আজি উৰুকাৰ দিনটো সুখকৰ নহ’ব কেইবাটাও ৰাশিৰ! মঙ্গলময় হ’বনে আপোনাৰ বাবে? চাওক ৰাশিফল…

আজি উৰুকাৰ দিনটো কিদৰে পাৰ হ’ব, সেই লৈ জ্যোতিষ বিশ্বাসীসকলৰ মনত কিছু প্ৰশ্ন নথকাকৈ নাই। জ্যোতিষীসকলে কৰা আগজাননী অনুসৰি আজি কেইটামান ৰাশিৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ দেখা গৈছে। গতিকে এতিয়াই চাওঁ আহক আজিৰ ৰাশিফল।

আজি উৰুকাৰ দিনটো সুখকৰ নহ’ব কেইবাটাও ৰাশিৰ! মঙ্গলময় হ’বনে আপোনাৰ বাবে? চাওক ৰাশিফল...

আজিৰ ৰাশিফল

Published: 

13 Jan 2026 | 05:56 AM

আজি ১৩ জানুৱাৰী, মঙলবাৰ। অসমীয়াই পালন কৰিব আজি হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। গতিকে এই আনন্দময় দিনটো আজি সুখকৰ হোৱাটো নিশ্চিতভাৱে সকলোৱে কামনা কৰিছে। তাতে জ্যোতিষত মঙলবাৰ দিনটোৰ বিশেষ মহত্ব আছে। এনে কাৰণত আজি উৰুকাৰ দিনটো কিদৰে পাৰ হ’ব, সেই লৈ জ্যোতিষ বিশ্বাসীসকলৰ মনত কিছু প্ৰশ্ন নথকাকৈ নাই। জ্যোতিষীসকলে কৰা আগজাননী অনুসৰি আজি কেইটামান ৰাশিৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ দেখা গৈছে। গতিকে এতিয়াই চাওঁ আহক আজিৰ ৰাশিফল-

মেষ ৰাশিৰ ৰাশিফল

আজিৰ দিনটো অংশীদাৰী কামৰ বাবে ভাল। দায়িত্ব সময়মতে পালন কৰিব। কাৰোবাৰ লগত তৰ্ক হ’ব পাৰে। মনৰ আশা পূৰণ হ’ব। আইনী কামত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক।

বৃষ ৰাশিৰ ৰাশিফল

আজি খৰচ বৃদ্ধি পাব পাৰে। অহিত চিন্তকৰ পৰা সাৱধানে থাকক। যুক্তি-তৰ্কৰ পৰা আঁতৰত থাকক। নতুন সম্পত্তি ক্ৰয়ৰ পৰিকল্পনা সফল হ’ব পাৰে। ধৈৰ্য ধৰিলে ভাতৃ-ভগ্নীৰ সহায় পাব।

মিথুন ৰাশিৰ ৰাশিফল

সামাজিক মৰ্যাদা বৃদ্ধি পাব। সন্তানৰ পৰা সুখ পাব যদিও পিতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব পাৰে। ভ্ৰমণৰ সময়ত অচিনাকি ব্যক্তিক অন্ধভাৱে বিশ্বাস নকৰিব। যিকোনো কামত আজি সফলতাৰ যোগ আছে।

কৰ্কট ৰাশিৰ ৰাশিফল

দিনটো আপোনাৰ বাবে অনুকূল। কৰ্মসূত্ৰে ভ্ৰমণ হ’ব পাৰে। ঘৰলৈ নতুন বস্তু কিনিব পাৰে। সন্তানৰ পৰীক্ষাৰ ফলাফল ভাল হ’ব। চাকৰিৰ ক্ষেত্ৰত নিজৰ কামত মনোনিবেশ কৰক, অনাহক কাজিয়াত লিপ্ত নহ’ব।

