শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: আজি সোমবাৰ, আপোনাৰ বাবে কেনে হ’ব দিনটো? চাওক ৰাশিফল…

মিথুন ৰাশিৰ লোকৰ বাবে আজিৰ দিনটোৱে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। কন্যা ৰাশিৰ জাতক-জাতিকাৰ বাবেআজি প্ৰগতিৰ দিন। মীন ৰাশিৰ লোকে নতুন চাকৰিৰ অফাৰ পাব পাৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব? চাওক ৰাশিফল...

Daily Horoscope: আজি সোমবাৰ, আপোনাৰ বাবে কেনে হ’ব দিনটো? চাওক ৰাশিফল…
Daily Horoscope 1 1 1 1 1 1 1 2
trishna-kalita
Trishna Kalita | Published: 21 Apr 2025 06:00 AM

Daily Horoscope:  আজি ২১ এপ্ৰিল, সোমবাৰ। আপোনাৰ দিনটো কেনে যাব? ৰাশিফলত ইয়াৰ সবিশেষ বৰ্ণনা কৰা হয়। ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কি কি আছে…

মেষ ৰাশি: আজি আপোনাৰ মনত কিবা এটা বিষয়ক লৈ অস্থিৰতাই বিৰাজ কৰিব। যাৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়তো পৰিব। কোনো অচিনাকি মানুহক বিশ্বাস কৰাৰ লোকচানৰ সন্মুখীন হ’ব পাৰে। নিজৰ কামক লৈ পৰিকল্পনা কৰিব লাগিব। যিকোনো প্রতিশ্রুতি দিয়াৰ আগত চিন্তা কৰিব। আপোনাৰ সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব। মাতৃৰ স্বাস্থ্যৰ কোনো অৱনতি হ’লে ভাল চিকিৎসকৰ পৰামৰ্শ ল’ব লওক।

বৃষ ৰাশি: আজি আপোনাৰ বাবে এক শক্তিশালী দিন হ’ব। আপুনি নিজৰ কামত আগবাঢ়ি যাব। প্ৰিয় খাদ্য উপভোগ কৰিব। বাহনৰ ক্ষতি হোৱাৰ বাবে আপোনাৰ আৰ্থিক খৰচ বৃদ্ধি পাব পাৰে। যদি আপুনি নতুন ঘৰ কিনাৰ কথা ভাবিছে তেন্তে তাৰ বাবে আজি চুক্তি চূড়ান্ত কৰিব পাৰে। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰা লোকসকলে কিছু বুদ্ধিমত্তাৰে বিনিয়োগ কৰিব লাগিব।

মিথুন ৰাশি: আজিৰ দিনটোৱে আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। কামত কিছু পৰিৱৰ্তন কৰিব, যিটো আপোনাৰ বাবে ভাল হ’ব। নতুন চাকৰিৰ সুযোগ পাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে নতুন পাঠ্যক্ৰম লোৱাৰ ইচ্ছা গঢ়ি উঠিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ বিবাহ নিশ্চিত হোৱাৰ বাবে পৰিৱেশ সুখকৰ হ’ব। আনৰ পৰা বাহন লৈ নচলাব, এনে কৰিলে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। নতুন কিবা এটা কৰিবলৈ কৰা প্ৰচেষ্টাত সফল হ’ব।

কৰ্কট ৰাশি: আজি আপুনি কিবা কথাক লৈ চিন্তাত থাকিব। ঈৰ্ষাপৰায়ণ আৰু কাজিয়া কৰা মানুহৰ পৰা দূৰত্ব বজাই ৰখা উচিত। কৰ্মক্ষেত্ৰত আপোনাৰ বছে আপোনাৰ পৰামৰ্শ ভাল পাব। ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। তেজৰ সম্পৰ্ক শক্তিশালী হ’ব। যদি আপোনাৰ পৰিয়ালত দীৰ্ঘদিন ধৰি কিবা সংঘাত চলি আছে, একেলগে বহি সমাধান কৰাটো প্ৰয়োজন। আপুনি কোৱা কথাক লৈ পত্নীৰ সৈতে তৰ্ক হ’ব পাৰে।

সিংহ ৰাশি: আজি আপোনাৰ বাবে মধ্যমীয়া দিন হ’ব। আপুনি আপোনাৰ সন্তানকদিয়া দায়িত্ব সহজেই পালন কৰিব পাৰিব। আপোনাৰ মাতৃৰ ফালৰ পৰা আৰ্থিক সহায় পোৱাৰ সম্ভাৱনা আছে। কোনো আইনী বিষয়ত গাফিলতিয়ে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কাকো এনে কথা ক’ব নালাগে যিয়ে তেওঁলোকৰ মনত আঘাত দিব পাৰে। কিছুমান নতুন মানুহৰ লগত সামাজিকভাৱে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। ইটোৰ পিছত সিটো ভাল খবৰ শুনিবলৈ পাব।

