শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Today’s Horoscope: গণপতিৰ কৃপাত এইসকলৰ জিলিকিব ভাগ্য, চাওক ডিচেম্বৰৰ প্ৰথমটো বুধবাৰৰ ৰাশিফল…

ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কাৰ ভাগ্যত কি আছে...

Today’s Horoscope: গণপতিৰ কৃপাত এইসকলৰ জিলিকিব ভাগ্য, চাওক ডিচেম্বৰৰ প্ৰথমটো বুধবাৰৰ ৰাশিফল…
ৰাশিফল
trishna-kalita
Trishna Kalita | Published: 03 Dec 2025 06:00 AM

Daily Horoscope:  আজি ৩ ডিচেম্বৰ , বুধবাৰ। আজিৰ দিনটো আপোনাৰ বাবে কেনে হ’ব? ৰাশিফলত ইয়াৰ সবিশেষ বৰ্ণনা কৰা হয়। ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কি কি আছে…

মেষ ৰাশি

আজি আপুনি কিছু সমস্যাৰ বাবে চিন্তিত হৈ পৰিব। বিৰোধীয়ে আপোনাৰ কামত ব্যাঘাত জন্মাব পাৰে, গতিকে সাৱধান হওক। স্বাস্থ্যৰ যত্ন লওক আৰু খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰক। সম্পত্তি সম্পৰ্কীয় বিবাদৰ পৰা আঁতৰি থাকক। আজি আপোনাৰ চিন্তা কাৰো লগত শ্বেয়াৰ নকৰিব। ব্যৱসায়ত উত্থান-পতন হ’ব। কথাত সংযম ৰক্ষা কৰক।

লাকী নম্বৰ: ৫
লাকী ৰং: ৰঙা

বৃষ ৰাশি

আজি এটা ভাল দিন হ’ব। নতুন প্ৰজেক্ট এটা আৰম্ভ কৰিবলৈ হয়তো বহু দূৰ যাত্ৰা কৰিব লাগিব। বন্ধু-বান্ধৱীৰ পৰা সমৰ্থন লাভ কৰিব। পৰিয়ালৰ ভিতৰত মতানৈক্যৰ সমাধান হ’ব। কোনোবা গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব।

লাকী নম্বৰ: ৯
লাকী ৰং: বগা

মিথুন ৰাশি

আজি ঘৰলৈ অতিথি আহিব পাৰে। কোনো ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা থাকিব পাৰে। আপোনাৰ পত্নীৰ সৈতে হোৱা মতানৈক্যৰ সমাধান হ’ব। আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব। আপুনি হয়তো আজিয়েই বৃহৎ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে।

লাকী নম্বৰ: ৩
লাকী ৰং: সেউজীয়া

কৰ্কট ৰাশি

আজিৰ দিনটো বহুত ভাল হব। অৱশ্যে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। আপুনি এটা পুৰণি প্ৰকল্পত পৰিবৰ্তন কৰিব পাৰে, যিটো আপোনাৰ অংশীদাৰসকলে সমৰ্থন কৰিব। পৰিয়াল আৰু সন্তানৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। বৃহৎ বিনিয়োগ কৰিলে লাভ হ’ব।

লাকী নম্বৰ: ২
লাকী ৰং: বগা

সিংহ ৰাশি

আজি এটা স্বাভাৱিক দিন হ’ব। আপুনি নতুন যোগাযোগ কৰিব, যিটো আপোনাৰ বাবে উপকাৰী হ’ব। কাৰোবাক বেছি বিশ্বাস কৰাৰ আগতে চিন্তা কৰক। আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ’ব।

লাকী নম্বৰ: ১
লাকী ৰং: সোণালী

কন্যা ৰাশি

আজি অনুকূল দিন নহ’ব। অপ্ৰয়োজনীয় কাজিয়া পৰিহাৰ কৰক। উৰ্ধতন বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ব্যৱসায় স্বাভাৱিক হ’ব। বৃহৎ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক, নহ’লে লোকচান হ’ব পাৰে। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক।

লাকী নম্বৰ: ৮
লাকী ৰং: নীলা

তুলা ৰাশি

আজি ভাল দিন নহ’ব। আপুনি আপোনাৰ পত্নীৰ স্বাস্থ্যৰ বাবে চিন্তিত হ’ব। আৰ্থিক সহায়ৰ প্ৰয়োজন হ’ব পাৰে। আনক বেছি বিশ্বাস নকৰিব। কাৰোবাক বৃহৎ পৰিমাণৰ ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক, কিয়নো লোকচান হোৱাৰ সম্ভাৱনা আছে।

লাকী নম্বৰ: ৬
লাকী ৰং: গোলাপী

বৃশ্চিক ৰাশি

আজি এটা স্বাভাৱিক দিন হ’ব। কৰ্মক্ষেত্ৰত আপুনি যথেষ্ট আৰ্থিক সাহায্য লাভ কৰিব পাৰে। এটা পৰিকল্পিত প্ৰকল্প সম্পূৰ্ণ হ’ব। বিনিয়োগৰ ফলত লাভ হ’ব। সম্পত্তিত বিনিয়োগ কৰিব পাৰে। আপোনাৰ সন্তানৰ চিন্তা লাঘৱ হ’ব। এটা পুৰণি সপোন হয়তো বাস্তৱায়িত হ’ব।

লাকী নম্বৰ: ৭
লাকী ৰং: ক’লা

ধনু ৰাশি

আজি হয়তো আপুনি এটা দীঘলীয়া যাত্ৰা হাতত ল’ব লাগিব, যিটো সফল হ’ব। এটা প্ৰকল্পৰ বাবে আপুনি আৰ্থিক সাহায্য লাভ কৰিব। পাৰিবাৰিক সমস্যাৰ সমাধান হ’ব। বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে।

লাকী নম্বৰ: ৪
লাকী ৰং: হালধীয়া

মকৰ ৰাশি

আজি এটা ভাল দিন হ’ব। নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে এয়া ভাল সময়। আপুনি আৰ্থিক সহায় লাভ কৰিব। পুৰণি বিবাদৰ পৰা আপুনি সকাহ পাব। ব্যৱসায় ভাল হ’ব।

লাকী নম্বৰ: ৮
লাকী ৰং: ধূসৰ

কুম্ভ ৰাশি

আজি চিনাকি মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত আপোনাৰ মানসিক চাপৰ সৃষ্টি হ’ব পাৰে। বিৰোধীয়ে আপোনাৰ কামত ব্যাঘাত জন্মাব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা দুৰ্বল হ’ব পাৰে। অপ্ৰয়োজনীয় বিবাদ পৰিহাৰ কৰক। আপোনাৰ চিন্তা কাৰো লগত শ্বেয়াৰ নকৰিব।

লাকী নম্বৰ: ১১
লাকী ৰং: নীলা

মীন ৰাশি

আজি এটা ভাল দিন হ’ব। নতুন বন্ধু পাবা। ব্যৱসায়ত লাভ দেখিব। কৰ্মক্ষেত্ৰত আপোনাৰ উৰ্ধতন বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। পদোন্নতিৰ সম্ভাৱনা আছে। আপোনাৰ পত্নীৰ সৈতে হোৱা মতানৈক্যৰ সমাধান হ’ব। আপোনাৰ স্বাস্থ্য ভাল হ’ব।

লাকী নম্বৰ: ৯
লাকী ