শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: কিদৰে পাৰ হ’ব মাহৰ প্ৰথমটো শনিবাৰ? এইকেইটা ৰাশিৰ হ’ব পাৰে সমস্যা, চাওক আপোনাৰ ৰাশিফল

জ্যোতিষীসকলে জ্যোতিষ শাস্ত্ৰৰ আধাৰত আজিৰ দিনটোৰ ৰাশিফল প্ৰকাশ কৰিছে। ৰাশিফল অনুসৰি আজি দিনটো কিছুমান ৰাশিৰ বাবে শুভ বিবেচিত হৈছে যদিও কিছু ৰাশিৰ বাবে অশুভ দেখা গৈছে। চাওঁ আহক আজি দিনটোৰ ৰাশিফল।

Daily Horoscope: কিদৰে পাৰ হ’ব মাহৰ প্ৰথমটো শনিবাৰ? এইকেইটা ৰাশিৰ হ’ব পাৰে সমস্যা, চাওক আপোনাৰ ৰাশিফল
আজিৰ ৰাশিফলImage Credit source: Getty Images
Monjit Dutta
Monjit Dutta | Published: 06 Sep 2025 06:00 AM

আজি ৬ ছেপ্টেম্বৰ। চলিত মাহৰ আজি প্ৰথমটো শনিবাৰ। জ্যোতিষত সপ্তাহৰ এই দিনটোক বিশেষ মান্যতা দিয়া হয় বাবে জ্যোতিষ বিশ্বাসী লোকসকলেও শনিবাৰৰ দিনটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া দেখা যায়। জ্যোতিষীসকলে জ্যোতিষ শাস্ত্ৰৰ আধাৰত আজিৰ দিনটোৰ ৰাশিফল প্ৰকাশ কৰিছে। ৰাশিফল অনুসৰি আজি দিনটো কিছুমান ৰাশিৰ বাবে শুভ বিবেচিত হৈছে যদিও কিছু ৰাশিৰ বাবে অশুভ দেখা গৈছে। চাওঁ আহক আজি দিনটোৰ ৰাশিফল-

মেষ ৰাশিৰ ৰাশিফল

পৰিয়ালৰ সদস্যৰ সৈতে দীৰ্ঘ দূৰত্বৰ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। বন্ধু-বান্ধৱীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। কৰ্মক্ষেত্ৰত আন কাৰোবাৰ পৰা শুনা কথাত বিশ্বাস কৰিলে বিবাদৰ সন্মুখীন পাৰে আন কোনো লোকৰ সৈতে কথা পতাৰ সময়ত নিজৰ আচৰণৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব পৰিয়ালৰ কথাত ভালদৰে মনোযোগ দিব লাগিব।

বৃষ ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ কাৰোবাক ধন ধাৰে দিছিল যদি আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বহুদিনৰ মূৰত পুৰণি কোনো বন্ধুৰ সৈতে সাক্ষাৎ পাৰে পৰিয়ালৰ ভিতৰৰ কোনো কথা বাহিৰৰ লোকৰ আগত উল্লেখ কৰাৰ পৰা বিৰত থাকিব লাগিব অন্যথা পৰিয়ালত সমস্যাৰ সন্মুখীন পাৰে বিবাহিত জীৱনত চলি থকা সমস্যাৰ সমাধান হ’ব।

মিথুন ৰাশিৰ ৰাশিফল

কোনো শাৰীৰিক সমস্যা আছিল যদি আজি সেই সমস্যাৰ পৰা সকাহ লাভ কৰিব সংগীৰ সৈতে সম্পৰ্ক অধিক মধুময় হৈ উঠিব পুৰণি কোনো ভুলৰ পৰা শিক্ষা লাগিব। আন কাৰোবাৰ বাহন চলোৱাৰ পৰা বিৰত থকাই উচিত , অন্যথা বিপদৰ সন্মুখীন পাৰে অপ্ৰয়োজনীয় কোনো বিবাদত লিপ্ত হোৱাৰ পৰা আঁতৰি থাকক

কৰ্কট ৰাশিৰ ৰাশিফল

কৰ্মসংস্থাপনৰ বাবে চিন্তিত হৈ থকা লোকসকলে আজি উপযুক্ত সুযোগ লাভ কৰিব। অবিবাহিত লোকসকলৰ জীৱনলৈ আজি নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে, প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিব পাৰে বন্ধু-বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। খৰখেদা কৰাৰ অভ্যাসৰ বাবে আপুনি কোনো বিষয়ত সমস্যাৰ সন্মুখীন পাৰে

