শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s Horoscope : শাওনৰ তৃতীয় সোমবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কাৰ ভাগ্যত কি আছে...

Today’s Horoscope : শাওনৰ তৃতীয় সোমবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
আজিৰ ৰাশিফল
trishna-kalita
Trishna Kalita | Published: 04 Aug 2025 06:00 AM

মেষ ৰাশি

আজি আপোনাৰ বাবে কিছু জটিলতাৰে ভৰা দিন হ’ব। কামৰ বাবে অলপ চিন্তাত পৰিব। নতুন কামৰ বাবে অফাৰ পাব পাৰে,কিন্তু পুৰণি কামটোত থকাটোৱে ভাল হ’ব। আপুনি আপোনাৰ সঞ্চয়ৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব, যাৰ বাবে সঞ্চয় আঁচনিতো ধন বিনিয়োগ কৰিব। নতুন ঘৰ বা দোকান ইত্যাদি কিনিব পাৰিব। আপুনি আপোনাৰ চৌপাশে বসবাস কৰা মানুহৰ লগত সমন্বয় বজাই ৰাখিব লাগিব। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল, সেয়া ঘূৰাই পাব পাৰে

শুভ ৰং: ৰঙা

বৃষ ৰাশি

আজি আপোনাৰ মনটো কিবা কথাক লৈ চিন্তিত হ’ব, মনত অস্থিৰতা আহিব। যদি আপুনি কাৰোবাৰ পৰা কিবা কথা গোপনে ৰাখিছিল, তেন্তে সেয়া পৰিয়ালৰ সদস্যৰ সন্মুখত প্ৰকাশ পাব পাৰে। পৰিয়ালত নতুন অতিথি আহিব পাৰে। যদি আপুনি ভ্ৰমণলৈ যায় তেন্তে আপোনাৰ মূল্যৱান সামগ্ৰীৰ সম্পূৰ্ণ যত্ন লওক। কাইলৈলৈ কাম পিছুৱাই দিয়াৰ পৰা বিৰত থাকক। আন কোনোবাই কোৱা কথা এটাই আপোনাৰ কাম নষ্ট কৰিব পাৰে। ৰাজনীতিত জড়িত ডাঙৰ নেতাক লগ পোৱাৰ সুযোগ পাব।

শুভ ৰং: গোলাপী

মিথুন ৰাশি

আজি আপোনাৰ খৰচ বৃদ্ধিৰ প্ৰতি মনোযোগ দিয়াৰ দিন। কোনো বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে শ্বেয়াৰ বজাৰত বিনিয়োগ নকৰিব। সন্তানৰ সংগ লৈ আপুনি অলপ চিন্তাত থাকিব। আপোনাৰ ব্যৱসায়িক অংশীদাৰে আপোনাক প্ৰতাৰণা কৰিব পাৰে। যিকোনো আইনী বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ প্ৰয়োজন হ’ব। পিতৃয়ে কোৱা কথা এটাত আপোনাৰ বেয়া লাগিব পাৰে, তথাপিও আপুনি তেওঁক একো নক’ব।

শুভ ৰং: সেউজীয়া

কৰ্কট ৰাশি

আজিৰ দিনটোৱে আপোনাৰ বাবে সুখ কঢ়িয়াই আনিব। নতুন ঘৰ কিনিব পাৰিব, যাৰ ফলত পৰিয়ালত সুখ আহিব। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত ভাল হ’ব। আপোনাৰ বছে আপুনি কোৱা কথাত বেয়া পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ তথ্য কাৰো লগত শ্বেয়াৰ নকৰিব। আপোনাৰ ঘৰ আৰু বাহিৰৰ কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰক, নহ’লে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ ওপৰত খং উঠিব পাৰে। আপুনি আপোনাৰ হেৰুৱা ধন ঘূৰাই পাব পাৰে

শুভ ৰং: বগা

সিংহ ৰাশি

আজি আপুনি আপোনাৰ অভাৱ-অভিযোগ আঁতৰাই ব্যৱসায়ৰ উন্নতি সাধন কৰিব লাগিব। দূৰৰ আত্মীয়ৰ পৰা কিছু হতাশাজনক খবৰ শুনিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহত থকা বাধা আঁতৰি যাব। আপোনাৰ পুৰণি ভুলৰ পৰা শিক্ষা ল’ব লাগিব। যদি আপুনি ঋণ লৈছিল তেন্তে আপুনিও সেই ঋণ পৰিশোধ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ধন-সম্পত্তি বৃদ্ধি হোৱাৰ বাবে আপোনাৰ সুখৰ কোনো সীমা নাথাকিব।

শুভ ৰং: নীলা

কন্যা ৰাশি

আজি আপোনালোকৰ বাবে প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ দিন । আজি আপোনাৰ কৰ্ম ক্ষমতা ভাল হ’ব। যদি আপুনি দীৰ্ঘদিন ধৰি যিকোনো শাৰীৰিক বিষত ভুগি আছিল, তেন্তে তাৰ পৰা সকাহ পাব। আপোনাৰ প্ৰিয় কাম পোৱাৰ সম্ভাৱনা আছে। আপুনি কিছুমান সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব, যাৰ বাবে আপুনি কিছুমান নতুন মানুহৰ লগত চিনাকি হ’ব। ব্যৱসায়ত কোনোবাই আপোনাক ভাল পথ দেখুৱাব।

শুভ ৰং: সেউজীয়া

তুলা ৰাশি

আজি আপোনাৰ বাবে সমস্যাৰে ভৰা দিন হ’ব। কাম লৈ আপুনি চিন্তাত থাকিব। ব্যৱসায়ত ভাল লাভ নোপোৱাৰ বাবে আপুনি হতাশ হ’ব। যদি আপুনি যিকোনো আঁচনিত ধন বিনিয়োগ কৰে, সেয়া ডুব যোৱাৰ সম্ভাৱনা আছে। অলপ চিন্তা কৰি সিদ্ধান্ত ল’ব লাগিব। কাৰোবাৰ পৰামৰ্শত লোৱা সিদ্ধান্তৰ বাবে পিছলৈ অনুশোচনা কৰিব পাৰে। হঠাতে বাহনৰ ক্ষতি হোৱাৰ বাবে আপোনাৰ ধনৰ ব্যয় বৃদ্ধি পাব পাৰে। আপোনাৰ ভাই-ভনীৰ লগত ভালদৰে মিলিব।

শুভ ৰং: গোলাপী

বৃশ্চিক ৰাশি

আজি আপুনি আপোনাৰ চিন্তাধাৰাত ইতিবাচকতা বজাই ৰখা উচিত। কাৰণ আপোনাৰ ভাল চিন্তাৰে প্ৰতিপক্ষক জয় কৰিবলৈ চেষ্টা কৰিব। আপুনি আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব। আপুনি হৃদয়ৰ পৰা মানুহৰ মংগলৰ কথা ভাবিব, কিন্তু মানুহে ইয়াক আপোনাৰ স্বাৰ্থপৰ বুলি গণ্য কৰিব পাৰে। আপুনি নিজৰ দায়িত্বৰ পৰা পিছুৱাই যোৱা উচিত নহয়। যদি আপুনি আপোনাৰ চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে আন এটা অফাৰ পাব পাৰে।

শুভ ৰং: ৰঙা

ধনু ৰাশি

লেনদেন সম্পৰ্কীয় বিষয়ত খৰখেদা কৰা উচিত নহয়। ব্যৱসায়তো ভালদৰে চিন্তা কৰাৰ পিছত ধন বিনিয়োগ কৰক, কাৰণ যিকোনো ৰিস্ক লোৱাটোৱে আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। আপোনাৰ ঘৰত ৰং কৰাৰ পৰিকল্পনা কৰিব পাৰে। যদি আপোনাৰ কোনো পাৰিবাৰিক সমস্যাই আপোনাক দীৰ্ঘদিন ধৰি চিন্তাত ৰাখিছিল, তেন্তে সেয়া দূৰ হ’ব পাৰে। ভালদৰে চিন্তা কৰি আপোনাৰ যিকোনো সহকৰ্মীৰ লগত কথা পাতিব লাগে। ইফালে-সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব।

শুভ ৰং: হালধীয়া

মকৰ ৰাশি

আজি আপোনাৰ বাবে দৌৰাদৌৰিৰ দিন হ’ব। ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব। পুৰণি ভুলৰ পৰা শিক্ষা ল’ব লাগিব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই সুখী হ’ব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে সকাহ পাব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে নিজৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব, তেতিয়াহে তেওঁলোকে কিছু ভাল ফলাফল পাব। মনৰ যিকোনো ইচ্ছাক লৈ মাৰ লগত কথা পাতিব পাৰে।

শুভ ৰং: নীলা

কুম্ভ ৰাশি

আজি আপোনালোকৰ বাবে এটা উদযাপনৰ দিন হ’ব। পৰিকল্পনা কৰি কাম কৰিলে আপোনাৰ বাবে ভাল হ’ব। আপুনি এটাৰ পিছত এটাকৈ ভাল খবৰ শুনি থাকিব। কৰ্মক্ষেত্ৰতো প্ৰমোচন পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বছ আপোনাৰ কামত বহুত সুখী হ’ব। পৰিয়ালত ছাৰপ্ৰাইজ পাৰ্টিৰো আয়োজন কৰিব পাৰে। বাহন ব্যৱহাৰ কৰাৰ সময়ত অলপ সাৱধান হ’ব লাগিব।

শুভ ৰং: ৰঙা

মীন ৰাশি

আজি আপোনাৰ বাবে কিছু সমস্যাৰে ভৰা দিন হ’ব। কাৰণ আপোনাৰ কামত কিছু বাধাৰ সম্ভাৱনা আছে। আপোনাৰ কিছু কাম সম্পূৰ্ণ হোৱাৰ আগতেই নষ্ট হ’ব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে কিছুমান নতুন বিৰোধীৰ সৃষ্টি হ’ব পাৰে। যদি আপোনাৰ ল’ৰা-ছোৱালীয়ে পঢ়া-শুনাত কিছু সমস্যাৰ সন্মুখীন হৈছে, তেন্তে তেওঁলোকৰ শিক্ষকৰ লগত কথা পাতিব লাগিব। যিকোনো নতুন কাম আপুনি ভালদৰে বিবেচনা কৰি আৰম্ভ কৰিব। পিতৃক পুৰণি বেমাৰে আকৌ লগ দিব, যিয়ে আপোনাক চিন্তা পেলাব পাৰে।

শুভ ৰং: সেউজীয়া