Dhanteras Wishes: ধনতেৰাচত এইদৰে দিয়ক শুভেচ্ছা, মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ!
Dhanteras Wishes In Assamese: ধনতেৰাচৰ দিনা দিয়া শুভেচ্ছা বাণী লক্ষ্মী আৰু ধনবন্তৰীৰ আশীৰ্বাদক নিমন্ত্ৰণ দিয়াৰ দৰে। ইয়াত কিছু ধনতেৰাচৰ শুভেচ্ছা আগবঢ়োৱা হ’ল।

ধনতেৰাচত এইদৰে দিয়ক শুভেচ্ছা
ধনতেৰাচ হ’ল হিন্দু সকলৰ উৎসৱ। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপবাস-উপাসনাৰে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয়। এই উৎসৱ মূলত উত্তৰ ভাৰতীয়। এই উৎসৱত সোণ বা তেনে কোনো মূল্যবান ধাতু ক্ৰয় কৰা হয়। যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে।
ধনতেৰাচ দুটা শব্দৰে গঠিত, প্ৰথম ধন আৰু দ্বিতীয় তেৰাচ, যাৰ অৰ্থ তেৰগুণ ধন। ভাৰতীয় সংস্কৃতিত স্বাস্থ্যক সৰ্বাধিক সম্পদ বুলি গণ্য কৰা হয়। এই কথাষাৰ আজিও বিখ্যাত যে ‘প্ৰথম সুখ হ’ল সুস্থ শৰীৰ, দ্বিতীয় সুখ ঘৰত মায়া’, সেয়েহে দীপাৱলীৰ আগত ধনতেৰাচক গুৰুত্ব দিয়া হয়। এই দিনটোত আপোনজনক দিয়ক শুবকামনা। ইজনে সিজনক ধনতেৰাচৰ শুভেচ্ছা জনোৱাটো কেৱল আনুষ্ঠানিকতা নহয়, শুভ শক্তি আৰু ইতিবাচকতাৰ ভাগ-বতৰা কৰাৰ এক উপায়।
শুভেচ্ছা বাৰ্তা
- ধন-সম্পত্তি আৰু সুখৰ বৰষুণ হওক, দেৱী লক্ষ্মীৰ আশীৰ্বাদ সদায় লাভ কৰক। আপোনাৰ জীৱন পোহৰেৰে পৰিপূৰ্ণ হওক। ধনতেৰাচৰ শুভেচ্ছা
- সোণ হওক বা ৰূপ হওক,আপোনাৰ জীৱনত সুখৰ সংগম হওক। লক্ষ্মী দেৱী আহি আপোনাৰ ঘৰত বাস কৰক। শুভেচ্ছা প্ৰেৰণ কৰিছো
- ধনতৰাছ আৰু সোণ-ৰূপৰ জিলিকনি, আপোনাৰ জীৱনৰ মাজেৰে সুখ জিলিকি উঠক। ধনতেৰাচৰ শুভেচ্ছা
- আপোনাৰ ব্যৱসায় সমৃদ্ধিশালী হওক, আপোনাৰ ঘৰখন সুখ আৰু শান্তিৰে ভৰা হওক। আপোনাৰ ধনতেৰাছ উৎসৱত সকলো বিপদৰ অন্ত হওক। ধনতেৰাচৰ শুভেচ্ছা থাকিল!