শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কাতি বিহুৰ পৰা আফগান ক্ৰিকেটাৰৰ মৃত্যুলৈ... দিনটোৰ শীৰ্ষ খবৰ

কাতি বিহুৰ পৰা আফগান ক্ৰিকেটাৰৰ মৃত্যুলৈ… দিনটোৰ শীৰ্ষ খবৰ

trishna-kalita
Trishna Kalita | Updated On: 18 Oct 2025 21:12 PM

এন ডি এৰ সৈতে মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ। ২০২৬ ৰ নিৰ্বাচনহে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি হাগ্ৰামাই কয় যে তেওঁ এটকা দি দুটকা লোৱা মানুহ।  চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

আজি কাতি বিহু। পৰম্পৰা আৰু ৰীতি-নীতি অনুসৰি চহা অসমীয়াই পালন কৰিছে কাতি বিহু। তুলসী তলত আৰু খেতি পথাৰত বন্তি জ্বলাই লখিমীক ঘৰলৈ আৱাহন জনাইছে সকলোৱে। জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ থকা ৰাজ্যবাসীয়ে শোকৰ মাজতে পালন কৰিছে বোপা-ককাৰ দিনৰ পৰম্পৰা।  অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত বিপিএফৰ। আজি অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিপিএফৰ বিধায়ক চৰণ বড়োৱে।

২০২৬ ত বিজেপিৰ সৈতে কোন থাকিব অংশীদাৰত। আজি এই বিষয়ে এক ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ২০২৬ ত এক সমন্বিত ৰণকৌশল তৈয়াৰ কৰা হ’ব।এন ডি এৰ সৈতে মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ। ২০২৬ ৰ নিৰ্বাচনহে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি হাগ্ৰামাই কয় যে তেওঁ এটকা দি দুটকা লোৱা মানুহ।  চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।