কন্যা ৰাশি: আজি আপোনাৰ বাবে প্ৰগতিৰ দিন । আপুনি আপোনাৰ ব্যৱসায়ত কিছুমান নতুন কথা অন্তৰ্ভুক্ত কৰিব। যদি আপোনাৰ সম্পত্তিৰ সন্দৰ্ভত কোনো বিবাদ হৈছিল, সেয়া সমাধান হ’ব। কামৰ সন্দৰ্ভত আপোনাৰ ভাই-ভনীৰ পৰা পৰামৰ্শ ল’ব পাৰে। পুৰণি বন্ধুৱে আপোনাৰ বিনিয়োগৰ সন্দৰ্ভত কিছু পৰামৰ্শ দিব পাৰে। ধৰ্মীয় কাম-কাজৰ প্ৰতি অতি আগ্ৰহী হ’ব। শুভ উদযাপনত অংশগ্ৰহণ কৰাৰ সুযোগ পাব।

তুলা ৰাশি: আজি আপোনাৰ বাবে খৰচেৰে ভৰা দিন হ’ব। চখ আৰু মনোৰঞ্জনৰ বাবে বহুত আপুনি টকা খৰচ কৰিব। আপুনি কোৱা কথাৰ বাবে আপোনাৰ ওপৰত পিতৃৰ খং উঠিব পাৰে। আপুনি আপোনাৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হ’ব লাগিব। কাৰণ তেওঁৰ হাড়ৰ লগত জড়িত কোনো সমস্যা হোৱাৰ সম্ভাৱনা আছে। সঞ্চয় পৰিকল্পনাত গুৰুত্ব দিব লাগিব, তেতিয়াহে আপুনি আপোনাৰ ভৱিষ্যতক লৈ সন্তুষ্ট হ’ব।

বৃশ্চিক ৰাশি: আজি আপোনাৰ বাবে উদয়াপনৰ দিন হ’ব। ঘৰতে যিকোনো পূজাৰ আয়োজন কৰিব পাৰে। আপোনাৰ এলাৰ্জী বা সংক্ৰমণ আদিৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা আছে। কোনো বিষয়ত ভাই-ভনীৰ লগত অপ্ৰয়োজনীয়ভাৱে কাজিয়া নকৰিব। কিছুমান পুৰণি ভুলৰ বাবে আপুনি অনুশোচনা কৰিব। পৰিয়ালৰ কোনো সদস্যৰ কেৰিয়াৰ সন্দৰ্ভত যিকোনো সিদ্ধান্ত ল’লে জ্যেষ্ঠ সদস্যৰ উপস্থিতিত ল’লে ভাল হ’ব।

ধনু ৰাশি: আজি আপোনাৰ বাবে কিছু নতুন কাম আৰম্ভ কৰাৰ ভাল দিন। প্ৰেমত থকাসকলে নিজৰ সংগীৰ সৈতে অকলে কিছু সময় কটাব। যাতে দুয়োজনে নিজৰ ভৱিষ্যত জীৱনৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ সন্তানৰ স্বেচ্ছাচাৰী আচৰণৰ বাবে আপুনি চিন্তিত হ’ব। ব্যৱসায়িক চুক্তি চূড়ান্ত হোৱাৰ আগতে আবদ্ধ হৈ পৰিব পাৰে, যিয়ে আপোনাৰ উত্তেজনা বৃদ্ধি কৰিব। আপুনি আপোনাৰ ঘৰৰ কথা ভাবিব।

মকৰ ৰাশি: আজি আপোনাৰ বাবে লাভৰ দিন হ’ব। বহুদিনৰ মূৰত পুৰণি বন্ধুক লগ পাই সুখী হ’ব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ চূড়ান্ত হ’ব পাৰে। আপোনাৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় পৰিকল্পনাত ধন বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল হ’ব। পত্নীয়ে আপোনাক সমৰ্থন কৰিব। বহুদিনৰ পিছত শহুৰৰ ফালৰ পৰা মানুহক লগ পাব।

কুম্ভ ৰাশি: আজি আপোনাৰ বাবে চিন্তাশীলভাৱে কাম কৰাৰ দিন । বিপথে পৰিচালিত হোৱা উচিত নহয়। দীৰ্ঘদিন ধৰি চলি থকা পাৰিবাৰিক সমস্যা পৰা বহু পৰিমাণে সকাহ পাব। আপোনাৰ ব্যৱসায়ৰ কিছুমান নতুন চুক্তি চূড়ান্ত হ’ব। ব্যৱসায়ত ভাল সফলতা লাভ কৰিব। বছৰ লগত আপোনাৰ সম্পৰ্ক ভাল হ’ব, আপোনাৰ প্ৰমোচনৰ কথাও ভাবিব পাৰে। টকা পোৱাৰ পিছত আপুনি বহুত সুখী হব।

মীন ৰাশি: খৰখেদাকৈ আৰু আৱেগিকভাৱে যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। নতুন চাকৰিৰ অফাৰ পাব পাৰে। বেংকিং খণ্ডত কাম কৰা লোকসকলে পদোন্নতি পালে অতি আনন্দিত হ’ব। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা সকলে ক্ষিপ্ৰতাৰে কাম কৰিব লাগিব। সন্তানক সংগক লৈ বিশেষ গুৰুত্ব দিব লাগিব। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। একে সময়তে বহু কাম কৰিবলগীয়া হ’লে আপোনাৰ চিন্তা বাঢ়িব পাৰে।