শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Ganesh Chaturthi 2025: কিয় পালন কৰা হয় গণেশ চতুৰ্থী? ইতিহাস, শুভ সময়, তাৎপৰ্য সকলো জানক…

গণেশ চতুৰ্থী হিন্দু ধৰ্মৰ এটা প্ৰধান উৎসৱ, যিটো প্ৰতি বছৰে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখত পালন কৰা হয়। এই দিনটো ভগৱান গণেশৰ জন্ম বাৰ্ষিকী হিচাপে শ্ৰদ্ধা আৰু উল্লাসেৰে পালন কৰা হয়। গণপতি বাপ্পাক বিঘ্নিহৰ্তা আৰু সিদ্ধিদাতা বুলি কোৱা হয়। বিশ্বাস অনুসৰি এই দিনটোত গণেশক পূজা কৰিলে জীৱনৰ সকলো বিপদ দূৰ হয় আৰু সুখ, শান্তি আৰু সমৃদ্ধিৰ আহে।

Ganesh Chaturthi 2025: কিয় পালন কৰা হয় গণেশ চতুৰ্থী? ইতিহাস, শুভ সময়, তাৎপৰ্য সকলো জানক…
কিয় পালন কৰা হয় গণেশ চতুৰ্থীImage Credit source: PTI
trishna-kalita
Trishna Kalita | Published: 26 Aug 2025 11:42 AM

গণেশ চতুৰ্থী হিন্দু ধৰ্মৰ এটা প্ৰধান আৰু অতি জনপ্ৰিয় উৎসৱ। এয়া ভগৱান গণেশৰ জন্ম বাৰ্ষিকী হিচাপে পালন কৰা ১০ দিনীয়া উৎসৱ। সমগ্ৰ দেশতে বিশেষকৈ মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত ইয়াক অতি আড়ম্বৰ আৰু উৎসাহেৰে উদযাপন কৰা হয়। এই দিনটোত মানুহে নিজৰ ঘৰত গণেশৰ মূৰ্তি স্থাপন কৰি পূজা কৰে আৰু তাৰ পিছত দশম দিনা ‘গণেশ বিসৰ্জন’ কৰে। এই উৎসৱ পালনৰ আঁৰত বহুতো পৌৰাণিক কাহিনী আৰু ধৰ্মীয় বিশ্বাস আছে। ইয়াৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় আৰু গুৰুত্বপূৰ্ণ কাহিনীটো ভগৱান গণেশৰ জন্মৰ সৈতে জড়িত।

ভগৱান গণেশৰ জন্মৰ কাহিনী

হিন্দু পৌৰাণিক কাহিনী অনুসৰি এবাৰ দেৱী পাৰ্বতীয়ে গা ধুব যাব ওলাইছিল আৰু কোনো যাতে ভিতৰলৈ আহিব নোৱাৰাকৈ কাৰোবাক দুৱাৰৰক্ষী হিচাপে নিযুক্তি দিয়া হৈছিল। তেতিয়া তেওঁ নিজৰ যোগ শক্তিৰে এটা শিশু সৃষ্টি কৰি জীৱন দিলে। এই শিশুটি আন কোনো নহয়, গণেশ আছিল। দেৱী পাৰ্বতীয়ে শিশুটিক গা ধোৱাৰ সময়ত কাকো ভিতৰলৈ আহিবলৈ নিদিবলৈ নিৰ্দেশ দিলে।

মাতৃৰ নিৰ্দেশ মানি শিশু গণেশে  দুৱাৰত পহৰা দি আছিল। একে সময়তে ভগৱান শিৱ তালৈ আহি ভিতৰলৈ যাবলৈ চেষ্টা কৰিলে। গণেশে তেওঁক ভিতৰলৈ যোৱাত বাধা দিলে। এটা শিশুৱে তেওঁক বাধা দিয়া দেখি ভগৱান শিৱ খং উঠিল। গণেশে যেতিয়া শিৱক মাতৃৰ আদেশৰ কথা ক’লে। ইফালে শিৱই ইয়াক তেওঁৰ প্ৰতিপত্তিৰ অপমান বুলি গণ্য কৰিছিল।

