মা কালীৰ উপাসনা কৰিলে নাশ হয় শত্ৰু, কৰক এই উপায়
মা কালীক বহুত উদ্ৰ দেৱী বুলি কোৱা হয়। হিন্দু ধৰ্মত মা কালিৰ গুৰুত্বপূৰ্ণ স্থান আছে। শত্ৰুৰ ওপৰত জয়ৰ প্ৰতীক হিচাপে মা কালীক গণ্য কৰা হয়। মা কালীক লৈ আছে বহু কাহিনী।

মা কালীৰ উপাসনা কৰিলে নাশ হয় শত্ৰু
মা কালী শক্তি পন্থাৰ প্ৰধান দেৱী হিচাপে স্বীকৃতি লাভ কৰিছে। ১০ টা মহাবিদ্যাৰ ভিতৰত মা কালী অন্যতম। যিসকলে মা কালীক বিশ্বাস কৰে তেওঁলোক সাধক আৰু তান্ত্ৰিক দুয়োটা হয়।
মা কালীক পূজা কৰিলে ভয় আৰু ৰোগ নাশ হয় আৰু শত্ৰুৰ ওপৰত জয় লাভ হয় বুলি বিশ্বাস কৰা হয়। ৰাহু আৰু কেতুৰ শান্তিৰ বাবে মা কালী পূজা নিৰ্ধাৰিত। বিশ্বাস অনুসৰি মা কালীক সন্তুষ্ট কৰাৰ কিছু উপায় আছে। সেই উপায়বোৰ কি জানো আহক…
মা কালীক সন্তুষ্ট কৰাৰ কিছু উপায়
- জ্যোতিষীসকলে বিশ্বাস কৰে যে দেৱী কালীক সন্তুষ্ট কৰিবলৈ কালী মাৰ মন্দিৰলৈ গৈ তেওঁৰ বীজ মন্ত্ৰ তিনি বাৰ জপ কৰিলে ডাঙৰ ডাঙৰ বাধাবোৰো দূৰ হয়।
- বিশ্বাস অনুসৰি, নেমুৰ মালা আগবঢ়ালে দেৱীক সন্তুষ্ট হয়। এই নেমুক বলিৰ প্ৰতীক হিচাপে দেখা যায়।
- ধৰ্মীয় বিশ্বাস অনুসৰি দেৱী কালীক গুড় আগবঢ়োৱা হয়। দেৱী কালীক গুৰ আগবঢ়োৱাটোৱেও আপোনাৰ জীৱনৰ কঠিন পৰিস্থিতিৰ সমাধান কৰে।
- ঘিউৰ চাকি জ্বলাই দেৱীক লং আগবঢ়াই তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰি।
- মা কালীক সন্তুষ্ট কৰিবলৈ শুকুৰবাৰ বা শনিবাৰে তেওঁক পূজা কৰাটো শুভ বুলি গণ্য কৰা হয়।
- “ওম ক্ৰিং কালিকায়ৈ নমঃ” মন্ত্ৰ জপ কৰি মা কালীৰ আশীৰ্বাদ পোৱা যায়।
(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে নিশ্চিত নকৰে।)