শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সোণাক্ষী সিনহাই মুকলিকৈ প্ৰকাশ কৰিলে কিমান মাহৰ অন্তঃসত্বা!

সোণাক্ষী সিনহাই মুকলিকৈ প্ৰকাশ কৰিলে কিমান মাহৰ অন্তঃসত্বা!

barasha-misra
Barasha Misra | Published: 18 Oct 2025 21:32 PM

কেমেৰাৰ সন্মুখত পোজ দি থকাৰ সময়তে সোণাক্ষীয়ে পেটত হাত থৈ এখন ফটো উঠিছিল। সকলোৱে ভাবিছিল সোণাক্ষীয়ে বেবী বাম্প ঢাকিব বিচাৰিছে। লগে লগে সোণাক্ষী সন্দৰ্ভত উৰাবাতৰি বিয়পি পৰিল। সকলোৱে ভাবিলে অভিনেত্ৰীগৰাকী অন্তঃসত্বা।

এই খবৰৰ শিৰোনামটোৱে নিশ্চয় আপোনাক স্তম্ভিত কৰি তুলিছে! আপুনি ভাবিছে যে এইটো কেনেধৰণৰ অভিলেখ, অন্তঃসত্ত্বা হৈ সোণাক্ষীয়ে এনে কি কাম কৰিলে? কথাবোৰ জটিল হোৱাৰ আগতে পোনে পোনে জনাইছোঁ।

কথাটো উৰাবাতৰিৰ বাহিৰে আন একো নহয়। শেহতীয়াকৈ সোণাক্ষী সিনহাই স্বামী জাহীৰৰ সৈতে ফেশ্বন ইভেণ্টত উপস্থিত হৈছিল। বলীউডৰ অভিনেত্ৰীগৰাকীক দেখি সকলোৰে চকু কপালত উঠিল। তাতেই ঘটিল সেই ঘটনা, যিয়ে বলীউডত আলোড়নৰ সৃষ্টি কৰিলে।

কেমেৰাৰ সন্মুখত পোজ দি থকাৰ সময়তে সোণাক্ষীয়ে পেটত হাত থৈ এখন ফটো উঠিছিল। সকলোৱে ভাবিছিল সোণাক্ষীয়ে বেবী বাম্প ঢাকিব বিচাৰিছে। লগে লগে সোণাক্ষী সন্দৰ্ভত উৰাবাতৰি বিয়পি পৰিল। সকলোৱে ভাবিলে অভিনেত্ৰীগৰাকী অন্তঃসত্বা। এই খবৰ বিয়পি পৰাৰ লগে লগে সোণাক্ষীয়েও উত্তৰ দিবলৈ সাজু হ’ল। গোটেই ঘটনাটোক লৈ ছ’চিয়েল মিডিয়াত কৰিলে আচৰিত পোষ্ট।