Dhruv Rathee on Shah Rukh Khan: ইমান ধন-সম্পত্তি থকাৰ পাছতো এই কাম কিয় কৰে শ্বাহৰুখ খানে?
ধ্ৰুৱ ৰাথীৰ লক্ষ্য এতিয়া বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান। বুধবাৰে এটা ভিডিঅ’যোগে শ্বাহৰুখৰ আয়ৰ এক বৃহৎ অংশক লৈ প্ৰশ্ন উত্থাপন কৰে ৰাথীয়ে।
ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ লক্ষ্য এতিয়া বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান। বুধবাৰে এটা ভিডিঅ’যোগে শ্বাহৰুখৰ আয়ৰ এক বৃহৎ অংশক লৈ প্ৰশ্ন উত্থাপন কৰে ৰাথীয়ে। বিশ্বৰ মনোৰঞ্জন জগতৰ দামী তাৰকাৰ তালিকাৰ শীৰ্ষত এতিয়া শ্বাহৰুখ খান। যাৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ১.৪ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ১২,৪০০ কোটি টকা। ভিডিঅ’টোত তেওঁ কয়, “শ্বাহৰুখ খান এতিয়া কোটিপতি হৈ পৰিছে। তেওঁৰ হাতত ইমান টকা আছে বুলি কল্পনা কৰাটোও কঠিন।”
ইমান বৃহৎ পৰিমাণৰ ধন-সম্পত্তিৰ পৰা শ্বাহৰুখে কিমান সুত উপাৰ্জন কৰিব পাৰে আৰু তেওঁৰ বিলাসী জীৱনশৈলী কেনেকুৱা হ’ব পাৰে সেই কথাও বুজাবলৈ চেষ্টা কৰিছে ৰাথীয়ে। যেনে প্ৰাইভেট জেট, বিদেশ ভ্ৰমণ আৰু ব্যয়বহুল সম্পত্তি। কিন্তু ইমান ধন-সম্পত্তিৰ পাছতো শ্বাহৰুখে কিয় পান মছলাৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ বিজ্ঞাপন দিছে? – এই প্ৰশ্ন উত্থাপন কৰিছে ধ্ৰুৱ ৰাথীয়ে।