সিংহ ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত আজিৰ দিনটো অতি শুভ। উপাৰ্জন বৃদ্ধিৰ সুযোগ পাব। ব্যৱসায়ৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। বন্ধুৰ সৈতে আনন্দ কৰিব। অবিবাহিতসকলৰ বাবে প্ৰেমৰ সুযোগ আহিব পাৰে।

কন্যা ৰাশিৰ ৰাশিফল

আজি আপোনাৰ শক্তি আৰু উৎসাহ বাঢ়িব। আৰ্থিক লেনদেনত সাৱধান হওক। নিজৰ বুদ্ধিৰে সকলোকে আচৰিত কৰিব পাৰিব। নতুন বাহন ক্ৰয়ৰ যোগ আছে। সন্তানৰ ফালৰ পৰা ভাল খবৰ পাব।

তুলা ৰাশিৰ ৰাশিফল

আবেগিক হৈ কোনো সিদ্ধান্ত নল’ব। বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰক। জীৱনসংগীৰ সৈতে সময় ভালদৰে পাৰ হ’ব। স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হোৱাটো প্ৰয়োজন।

বৃশ্চিক ৰাশিৰ ৰাশিফল

কোনো বিপদসংকুল কামত হাত নিদিয়াই ভাল। ব্যৱসায়ত কাৰিকৰী সমস্যাৰ বাবে চিন্তা হ’ব পাৰে। আনৰ কথাত ভোল গৈ সিদ্ধান্ত নল’ব। ঘৰত বিয়া-বাৰুৰ শুভ যোগাযোগ হ’ব পাৰে।

ধনু ৰাশিৰ ৰাশিফল

আজি আপোনাৰ অলপ এলাহ লাগিব পাৰে, যাৰ বাবে কাম পিছুৱাই যাব। ভাগ্যৰ সহায় পাব। চাকৰিয়ালসকলৰ ওপৰত কামৰ চাপ বৃদ্ধি পাব পাৰে। ধৰ্মীয় কামত মন বহিব। কথা কওঁতে সাৱধান হওক।

মকৰ ৰাশিৰ ৰাশিফল

দিনটো লাভদায়ক হ’ব। দাম্পত্য জীৱনৰ সমস্যা আঁতৰিব। নতুন বন্ধুৰ আগমণ হ’ব পাৰে। পাবলৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। নিজৰ কথা-বতৰাত সংযম ৰাখক।

কুম্ভ ৰাশিৰ ৰাশিফল

দিনটো মিশ্ৰিত ফলদায়ক হ’ব। কৰ্মস্থানত সৰু-সুৰা মতানৈক্য হ’ব পাৰে, কিন্তু আপুনি নিজৰ শক্তিৰে পৰিস্থিতি চম্ভালিব পাৰিব। পৰিয়ালত মিলাপ্ৰীতি থাকিব। ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ কমিব।

মীন ৰাশিৰ ৰাশিফল

দিনটো সাধাৰণভাৱে পাৰ হ’ব। ভাবি-চিন্তি আগবাঢ়িলে সফল হ’ব। ৰাজনীতিৰ সৈতে জড়িত লোকসকলে উচ্চ পৰ্যায়ৰ নেতাক লগ পাব পাৰে। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ পাব পাৰে।

পিঁয়াজ আৰু নহৰু একেলগে খালে দেহত কি প্ৰভাৱ পৰে? জানক ইয়াৰ বিস্ময়কৰ উপকাৰিতা!
শৰীৰত ভিটামিন B12 ৰ অভাৱ হ'লে কি কি ইংগিত দিয়ে, জানক...
বৃক্কই ঠিকমতে কাম নকৰিলে দেখা দিয়া লক্ষণসমূহ কি কি, জানক...
পুৱা খালী পেটতে খাওক পাকঘৰৰ এইবিধ মছলাৰ পানীয়, আপোনাৰ সুস্বাস্থ্যই শত্ৰুকো কৰিব আকৰ্ষণ
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