TV9 ASSAM
পুৱা চাহ বা কফি খোৱাৰ পৰিৱৰ্তে ডালচেনিৰ পানীয় এক উত্তম স্বাস্থ্যকৰ বিকল্প। ই দেহত অসাধাৰণ উপকাৰিতা প্ৰদান কৰে।
ই বিপাকীয় ক্ৰিয়া উন্নত কৰি দ্ৰুতগতিত কেলৰি বাৰ্ণ কৰাত সহায় কৰে আৰু বেছি সময়লৈ ভোক লগা ভাৱ কম কৰি ৰাখে।
ডালচেনিয়ে ব্লাড চুগাৰৰ মাত্ৰা সন্তুলিত কৰি ৰাখে, ডায়েবেটিছ ৰোগীৰ বাবে সেয়ে ই অতি উপকাৰী প্ৰমাণিত হয়।
খালী পেটত এই পানীয় খালে হজম শক্তি ভাল হয়। ফলত গেছ, এচিডিটি আৰু পেট ফুলাৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায়।
ইয়াত থকা এণ্টি-ইনফ্লেমেটৰী গুণে শৰীৰৰ বিষ আৰু প্ৰদাহ হ্ৰাস কৰে। লগতে ছালৰ জ্বলন-পোৰণৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি।
এডাল ডালচেনিৰ টুকুৰা ৩-৪ কাপ পানীত ১৫-২০ মিনিট ধৰি ভালদৰে উতলাওক। অলপ চেঁচা হ'লে চেকনিৰে চেকি কুহুমীয়া অৱস্থাত পান কৰক।
পঢ়িবলৈ ক্লিক কৰক
শীতকালত ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব এনে খাদ্যই