কালী পূজাৰ দিনটোত মদ্যপান সম্পূৰ্ণ অশুভ আৰু অশুদ্ধ বুলি গণ্য কৰা হয়।
অশুদ্ধি
পূজাৰ দিনত শৰীৰ আৰু মন দুয়োটাকে নিৰ্মল কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয়। অপৰিষ্কাৰ অৱস্থাত কালী পূজাত অংশগ্ৰহণ কৰিলে শুভ ফলাফলত বাধা আহিব।
অপ্ৰয়োজনীয়ভাৱে জীৱ-জন্তু হত্যা
যদিও দেৱী কালী শক্তিৰ প্ৰতীক, তথাপি তেওঁ অহিংসা আৰু কৰুণাৰ দেৱী। গতিকে যিকোনো প্ৰাণীৰ প্ৰতি নিষ্ঠুৰতা বা আঘাত কৰাটো অশুভ।
ঘৰখন অন্ধকাৰত ৰখা
কালী পূজা মূলতঃ চাকি-বন্তি প্ৰজ্বলন কৰি আন্ধাৰ দূৰ কৰাৰ প্ৰতীক। সেয়ে ঘৰটো আন্ধাৰ কৰি ৰাখিলে আৰু চাকি-বন্তি প্ৰজ্বলন নকৰিলে ঋণাত্মক শক্তিক আকৰ্ষণ কৰে বুলি বিশ্বাস কৰা হয়।
অশুভ সময়ত পূজা কৰা
তন্ত্ৰৰ মতে ভুল সময়ত দেৱী কালীৰ পূজা আৰম্ভ কৰিলে অশুভ প্ৰভাৱ পৰিব পাৰে। গতিকে যথা সময়ত পূজা কৰাই ভাল।
অহং বোধেৰে পূজা কৰা
মা কালীয়ে অহংকাৰ নাশ কৰে। ব্যক্তিগত লাভ বা প্ৰতিশোধৰ বাবে দেৱীৰ পূজা কৰাটো শুভ নহয়। বৰঞ্চ নম্ৰতা আৰু নিজকে সম্পূৰ্ণ সমৰ্পণ কৰি দেৱীৰ পূজাৰ কৰক।
কুকৰ্ম পৰিহাৰ কৰি মন আৰু আত্মাক নিৰ্মল কৰি দেৱী কালীক পূজা কৰিলে আপোনাৰ জীৱনলৈ আশীৰ্বাদ, সফলতা আৰু শান্তিৰ আগমন ঘটিব। কালী পূজাৰ প্ৰকৃত অৰ্থ হ’ল আন্ধাৰৰ পৰা পোহৰলৈ যাত্ৰা। সেয়ে কালী পূজাৰ দিনা ভক্তিৰ প্ৰদীপেৰে হৃদয়ৰ অন্ধকাৰো জ্বলাই নাশ কৰিব লাগে।