ভগৱান নহয়, পূজা কৰা হয় অসুৰক! ভাৰতৰ আছে এই বিশেষ মন্দিৰ, জানক সকলো…
Demon Temple in india: ভগৱানক ভক্তই পূজা কৰা সাধাৰণ কথা। কিন্তু কেতিয়াবা দানৱক পূজা কৰাৰ কথা শুনিছেনে? আচৰিত হ'লেও এয়াই সত্য। ভাৰতত আছে এটা বিশেষ মন্দিৰ।

ভাৰতবৰ্ষৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি আৰু বিশ্বাসৰ বাবে জনাজাত। ভাৰতত বিভিন্ন ধৰ্মৰ লোক আছে। প্ৰতিগৰাকী মানুহে নিজা নিজা বিশ্বাস তথা আস্থা ৰাখি ভগৱানক পূজা কৰে। কিন্তু আপুনি কেতিয়াবা অসুৰক পূজা কৰাৰ কথা শুনিছেনে। এই কথা শুনিবলৈ আচৰিত যদিও এয়াই সত্য। ভাৰতত এনে এটা মন্দিৰ আছে, যত অসুৰক পূজা কৰা হয়। ইয়াৰ আঁৰত আছে গভীৰ বিশ্বাস, লোককথা আৰু শতিকা পুৰণি পৰম্পৰা।
হিড়িম্বা মন্দিৰ
হিমাচল প্ৰদেশৰ মনালীত অৱস্থিত হিড়িম্বা দেৱী মন্দিৰ। ভাৰতত অৱস্থিত বিভিন্ন মন্দিৰৰ ভিতৰত এই মন্দিৰো অন্যতম। ইয়াত ভগৱানক নহয়, ৰাক্ষসীক পূজা কৰা হয়। মহাভাৰত যুগৰ হিড়িম্বা ভীমৰ পত্নী আৰু ঘটোটকাচৰ মাতৃ হিচাপে পৰিচিত। হিড়িম্বাক এই স্থানত দেৱীৰ মৰ্যদা দিয়া হৈছে। কাঠ আৰু শিলৰ দ্বাৰা নিৰ্মিত আৰু পেগোডা শৈলীত নিৰ্মাণ কৰা এই মন্দিৰৰ অনন্য স্থাপত্যৰ বাবেও বিখ্যাত।
গোপন কথা কি
স্থানীয় বিশ্বাস অনুসৰি হিড়িম্বাই নিজৰ আসুৰিক প্ৰৱণতা পৰিত্যাগ কৰি ধৰ্মপৰায়ণ জীৱন গ্ৰহণ কৰিছিল। তেওঁ তপস্যা কৰি ধৰ্মপৰায়ণতাৰ পথ বাছি লৈছিল, যাৰ বাবে সেই স্থানৰ লোকে হিড়িম্বাক দেৱী হিচাপে পূজা কৰিবলৈ আৰম্ভ কৰিছিল। অশুভ পৰিত্যাগ কৰি মঙ্গল গ্ৰহণ কৰা প্ৰতিজন ব্যক্তি যে সন্মানৰ যোগ্য সেই কথাৰ প্ৰতীক এই মন্দিৰ। ইয়াত প্ৰতি বছৰে এখন বৃহৎ মেলাও অনুষ্ঠিত হয়, য’ত দূৰ-দূৰণিৰ পৰা ভক্ত আহে।
পুতুনা মন্দিৰ
ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰা অলপ দূৰৈত গোকুলত এনে এক স্থান আছে যত ৰাক্ষসীক পূজা কৰা হয়। এই মন্দিৰটোৰ নাম পুতুনা মন্দিৰ। ভগৱান শ্ৰীকৃষ্ণক বধ কৰিবলৈ কংসই পঠোৱা পুতুনা এগৰাকী বিষাক্ত অসুৰ আছিল যিয়ে নৱজাত কৃষ্ণক স্তনপান কৰাবলৈ চেষ্টা কৰিছিল। কিন্তু কৃষ্ণই তেওঁক হত্যা কৰিছিল।
গোপন কথা কি
পৌৰাণিক কাহিনী অনুসৰি পুতুনা এগৰাকী আসুৰিক আছিল। তেওঁৰ উদ্দেশ্য যিয়েই নহওক কিয়, কৃষ্ণক স্তনপান কৰাইছিল। ভাৰতীয় পৰম্পৰাত দুগ্ধপান কৰা মহিলাক মাতৃৰ সমতুল্য বুলি গণ্য কৰা হয়। পুতুনাই কৃষ্ণক দুগ্ধপান কৰাইছিল আৰু এইদৰেই মুক্তি লাভ কৰিছিল। এই মন্দিৰ ইয়াৰ প্ৰতীক যে যিকোনো পাপীক ঐশ্বৰিক স্পৰ্শৰ দ্বাৰা মুক্ত কৰিব পাৰি।
অযোধ্যাৰ ওচৰৰ অহিৰাৱণ মন্দিৰ
এই মন্দিৰটো ৰামায়ণৰ লগত জড়িত। এই মন্দিৰ পাতালৰ ৰজা অহিৰাৱণ অসুৰৰ কাহিনীৰ সৈতে জড়িত। যুদ্ধৰ সময়ত ৰাম আৰু লক্ষ্মণক অহিৰাৱণৰ হাতত পৰাস্ত কৰি পাতাললৈ লৈ যোৱা হয়, আৰু পাছলৈ হনুমানে মুক্ত কৰে। এই অহিৰাৱনক ইয়াত পূজা কৰা হয়।
মহিষাসুৰ সোঁৱৰণী স্থান, মহীশূৰ (কৰ্ণাটক)
মহীশূৰৰ নাম মহিষাসুৰৰ নামেৰে ৰখা হৈছে। বিশ্বাস কৰা হয় যে এই অঞ্চলত এসময়ত মহিষাসুৰ নামৰ এজন অসুৰে শাসন কৰিছিল। দেৱীয়ে তেওঁক হত্যা কৰিছিল আৰু তেওঁৰ স্মৃতিত ইয়াৰ পৰাই আৰম্ভ হৈছিল দশেৰা উৎসৱ। মহীশূৰৰ চামুণ্ডী পাহাৰত মহিষাসুৰৰ এটা বিশাল প্ৰতিমূৰ্তি অৱস্থিত। যদিও এইটো মন্দিৰ নহয়, তথাপিও ইয়াৰ মানুহে মহিষাসুৰক ঐতিহাসিক চৰিত্ৰ বুলি গণ্য কৰি তেওঁক শ্ৰদ্ধাৰে চায়।
ৰাৱণ মন্দিৰ, কংৰা (হিমাচল প্ৰদেশ) আৰু মন্দসৌৰ (মধ্যাপ্ৰদেশ)
ৰাৱণক হয়তো ৰামায়ণত খলনায়ক হিচাপে জনা যায়, কিন্তু ভাৰতৰ কোনো কোনো ঠাইত ৰাৱণক এজন মহান জ্ঞানী ব্ৰাহ্মণ আৰু শিৱভক্ত হিচাপে পূজা কৰা হয়। মধ্যপ্ৰদেশৰ মন্দসৌৰত প্ৰতি বছৰে দশেৰাৰ দিনা ৰাৱণৰ পূজা কৰা হয়। একে সময়তে হিমাচলৰ কংৰা জিলাতো ৰাৱণ পূজাৰ পৰম্পৰা আছে।
(Disclaimer: ওপৰোক্ত লেখাটো ধৰ্মীয় বিশ্বাস তথা মান্যতাৰ ওপৰত নিৰ্ভৰ কৰি লিখা হৈছে। ইয়াৰ সত্যাসত্য TV9 অসমে বিচাৰ নকৰে।)
অন্য খবৰ পঢ়কঃ ভাৰতৰ এখন গাঁও! য’ত নলয় হনুমানৰ নাম, আনকি পূজা কৰাও নিষিদ্ধ…