শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিহুৰ পিছতে সলনি হ’ব শনিৰ অৱস্থান, এই ৩ ৰাশিলৈ আগমন ঘটিব বিপুল লাভ-সুখৰ

বছৰটোৰ আৰম্ভণিতে শনিৰ এই নক্ষত্ৰ পৰিৱৰ্তনে বহু লোকৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব। বিশেষকৈ তিনিটা ৰাশিৰ জাতক-জাতিকাৰ বাবে শনিৰ এই অৱস্থান অত্যন্ত শুভ বিবেচিত হ’ব বুলি কোৱা হৈছে।

বিহুৰ পিছতে সলনি হ’ব শনিৰ অৱস্থান, এই ৩ ৰাশিলৈ আগমন ঘটিব বিপুল লাভ-সুখৰ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Published: 12 Jan 2026 11:17 AM

হেঁপাহৰ ভোগালী বিহুটিৰ আগমনে এতিয়া মন-প্ৰাণ পুলকিত কৰি ৰাখিছে প্ৰতিজন লোকৰ। ভোগৰ এই উৎসৱটিয়ে জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনিব বুলি সকলোৱে আশা কৰিছে। বহুলোকৰ বাবে এই আশা পূৰণৰ কাৰক হৈ পৰিব শনি গ্ৰহৰ অৱস্থান। জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি অহা ২০ জানুৱাৰীত শনি গ্ৰহে নিজৰ নক্ষত্ৰ উত্তৰাভদ্ৰপদত প্ৰৱেশ কৰিব। বছৰটোৰ আৰম্ভণিতে শনিৰ এই নক্ষত্ৰ পৰিৱৰ্তনে বহু লোকৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব।

বিশেষকৈ তিনিটা ৰাশিৰ জাতক-জাতিকাৰ বাবে শনিৰ এই অৱস্থান অত্যন্ত শুভ বিবেচিত হ’ব বুলি কোৱা হৈছে। এই বিশেষ অৱস্থানৰ ফলত এই ৰাশি তিনিটাৰ লোকসকলৰ আত্মবিশ্বাস বৃদ্ধি পোৱাৰ লগতে কেৰিয়াৰ, আৰ্থিক অৱস্থা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো অভূতপূৰ্ব উন্নতি দেখা যাব।

মিথুন ৰাশি

মিথুন ৰাশিৰ লোকসকলৰ বাবে শনিৰ এই নক্ষত্ৰ পৰিৱৰ্তন অতি শুভ। বেংক বেলেঞ্চ বৃদ্ধি পাব আৰু ব্যৱসায়ীসকলেও লাভ অৰ্জন কৰিব। পৈতৃক সম্পত্তিৰ পৰা লাভ হোৱাৰ সংকেত আছে। চাকৰিত পদোন্নতি বা নতুন দায়িত্ব লাভৰ যোগ আছে। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকে সুখবৰ পাব পাৰে। পিতৃৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ’ব।

কৰ্কট ৰাশি

এই নক্ষত্ৰ পৰিৱৰ্তনে কৰ্কট ৰাশিৰ লোকৰ ভাগ্য উদয় কৰিব। আৰ্থিক লাভৰ যোগ আছে। দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা কামবোৰ পুনৰ আৰম্ভ হ’ব। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব আৰু উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সপোন পূৰণ হ’ব পাৰে। বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে। সামাজিক মান-সন্মান বৃদ্ধি পাব।

মকৰ ৰাশি

মকৰ ৰাশিৰ লোকসকলৰ বাবেও এই সময়ছোৱা যথেষ্ট লাভজনক হ’ব। উপাৰ্জন বৃদ্ধি পাব আৰু আয়ৰ উৎস বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব। চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ নতুন পথ মুকলি হ’ব। বিদেশৰ সৈতে জড়িত কামৰ পৰা লাভান্বিত হ’ব আৰু ভাতৃ-ভগ্নীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব।