শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Diwali 2025: আজি দেৱালীঃ ৰাশি অনুসৰি কৰক এই উপায়, হ’ব আৰ্থিক উন্নতি…

Diwali 2025: আজি সমূহ দেশবাসীয়ে পালন কৰিব দেৱালী। এই দেৱালীৰ হিন্দু ধৰ্মত বিশেষ মহত্ব আছে। ৰাশি অনুসৰি এই দিনটোত কিছুমান কাম কৰিলে শুভ ফল পোৱা যায়।

Diwali 2025: আজি দেৱালীঃ ৰাশি অনুসৰি কৰক এই উপায়, হ’ব আৰ্থিক উন্নতি…
মা লক্ষ্মী
barasha-sarma
Barasha Sarma | Published: 20 Oct 2025 11:18 AM

আজি ২০ অক্টোবৰত সমগ্ৰ দেশবাসীয়ে পালন কৰিব হেঁপাৰ উৎসৱ দেৱালী। হিন্দু ধৰ্মত দেৱালীৰ মহত্ব অধিক। জ্যোতিষ শাস্ত্ৰ অনুসৰি, দেৱালীৰ দিনা ৰাশিফল অনুসৰি কিছুমান কাম কৰিব লাগে, যাৰ পৰা ভাল ফল পোৱা যায়। তলত সবিশেষ উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ নিশা পূব দিশত ঘিউৰ চাকি জ্বলাব। লগতে হনুমান চালিচা পাঠ কৰক আৰু গণেশক ৰঙা ফুল অৰ্পন কৰক। এই উপায়ে আপোনাৰ দক্ষতা, সাহস, আৰু সফলতা বৃদ্ধি কৰাত সহায় কৰিব। ইতিবাচক শক্তিৰ প্ৰভাৱ ঘৰত পৰিব।

বৃষ ৰাশিঃ সন্ধিয়া মা লক্ষ্মীক পায়খ বা মিঠা বস্তু অৰ্পন কৰিব পাৰে। গৰুক খাদ্য বা গুড় খুৱাব পাৰে। এনে কৰিলে আৰ্থিক অৱস্থা শক্তিশালী হ’ব আৰু প্ৰেমত শুভ হ’ব। ব্যৱসায়ত লাভ হ’ব।

মিথুন ৰাশিঃ আপুনি বগা চাউল, গাখীৰ দান কৰিব পাৰে। ইয়াৰোপৰি নিশা ১০৮ বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰাটো অতি শুভ। এনে কৰিলে ঘৰলৈ শান্তি আহিব, মানসিক চাপ কম হ’ব আৰু সম্পৰ্ক ভাল হ’ব।

কৰ্কট ৰাশিঃ চাৰিওফালে চাকি জ্বলাব আৰু দেৱী পাৰ্বতীক বগা ফুল আগবঢ়াব পাৰে। ইয়াৰোপৰি তুলসীত পানী দিয়া উপকাৰী। ইয়াৰ ফলত দক্ষতা বৃদ্ধি পাব আৰু পাৰিবাৰিক সম্পৰ্ক উন্নত কৰিব। এনে ক্ষেত্ৰত ইতিবাচক শক্তিৰ আগমন হ’ব।

সিংহ ৰাশিঃ মন্দিৰত সৰিয়হ তেল আৰু তিল দান কৰিব পাৰে। চাকি জ্বলাই “ওম হ্ৰীম শ্ৰীম লক্ষ্মীভ্যো নম” বুলি জপ কৰক। ইয়াৰ ফলত আপোনাৰ ধন-সম্পত্তি আৰু সুনাম বৃদ্ধি হ’ব। ইয়াৰ লগতে কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব আৰু আৰ্থিক উন্নতি হ’ব।

কন্যা ৰাশিঃ এই দিনটোত ঘিউৰ চাকি জ্বলাব পাৰে। ইয়াৰোপৰি কুকুৰক খাদ্য খুৱাব পাৰে আৰু দৰিদ্ৰক দান কৰিব। এনে কৰিলে আত্মশুদ্ধি আহিব আৰু জীৱনত নতুন শক্তি আৰু উৎসাহ আহিব।

তুলা ৰাশিঃ লক্ষ্মীৰ আগত চাকি আৰু গোলাপ ফুল আগবঢ়াব পাৰে। শিশুসকলক নতুন কাপোৰ বা মিঠাই দান কৰক। ইয়াৰ ফলত সম্পৰ্ক ভাল হ’ব আৰু ইতিবাচক শক্তি আহিব।

বৃশ্চিক ৰাশিঃ এই দিনটোত আহতৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাব। শিশুসকলক মিঠাই দিব পাৰে। এই প্ৰতিকাৰে লাভ, বন্ধুত্ব, আৰু প্ৰাৰ্থনা পূৰ্ণতা আনিব। সামাজিক আৰু আৰ্থিক ক্ষেত্ৰত সফলতা বৃদ্ধি পাব। এই প্ৰতিকাৰে কেৰিয়াৰ, ধন আদিৰ উন্নতি কৰিব।

ধনু ৰাশিঃ এই দিনটোত ভগৱান বিষ্ণুক হালধীয়া মিঠাই বা হালধি দান কৰক। মূল দুৱাৰত ৯টা চাকি জ্বলাব। এই প্ৰতিকাৰে নেতৃত্বৰ দক্ষতা, আৰু পেছাদাৰী সফলতা বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত সন্মান আৰু নতুন সুযোগ লাভ কৰিব।

মকৰ ৰাশিঃ ১০৮ বাৰ ওম নম শিৱয় জপ কৰক আৰু শনি দেৱক তিল তেল আৰু ক’লা কাপোৰ অৰ্পণ কৰাটো উপকাৰী। এই প্ৰতিকাৰে ভাগ্য আৰু উচ্চ শিক্ষাত লাভ কঢ়িয়াই আনিব।

কুম্ভ ৰাশিঃ এই দিনটোত সূৰ্য দেৱতাক পানীত গোলাপৰ পাহি মিহলি কৰি অৰ্পন কৰক। দৰিদ্ৰজনক মচুৰ দাইল বা কম্বল দান কৰক। এই প্ৰতিকাৰে আধ্যাত্মিক অগ্ৰগতি আৰু মানসিক শান্তিৰ লগতে এক পৰিৱৰ্তন, আত্মবিকাশ, আৰু মানসিক শান্তি আনিব।

মীন ৰাশিঃ লক্ষ্মী দেৱীক মিঠাই আৰু হালধীয়া ফুল আগবঢ়াওক। ইয়াৰ ফলত প্ৰেম, ভাৰসাম্য, আৰু আনন্দৰ প্ৰসাৰ ঘটাব। সম্পৰ্কত সমন্বয় আৰু মনৰ শান্তি ঘৰত বিৰাজ কৰিব।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ Diwali 2025: ৮৪ বছৰ পাছত দেৱালীত দুৰ্লভ সংযোগ! কপাল ফুলিব এইসমূহ ৰাশিৰ লোকৰ…