কথা-বতৰা আৰু বিবাদ বাঢ়ি অহাৰ লগে লগে ভগৱান শিৱ খঙত ত্ৰিশূলৰে গণেশৰ মূৰ কাটি পেলালে। দেৱী পাৰ্বতীয়ে এই কথা গম পাই বৰ দুখী হৈ বিশ্বব্ৰহ্মাণ্ড ধ্বংস কৰাৰ ভাবুকি দিলে। চৌদিশে বিশৃংখল হৈ পৰিল। দেৱতা আৰু ঋষিসকলে দেৱী পাৰ্বতীক শান্ত কৰিবলৈ চেষ্টা কৰিছিল। তেতিয়া ভগৱান শিৱই তেওঁৰ গণসকলক উত্তৰ দিশলৈ গৈ তেওঁলোকে পোৱা প্ৰথম জীৱটোৰ মূৰটো আনিবলৈ ক’লে।

গণসকলে এটা হাতী পালে, আৰু মূৰটো লৈ আনিলে। ভগৱান শিৱই সেই হাতীৰ মূৰটো গণেশৰ ধড়ত সংলগ্ন কৰি নতুন জীৱন দিলে। শিৱই তেওঁক আশীৰ্বাদ দিলে যে যিকোনো শুভ কাম আৰম্ভ হোৱাৰ আগতেই তেওঁক পূজা কৰা হ’ব। এই অনুষ্ঠানৰ স্মৃতিত প্ৰতি বছৰে গণেশ চতুৰ্থী উৎসৱ পালন কৰা হয়।

গণেশ চতুৰ্থী তিথি

২০২৫ চনৰ ২৭ আগষ্টত সমগ্ৰ দেশতে গণেশ উৎসৱ পালন কৰা হ’ব। এইবাৰ ২৬ আগষ্টৰ দিনৰ ১:৫৪ বজাৰ পৰা আৰম্ভ হ’ব ভাদ মাহৰ শুক্ল চতুৰ্থী তিথি আৰু ২৭ আগষ্টৰ বিয়লি ৩:৪৪ বজালৈকে থাকিব। এই সময়ছোৱাত ভগৱান গণেশক স্থাপন আৰু পূজা কৰিলে সকলো বাধা নাশ হৈ পৰিয়ালত সুখ- সমৃদ্ধিৰ আহে বুলি ধৰ্মীয় বিশ্বাস আছে।

গণেশ চতুৰ্থীৰ তাৎপৰ্য

গণেশ চতুৰ্থী কেৱল ভগৱান গণেশৰ জন্মৰ উদযাপন নহয়, ই আন বহুতো গুৰুত্বপূৰ্ণ কথাৰ প্ৰতীক। ভগৱান গণেশক বুদ্ধি আৰু জ্ঞানৰ দেৱতা বুলি গণ্য কৰা হয়। এই দিনটোত তেওঁক পূজা কৰিলে জ্ঞান, সমৃদ্ধি আৰু সফলতা লাভ হয়। তেওঁক বিঘ্নিহৰ্তা বুলিও কোৱা হয়, যাৰ অৰ্থ হৈছে ‘বিঘিনি দূৰ কৰা’। গতিকে যিকোনো নতুন কাম আৰম্ভ হোৱাৰ আগতেই তেওঁক পূজা কৰা হয় যাতে সকলো বাধা দূৰ কৰিব পৰা যায়।

গণেশ চতুৰ্থী উৎসৱে মানুহক একত্ৰিত কৰে। ভক্তসকলে একেলগে পেণ্ডেল সজাই পূজা কৰে আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। ইয়াৰ ফলত সম্প্ৰদায়ৰ মনোভাৱ শক্তিশালী হয়। এইদৰে গণেশ চতুৰ্থী কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, বিশ্বাস, জ্ঞান আৰু সামাজিক ঐক্যৰ বাৰ্তা প্ৰদান কৰা উৎসৱ। ই আমাক শিকাইছে যে জীৱনৰ বাধাবোৰ আঁতৰাই আমি আগবাঢ়ি যাব পাৰো।

(অস্বীকাৰ: এই  তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে নিশ্চিত কৰা নাই।)