সিংহ ৰাশিৰ ৰাশিফল

ধাৰ্মিক বিষয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব ধনৰ সৈতে জড়িত বিষয়ত আপুনি সজাগ হৈ থাকিব লাগিব। দীৰ্ঘদিন ধৰি কোনো কাম অসম্পূৰ্ণ হৈ আছিল যদি আজি সেই কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আগবঢ়া উচিত আৰ্তজনক সহায়ৰ সুযোগ পালে বিনা দ্বিধাই আগবঢ়া উচিত অংশীদাৰিত্বৰ ভিত্তিত কোনো কামত আগবাঢ়িব পাৰে, তাৰ পূৰ্বে প্ৰয়োজনীয় নথিপত্ৰ পৰীক্ষা কৰক

কন্যা ৰাশিৰ ৰাশিফল

আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। আপোনাৰ বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। নতুন কোনো পৰিকল্পনাৰ দিশত আগবাঢ়িব পাৰিব পৰিয়ালৰ মাজত সম্পৰ্ক উন্নত পিতৃমাতৃৰ সেৱাৰ প্ৰতি গুৰুত্ব দিব লাগিব চাকৰি সলনি কৰাৰ পৰিকল্পনা কৰা লোকসকলে হয়তো আজি এক উপযুক্ত অফাৰ লাভ কৰিব।

তুলা ৰাশিৰ ৰাশিফল

প্ৰয়োজন অনুসৰি খৰচ কৰাৰ ওপৰত মনোযোগ দিব লাগিব অন্যথা পিছত আপুনি ধনৰ অভাৱৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। এলাহ ভাৱ ত্যাগ কৰি কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব লাগিব, তেতিয়াহে আপোনাৰ কাম সহজে সম্পূৰ্ণ হ’ব আপোনাৰ অহিত চিন্তকৰ আগত যিকোনো ধৰণৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ নকৰিব সংগীয়ে কৰ্মসংক্ৰান্তত আন ঠাইলৈ যাবলগা হ’ব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল

আয়ৰ ক্ষেত্ৰত আজি শুভ দিন ব। কোনো কথাত পৰিয়ালত বিবাদৰ সূত্ৰপাত হৈছিল যদি আজি আলোচনাৰ জৰিয়তে এই সমস্যা সমাধান হ’ব ঘৰৰ মেৰামতি তথা ভালদৰে সজাই তোলাৰ বাবে কিছুমান নতুন সামগ্ৰী ক্ৰয় কৰিব পাৰে দীৰ্ঘদিন ধৰি কোনো কাম অসম্পূৰ্ণ হৈ আছিল যদি আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

ধনু ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত কোনো সমস্যাৰ সন্মুখীন হৈছিল যদি আজি সেই সমস্যা সমাধান পাৰে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। সন্তানৰ অগ্ৰগতিয়ে আপোনাক আনন্দিত কৰিব আপোনাৰ পৰিকল্পিত কাম আজি সম্পূৰ্ণ হৈ উঠিব। সামাজিক ক্ষেত্ৰতো সফলতা লাভ কৰিব। ঘৰৰ মেৰামতিৰ দিশত আগবাঢ়িব পাৰে

মকৰ ৰাশিৰ ৰাশিফল

কোনো সামাজিক কামত অংশগ্ৰহণ কৰিব, ইয়াৰ দ্বাৰা আপোনাৰ ভাবমূৰ্তি উন্নত ব। প্ৰেমৰ ক্ষেত্ৰত শুভ সংগীৰ সৈতে সুখকৰ সময় অতিবাহিত কৰিব পাৰিব অসমাপ্ত কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। দাতব্য কামৰ সৈতে জড়িত পূৰ্বৰ ভুলৰ পৰা শিক্ষা লাগিব ভাতৃ-ভগ্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব।

কুম্ভ ৰাশিৰ ৰাশিফল

খৰচৰ মাত্ৰা বৃদ্ধি পাব আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। অচিনাক্ত লোকক সহজে বিশ্বাস কৰাৰ পৰা বিৰত থাকিব লাগিব অকাৰণতে কোনো কথাত উত্তেজিত নহ, অন্যথা পৰিয়ালৰ সদস্যসকলৰ সৈতে মতভেদ ঘটিব পাৰে সঠিক বিচাৰবিবেচনাৰে যিকোনো সিদ্ধান্ত ল’ব লাগিব।

মীন ৰাশিৰ ৰাশিফল

আৰ্থিক দিশৰ পৰা শুভ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি পাব। ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাৰ চেষ্টা কৰিলে সফলতাৰ মুখ দেখিব ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখকৰ সময় কটাব। কোনো কাম টকাৰ বাবে অসম্পূৰ্ণ হৈ আছিল যদি আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কোনো মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব।