Today’s Horoscope: আজি বৃহস্পতিবাৰ, কেনে যাব আপোনাৰ দিনটো? চাওক ৰাশিফল…

Daily Horoscope: ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কাৰ ভাগ্যত কি আছে...

Today’s Horoscope: আজি বৃহস্পতিবাৰ, কেনে যাব আপোনাৰ দিনটো? চাওক ৰাশিফল…

ৰাশিফল

Updated On: 

19 Jun 2025 06:19 AM

Daily Horoscope:  আজি ১৯ জুন, বৃহস্পতিবাৰ। আপোনাৰ দিনটো কেনে যাব? ৰাশিফলত ইয়াৰ সবিশেষ বৰ্ণনা কৰা হয়। ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কি কি আছে…

মেষ ৰাশি

আজিৰ দিনটোৱে আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত আপুনি এটা ডাঙৰ দায়িত্ব পাব পাৰে। প্ৰেমৰ সম্পৰ্কত কিছু বুজাবুজিৰে আগবাঢ়িব লাগিব। জীৱন সংগীয়ে নতুন চাকৰি পাব পাৰে। বিবাহিত জীৱনত চলি থকা সমস্যাবোৰ বহু পৰিমাণে সমাধান হ’ব। লেনদেনৰ লগত জড়িত কামবোৰৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগিব। কিছুমান বিশেষ মানুহ লগ পাব পাৰে।

শুভ ৰং- সেউজীয়া

বৃষ ৰাশি

আজি আপুনি নিজৰ আচাৰ-ব্যৱহাৰত কিছু পৰিৱৰ্তন আনিব লাগে। আপোনাৰ স্বেচ্ছাচাৰী আচৰণৰ বাবে বহু লোকে অশান্তি পাব। কিন্তু কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ ভাল চিন্তাৰ সুবিধা ল’ব আৰু আপোনাৰ কনিষ্ঠসকলে আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব। আপুনি কিছুমান কামৰ ক্ষেত্ৰত বুজাবুজিৰে আগবাঢ়িব লাগিব। আপোনাৰ বছে কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ ল’ব। বহুদিনৰ মূৰত পুৰণি বন্ধুক লগ পাই সুখী হ’ব। কামৰ লগতে স্বাস্থ্যৰ প্ৰতিও সম্পূৰ্ণ গুৰুত্ব দিব।

শুভ ৰং- ৰঙা

মিথুন ৰাশি

আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ’ব। মাতৃয়ে আপোনাক এটা ডাঙৰ দায়িত্ব দিব পাৰে, কিন্তু আপুনি আতংকিত হোৱাৰ প্ৰয়োজন নাই। আপোনাৰ ভাই-ভনীৰ লগত পাৰিবাৰিক কিছুমান বিষয়ত কথা পাতিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত কোনো ধৰণৰ পৰিৱৰ্তন কৰিব নালাগে। আপোনাৰ মনত মৰম আৰু সহযোগিতাৰ অনুভূতি থাকিব। সহযোগিতাৰ জৰিয়তে সময়ৰ আগতে যিকোনো কাম সম্পূৰ্ণ কৰিব। ধৈৰ্য্য আৰু সংযমৰ সৈতে আপোনাৰ কামৰ লগত মোকাবিলা কৰিব লাগিব।

শুভ ৰং – বগা

কৰ্কট ৰাশি

আজি আপোনাৰ আৰামৰ বৃদ্ধি হ’ব। কামৰ সন্দৰ্ভত আপোনাৰ মনলৈ নতুন ধাৰণা আহিব, যদি সেইবোৰক তৎক্ষণাত ব্যৱসায়ত প্ৰয়োগ কৰে তেন্তে আপোনাৰ বাবে ভাল হ’ব। আনক ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগিব। ব্যৱসায়ত লোকচানৰ সন্মুখীন হ’ব পাৰে। পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আপোনাৰ মনটো বিচলিত হ’ব। সন্তানৰ সংগক বিশেষ গুৰুত্ব দিব লাগে। নিজৰ ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে, যিটো আপোনাৰ বাবে ভাল হ’ব।

শুভ ৰং – গোলাপী

সিংহ ৰাশি

চৰকাৰী চাকৰীয়াল লোকৰ বাবে আজি ভাল দিন। আপুনি আধ্যাত্মিকতাৰ প্ৰতি অতি আগ্ৰহী হ’ব, কিন্তু অন্ধভাৱে আনক বিশ্বাস নকৰিব, অন্যথা সমস্যাত পৰিব পাৰে। যদি আপুনি কাৰোবাৰ পৰা টকা ধাৰ লৈছিল, সেয়া ঘূৰাই পাব পাৰে। পুৰণি ভুলৰ পৰা শিক্ষা ল’ব লাগিব। যদি আপোনাৰ কোনো পূৰ্বপুৰুষৰ সম্পত্তিক লৈ কাজিয়া হৈছে, তেন্তে জ্যেষ্ঠজনৰ সহায়ত সেয়া নিষ্পত্তি কৰিব লাগিব। চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব।

শুভ ৰং- হালধীয়া

কন্যা ৰাশি

আজি আপোনাৰ বাবে কঠোৰ পৰিশ্ৰমৰ দিন। আপোনাৰ পত্নীৰ লগত যদি কিছু মতানৈক্য আছিল, সেয়া সমাধান হ’ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত সমস্যা হ’লে,পৰিৱৰ্তন কৰাৰ কথা ভাবিব পাৰে, যাৰ বাবে আপুনি আপোনাৰ শিক্ষকৰ পৰামৰ্শৰ প্ৰয়োজন হ’ব। বহিঃৰাজ্যৰ পৰা ব্যৱসায় কৰা লোকসকলে চুক্তি চূড়ান্ত কৰিব পাৰে। অলপ সাৱধানে যান-বাহন ব্যৱহাৰ কৰিব লাগিব।

শুভ ৰং- ৰঙা

তুলা ৰাশি

আজি দিনটো আপোনাৰ বাবে অনুকূল হ’ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। ভুল খাদ্যাভ্যাসৰ বাবে আপোনাৰ সমস্যা বাঢ়িব পাৰে। খৰখেদাকৈ যিকোনো পৰিয়ালৰ সদস্যৰ কেৰিয়াৰ সম্পৰ্কে কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। আপোনাৰ আৰাম বাঢ়িব। আপোনাৰ কলা আৰু দক্ষতা উন্নত হ’ব। ঈশ্বৰৰ উপাসনাৰ প্ৰতি আগ্ৰহ থাকিব। সহকৰ্মীসকলৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰাৰ সুযোগ পাব।

শুভ ৰং- নীলা

বৃশ্চিক ৰাশি

আজি আপোনাৰ বাবে সন্মান বৃদ্ধিৰ দিন। লাভৰ বাবে কৰা পৰিকল্পনাবোৰত সম্পূৰ্ণ মনোযোগ দিব লাগিব। আন কাৰোবাৰ কথাত অপ্ৰয়োজনীয়ভাৱে মাত নিদিব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে, আপোনাৰ ইচ্ছা পূৰণ হ’ব পাৰে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত কাম কৰাৰ সুযোগ পাব। আপোনাৰ যিকোনো বাকী থকা কাম সময়মতে সম্পূৰ্ণ হ’ব, যিয়ে আপোনাক সুখী কৰিব। যদি আপুনি ক’ৰবালৈ যায়, তেন্তে আপোনাৰ মূল্যৱান বস্তুবোৰ নিশ্চিতভাৱে সুৰক্ষিত কৰি ৰাখক। আপোনাৰ পত্নীৰ বাবে এটা ছাৰপ্ৰাইজ গিফ্ট লৈ আহিব পাৰে।

শুভ ৰং- আকাশ নীলা

ধনু ৰাশি

আৰ্থিক দৃষ্টিকোণৰ পৰা আজি আপোনাৰ বাবে ভাল হ’ব। যদি আপোনাৰ টকা ক’ৰবাত আবদ্ধ হৈ আছিল, তেন্তে সেয়া ঘূৰাই পাব পাৰে। প্ৰেমত নিজৰ সংগীৰ সৈতে ৰোমান্টিক সয়ম কটাব আৰু তেওঁক ক’ৰবালৈ লৈ যাব পাৰে। ব্যৱসায়ৰ কিছুমান নতুন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব। দূৰত বাস কৰা কোনো আত্মীয়ৰ পৰা হয়তো কিছু হতাশাজনক খবৰ শুনিবলৈ পাব পাৰে।

শুভ ৰং- বেঙুনীয়া

মকৰ ৰাশি

আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ’ব। ঘৰ আৰু বাহিৰৰ কামত ভাৰসাম্য ৰক্ষা কৰিব লাগে, নহ’লে আপোনাৰ পৰিয়ালৰ লোকৰ আপোনাৰ ওপৰত খং উঠিব পাৰে। ব্যৱসায়ত যিকোনো পৰিৱৰ্তন অতি চিন্তাশীলভাৱে কাম কৰক। কৰ্মক্ষেত্ৰত কিছুমান নতুন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব পাৰে। আপোনাৰ প্ৰয়োজন পূৰণৰ বাবে আপুনি বহুত খৰচ কৰিব। যিকোনো কামত ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ পথ স্পষ্ট হৈ পৰিব।

শুভ ৰং- বগা

কুম্ভ ৰাশি

আজি আপোনাৰ বাবে আয় বৃদ্ধিৰ দিন। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ লগত কথা পাতোতে অতি সাৱধান হোৱাটো প্ৰয়োজন। কাকো অন্ধভাৱে বিশ্বাস নকৰিব, নহ’লে তেওঁ আপোনাক প্ৰতাৰণা কৰিব পাৰে। আপুনি আপোনাৰ প্ৰিয় খাদ্য উপভোগ কৰিব পাৰিব। যদি আপোনাৰ স্বাস্থ্যক লৈ কোনো সমস্যা আছিল,সেয়া নাইকিয়া হৈ যাব। পুৰণি ভুলৰ পৰা শিক্ষা ল’ব লাগিব। একেলগে বহি পৰিয়ালৰ যিকোনো বিষয় নিষ্পত্তি কৰিব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ প্ৰস্তাৱ অনুমোদন হ’ব পাৰে।

শুভ ৰং- কমলা

মীন ৰাশি

আজিৰ দিনটোৱে আপোনাৰ বাবে কিছু সমস্যা আনিব পাৰে। কিবা কামৰ বাবে মানসিক চাপত থাকিব। যদি আপোনাৰ সম্পত্তিৰ সন্দৰ্ভত বিবাদ হৈছিল, সেয়া সমাধান হ’ব পাৰে। অভিভাৱকৰ আশীৰ্বাদত আপোনাৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কামৰ সন্দৰ্ভত কাৰো পৰা পৰামৰ্শ ল’ব নালাগে। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পোৱাৰ সুযোগ পাব। ল’ৰা-ছোৱালীক দিয়া প্ৰতিশ্ৰুতি সহজেই পূৰণ কৰিব পাৰিব।

শুভ ৰং- গোলাপী

ভাৰতীয় জাতীয় পতাকাৰ তিনিটা ৰঙৰ প্ৰকৃত অৰ্থ কি? জানোঁ আহক...
আপোনাৰ শৰীৰত তেজ কমিছে নেকি? হিম’গ্লবিন বৃদ্ধি কৰিবলৈ কি খাব লাগে জানেনে?
মাইগ্ৰেইনৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক সবিশেষ
এনেকৈ ব্যৱহাৰ কৰক তুলসী পাত! চুলি হৈ পৰিব ধুনীয়া, মজবুত আৰু দীঘল...