শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গণেশ চতুৰ্থী: যিকোনো পূজাত প্ৰথমে কিয় গণেশক আৱাহন কৰা হয়, ইয়াৰ আঁৰৰ কাহিনী জানক

Ganesh chatuthi 2025 : ভগৱান গণেশ হিন্দু ধৰ্মৰ প্ৰথম পূজা কৰা দেৱতাৰ পদত অধিষ্ঠিত। ভগৱান গণেশৰ আশীৰ্বাদ অবিহনে কোনো শুভ কাম সম্পূৰ্ণ বুলি গণ্য কৰা নহয়। ভগৱান গণেশক জ্ঞান, বুদ্ধি আৰু সমৃদ্ধিৰ দেৱতা বুলিও কোৱা হয়। যিকোনো শুভ কাম আৰম্ভ হোৱাৰ আগতে গণপতি বাপ্পাৰ ধ্যান কৰা হয়। ইয়াৰ কাৰণ জানো আহক।

গণেশ চতুৰ্থী: যিকোনো পূজাত প্ৰথমে কিয় গণেশক আৱাহন কৰা হয়, ইয়াৰ আঁৰৰ কাহিনী জানক
আজি গণেশ চতুৰ্থী
trishna-kalita
Trishna Kalita | Updated On: 27 Aug 2025 11:55 AM

আজি পবিত্ৰ গণেশ চতুৰ্থী। প্ৰতি বছৰৰ দৰে এইবাৰো দেশজুৰি গণেশ চতুৰ্থী ২০২৫ অতি আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হৈছে। ১০ দিনীয়া এই উৎসৱত মানুহে নিজৰ ঘৰত গণপতি বাপ্পাৰ মূৰ্তি স্থাপন কৰি সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰে। বিভিন্ন ঠাইত অতি সুন্দৰকৈ পেণ্ডেলসমূহ সজোৱা হয। বিশ্বাস কৰা হয় যে এই ১০ দিন ধৰি গণপতিয়ে পৃথিৱীত বাস কৰি ভক্তসকলৰ দুখ-কষ্ট দূৰ কৰে।

বাপ্পাৰ ভক্তিত নিমগ্ন ভক্তসকলে ১০ দিন ধৰি গণেশ উৎসৱ অতি আড়ম্বৰেৰে পালন কৰে। মহাৰাষ্ট্ৰত গণেশ উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয়। ইয়াত ডাঙৰ ডাঙৰ পেণ্ডেল স্থাপন কৰা হয় আৰু বাপ্পা চাবলৈ দূৰ-দূৰণিৰ পৰা ভক্ত আহে। অসমতো গণেশ চতুৰ্থীক লৈ দেখা গৈছে ব্যাপক উসাহ-উদ্দীপনা।

প্ৰথম পূজনীয় দেৱতা ভগৱান গণেশ

ভগৱান গণেশ হিন্দু ধৰ্মৰ প্ৰথম পূজা কৰা দেৱতাৰ পদত অধিষ্ঠিত। ভগৱান গণেশৰ আশীৰ্বাদ অবিহনে কোনো শুভ কাম সম্পূৰ্ণ বুলি গণ্য কৰা নহয়। ভগৱান গণেশক জ্ঞান, বুদ্ধি আৰু সমৃদ্ধিৰ দেৱতা বুলিও কোৱা হয়। তেওঁৰ আশীৰ্বাদত সকলো বিপদ নোহোৱা হৈ জীৱনলৈ সুখ-সমৃদ্ধি আহে। যিকোনো শুভ কাম আৰম্ভ হোৱাৰ আগতে গণপতি বাপ্পাৰ ধ্যান কৰা হয়। কিন্তু ইয়াৰ আঁৰৰ কাৰণ কি? ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ প্ৰিয় পুত্ৰ বাপ্পা প্ৰথম পূজনীয় দেৱতা হিচাপে বিশ্বায় কৰা হয়। কাৰণ জানো আহক।

ইয়াৰ আঁৰত আছে পৌৰাণিক কাহিনী। কোৱা হয় যে এসময়ত সকলো দেৱতাৰ মাজত কাক প্ৰথম পূজনীয় দেৱতা বনাব লাগে সেই সম্পৰ্কে বিবাদ হৈছিল। সকলো দেৱতাই নিজকে শ্ৰেষ্ঠ বুলি ক’বলৈ ধৰিলে। নাৰদে দেখিলে যে এই বিবাদৰ হয়তো অন্ত নপৰিব। এই সমস্যাৰ সমাধানৰ বাবে ভগৱান শিৱৰ ওচৰত আশ্ৰয় ল’বলৈ পৰামৰ্শ দিলে। সকলো দেৱতাই যেতিয়া ভগৱান শিৱৰ ওচৰত উপস্থিত হ’ল, তেতিয়া তেওঁ এই বিবাদৰ সমাধানৰ পৰিকল্পনাৰ কথা ভাবিলে। তেওঁ সকলো দেৱতাক ক’লে যে যিয়ে তেওঁৰ বাহনত বহি গোটেই বিশ্বব্ৰহ্মাণ্ডখন ঘূৰি প্ৰথমে তেওঁৰ ওচৰত আহি পাব, তেওঁক প্ৰথমে পৃথিৱীত পূজা কৰা হ’ব।

ভগৱান গণেশে পিতৃ-মাতৃক প্ৰদক্ষিণ কৰিলে

এই কথা শুনি সকলো দেৱতাই নিজৰ নিজৰ বাহনত বহি বিশ্বব্ৰহ্মাণ্ডক ঘূৰিবলৈ ৰাওনা হ’ল। এই দৌৰত ভগৱান গণেশকো অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু বিশ্বব্ৰহ্মাণ্ডক প্ৰদক্ষিণ কৰাৰ পৰিৱৰ্তে তেওঁ হাত জোৰ কৰি পিতৃ-মাতৃ অৰ্থাৎ ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক ৭ বাৰ প্ৰদক্ষিণ কৰিলে। যেতিয়া সকলো দেৱতাই বিশ্বব্ৰহ্মাণ্ড ঘূৰি কৰি ভগৱান শিৱৰ ওচৰ পালেগৈ, তেতিয়া গণেশক থিয় হৈ থকা দেখিলে। ইয়াৰ পিছত শিৱই গণেশক বিজয়ী ঘোষণা কৰে।

এই দেখি সকলো দেৱতাই আচৰিত হ’ল যে তেওঁলোকে বিশ্বব্ৰহ্মাণ্ড প্ৰদক্ষিণ কৰি আহিছিল, কিন্তু গণেশক কিয় বিজয়ী ঘোষণা কৰা হৈছিল। পিছত ভগৱান শিৱই বুজাই দিলে যে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত ভগৱান শিৱৰ স্থান উত্তম আৰু গণেশে পিতৃ-মাতৃক ৭ বাৰ প্ৰদক্ষিণ কৰিছে। সেয়ে ভগৱান গণেশক বিজয়ী ঘোষণা কৰা হৈছে। ভগৱান শিৱৰ এই সিদ্ধান্তত সকলো দেৱতাই একমত হৈছিল, তাৰ পিছত ভগৱান গণেশে প্ৰথম পূজনীয় দেৱতাৰ স্থান লাভ কৰিছিল।

লগতে পঢ়ক: এইদৰে সকলোলৈ প্ৰেৰণ কৰক গণেশ চতুৰ্থীৰ শুভেচ্ছা…