ঘৰৰ প্ৰাৰ্থনা গৃহৰ ক্ষেত্ৰত মানি চলক এইসমূহ নিয়ম, অন্যথা দৰিদ্ৰতাই আগুৰি ধৰিব আপোনাক
ঘৰৰ মন্দিৰ বা পূজাস্থলী নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি প্ৰতিষ্ঠা হ’লেহে সম্পূৰ্ণ লাভজনক বিবেচিত হ’ব পাৰে। এইক্ষেত্ৰত সঠিক নীতি-নিয়ম মানি নচলিলে নানা সমস্যাই আগুৰি ধৰিব পাৰে। গতিকে ঘৰৰ মন্দিৰৰ সৈতে জড়িত এনে নিয়মসমূহৰ বিষয়ে জানো আহক।
সাধাৰণতে ধৰ্মবিশ্বাসী প্ৰতিজন লোকৰ ঘৰতে আৰাধ্য দেৱ-দেৱতাৰ আৰাধনাৰ বাবে মন্দিৰ বা প্ৰাৰ্থনা গৃহ থাকে। ইশ্বৰৰ আশীৰ্বাদ লাভৰ বাবে পুৱা-গধূলি এই স্থানত চাকি-ধূপ জ্বলাই সেৱা কৰা হয়। ঘৰৰ এই প্ৰাৰ্থনা গৃহই ঘৰখনত শুভ শক্তি বজাই ৰাখে। মন্দিৰ বা পূজাৰ বাবে নিৰ্দিষ্ট স্থান থাকিলে ঘৰৰ পৰা সকলো সমস্যা স্বয়ংক্ৰিয়ভাৱে আঁতৰি যায়। ঘৰৰ এই প্ৰাৰ্থনা কৰিলে আৰ্থিক সমৃদ্ধি নিশ্চিত হয় আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত সম্প্ৰীতি বৰ্তি থাকে।
কিন্তু ঘৰৰ মন্দিৰ বা পূজাস্থলী নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি প্ৰতিষ্ঠা হ’লেহে সম্পূৰ্ণ লাভজনক বিবেচিত হ’ব পাৰে। এইক্ষেত্ৰত সঠিক নীতি-নিয়ম মানি নচলিলে নানা সমস্যাই আগুৰি ধৰিব পাৰে। গতিকে ঘৰৰ মন্দিৰৰ সৈতে জড়িত এনে নিয়মসমূহৰ বিষয়ে জানো আহক।
মন্দিৰৰ বাবে নিয়ম
সদায় ঘৰৰ উত্তৰ-পূব কোণত মন্দিৰটো থাকিব লাগে। এবাৰ পূজাৰ স্থান নিৰ্ধাৰণ হ’লে কেতিয়াও সলনি কৰিব নালাগে। পূজাস্থলীৰ ৰং পাতল হালধীয়া বা বগা হ’ব লাগে। মন্দিৰত যদি কোনো মূৰ্তি স্থাপন কৰিব লাগে, তেতিয়া ১২ ইঞ্চিতকৈ বেছি হ’ব নালাগে। অৱশ্যে যিকোনো আকাৰৰ ছবি মন্দিৰত স্থাপন কৰিব পাৰি। পূজাৰ স্থানত শংখ, পানীৰে ভৰা পাত্ৰ আদি ৰাখিব লাগে।
দিনটোৰ দুয়ো বেলা একে সময়তে মন্দিৰত পূজা কৰিব লাগে। সন্ধিয়া প্ৰাৰ্থনাৰ সময়ত মন্দিৰত এগচি চাকি জ্বলোৱা উচিত। ঘৰৰ মন্দিৰ যাতে সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাটি হৈ থাকে, তাৰ প্ৰতি ৰাখিব লাগে। তদুপৰি মন্দিৰৰ দুৱাৰখন কেতিয়াও বন্ধ কৰি ৰাখিব নালাগে।
এনে সামগ্ৰী মন্দিৰত নাৰাখিব
ঘৰৰ মন্দিৰত পূৰ্বপুৰুষৰ ফটো ৰাখিব নালাগে। মন্দিৰত পূৰ্বপুৰুষৰ ফটো ৰাখিলে ঘৰত দৰিদ্ৰতা আৰু আৰ্থিক সমস্যা বৃদ্ধি পাব পাৰে। ভঙা বা ফাটি যোৱা ফটো বা ঈশ্বৰৰ মূৰ্তি মন্দিৰত ৰাখিব নালাগে। উপাসনাত আগবঢ়োৱা ফুল শুকাই যোৱাৰ পিছত মন্দিৰত ৰাখিব নালাগে। কোনো জীৱিত ধৰ্মগুৰুৰ ফটো গৃহ মন্দিৰত ৰাখিব নালাগে।