শনিবাৰে ঘটিব মহাজাগতিক লক্ষ্মী নাৰায়ণ ৰাজযোগ, সুখ-সমৃদ্ধিৰে ভৰিব এই ৪ ৰাশিৰ লোকৰ জীৱন
লক্ষ্মী নাৰায়ণ ৰাজযোগে বহুলোকৰ জীৱনলৈ সুখকৰ সময়ৰ আগমন ঘটাব বুলি কোৱা হৈছে। বিশেষকৈ চাৰিটা ৰাশিৰ জাতক-জাতিকাৰ বাবে এই যোগ সোণত সুৱগা চৰোৱা হ’ব। জানো আহক এই বিষয়ে।
আজি নতুন বৰ্ষ ২০২৬ৰ এটা পষেক হৈছে। এই বৰ্ষটোৰ আৰম্ভণিৰ পৰাই গ্ৰহ-নক্ষত্ৰৰ বিশেষ সংযোগৰ আগজাননী কৰা হৈছিল। সেয়ে এই বছৰটো বহুলোকৰ বাবে বিশেষ হৈ পৰিব বুলি জ্যোতিষ শাস্ত্ৰৰ আধাৰত উল্লেখ কৰা হৈছে। জ্যোতিষ শাস্ত্ৰ মতে, চলিত জানুৱাৰী মাহতে এনে বহুকেইটা বিৰল আৰু শুভ সংযোগ ঘটিব। অহা ১৭ জানুৱাৰীত দেখা যাব এনে এক অত্যন্ত শুভ সংযোগ। এই দিনটোত প্ৰায় ৪৬ মাহৰ বিৰতিৰ পিছত শুক্ৰ আৰু বুধ গ্ৰহ একেলগে মকৰ ৰাশিত মিলিত হ’ব, যাৰ ফলত ‘লক্ষ্মী নাৰায়ণ ৰাজযোগ সৃষ্টি হ’ব।
যোৱা ১৩ জানুৱাৰীত শুক্ৰই ইতিমধ্যে মকৰ ৰাশিত প্ৰৱেশ কৰিছে আৰু ১৭ জানুৱাৰীত বুধ গ্ৰহৰ আগমনেৰে এই শক্তিশালী ৰাজযোগ সম্পূৰ্ণ হ’ব। ইয়াৰ পূৰ্বে ২০২২ চনত এনে সংযোগ দেখা গৈছিল। জ্যোতিষ বিশ্বাস মতে, এই ‘লক্ষ্মী নাৰায়ণ ৰাজযোগ’ হৈছে ধন-সম্পদ, সুখ-ঐশ্বৰ্য আৰু কেৰিয়াৰত চমকপ্ৰদ সফলতা লাভৰ এক উৎস।
এই যোগৰ প্ৰভাৱত মানুহৰ আয় বৃদ্ধি পোৱাৰ লগতে জীৱনলৈ এক স্থিৰতা আহে বুলিও কোৱা হয়। লক্ষ্মী নাৰায়ণ ৰাজযোগে বহুলোকৰ জীৱনলৈ সুখকৰ সময়ৰ আগমন ঘটাব বুলি কোৱা হৈছে। বিশেষকৈ চাৰিটা ৰাশিৰ জাতক-জাতিকাৰ বাবে এই যোগ সোণত সুৱগা চৰোৱা হ’ব। জানো আহক এই বিষয়ে-
বৃষ ৰাশি
বৃষ ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱা ভাগ্যোদয়ৰ সময়। আপুনি যি কামতে হাত দিব, তাতে সফলতা পোৱাৰ সম্ভাৱনা প্রবল। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। কোনো জ্যেষ্ঠ ব্যক্তি বা পিতৃৰ পৰা পোৱা সহায়-সহযোগিতাই আপোনাক আৰ্থিকভাৱে লাভৱান কৰিব। নতুন ব্যৱসায়িক চুক্তি বা বিদেশৰ সৈতে জড়িত কামৰ বাবে এয়া সোণালী সুযোগ।
কৰ্কট ৰাশি
এই ৰাজযোগে কৰ্কট ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক আৰু সামাজিক জীৱনত সুখৰ জোৱাৰ আনিব। বিশেষকৈ দাম্পত্য জীৱনৰ খহটা সম্পৰ্কবোৰ পুনৰ মধুৰ হৈ পৰিব। যিসকলৰ বিয়াৰ কথা চলি আছে, তেওঁলোকৰ বাবে উপযুক্ত জীৱনসংগী পোৱাৰ যোগ আছে। চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত কোনো ডাঙৰ দায়িত্ব বা পদোন্নতি পাব পাৰে।
তুলা ৰাশি
তুলা ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱা হ’ব সা-সুবিধা আৰু বিলাসিতা বৃদ্ধিৰ। বহু দিনৰ পৰা আশা কৰি থকাৰ দৰে ঘৰ বা বাহন ক্ৰয়ৰ যোগ আছে। মাটি-সম্পত্তিৰ বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মাতৃৰ ফালৰ পৰা কোনো আৰ্থিক সুবিধা পাব পাৰে, যি আপোনাৰ বেংক বেলেঞ্চ বৃদ্ধি কৰাত সহায় কৰিব।
মকৰ ৰাশি
যিহেতু এই ৰাজযোগ মকৰ ৰাশিতেই গঠন হৈছে, গতিকে ইয়াৰ সুফল এই ৰাশিৰ লোকে আটাইতকৈ বেছি লাভ কৰিব। আপোনাৰ কেৰিয়াৰে এই সময়ত এক নতুন গতি পাব। চাকৰিত দৰমহা বৃদ্ধিৰ লগতে আৰ্থিক লাভৰ নতুন পথ মুকলি হ’ব। কোনো পৈতৃক সম্পত্তিৰ পৰাও আপুনি লাভৱান হ’ব পাৰে। মুঠৰ ওপৰত আপোনাৰ জীৱনলৈ এক নতুন উদ্যম ঘূৰি আহিব।