Morning Headlines: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
আজি ১৯ অক্টোবৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
আজি ১৯ অক্টোবৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ৰহস্যৰ আৱৰ্তত জুবিন গাৰ্গৰ মৃত্যু। নিশা আবেগিক হৈ স্বামীৰ সৈতে একপি ফটো শ্বেয়াৰ কৰে পত্নী গৰিমাই।
- শুকুৰবাৰে মাজনিশা পাকিস্তানী সেনাৰ বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰ নিহত হয়। সতীৰ্থৰ সৈতে মেচ খেলি গৃহ চহৰলৈ উভতি অহাৰ সময়তে পাকিস্তানী সেনাই চহৰখনত বিমান আক্ৰমণ চলায়।
- মুখ্যমন্ত্রীয়ে কয় যে ,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে সম্প্ৰতি ৰাজ্য চৰকাৰে উদযাপন কৰি আছে। এই উদযাপনৰ লগতে সংগতি ৰাখি অহা ৫ নৱেম্বৰত বৰেণ্য অসম সন্তানগৰাকীৰ বিয়োগৰ দিনটোও বিশেষ ধৰণে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে।
- জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ প্ৰথমে দাবী কৰে যে, সম্পূৰ্ণ অহিংস প্ৰক্ৰিয়াৰে হ’ব লাগিব জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যাত্ৰা।
- বিশ্ব অভিলেখ গঢ়ি মাতৃভূমিত দিদৃক্ষা সোণোৱাল, বিহু নৃত্যৰে চৰ্চাত অসম কন্যা। বিভিন্ন দল-সংগঠন, আত্মীয়ৰ লগতে শুভাকাংক্ষীয়ে জনোৱা উষ্ম আদৰণিত অভিভূত হৈ পৰে দিদৃক্ষা ৷ বিহু নৃত্যৰে দিদৃক্ষা সোণোৱালে মুম্বাইত গঢ়িছে বিশ্ব অভিলেখ ৷
- বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত ৯ জনক গ্ৰেপ্তাৰ, আৰক্ষীয়ে দিলে বহু বিস্ফোৰক তথ্য। সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, আমি এতিয়ালৈকে ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছো। আৰু অধিক লোকক চিনাক্ত কৰা হৈছে। অভিযুক্তৰ কিছুমান পলাতক হৈ আছে যদিও আমি তেওঁলোকক অতি সোনকালে আটক কৰিম।
- অসম কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিপিএফৰ বিধায়ক চৰণ বড়োৱে। ইয়াৰ লগে লগে বিপিএফ আনুষ্ঠানিকভাৱে এন ডি এৰ অংশীদাৰ হ’ল। এইলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।
- শনিবাৰে দাওদাওকৈ জ্বলি উঠিল চলন্ত গৰীব ৰথ এক্সপ্ৰেছৰ ডবা। ৰে’লখন ছিৰহিন্দ ষ্টেচন পাৰ হৈ যোৱাৰ সময়তে পুৱা প্ৰায় ৭:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। ৰে’লখনৰ ১৯ নম্বৰ এচি ডবাত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে।
- কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী। বজাৰ ভৰি পৰিছে ৰং-বিৰঙী লাইট আৰু বিভিন্ন সামগ্ৰীৰ লগতে আতজবাজীৰে।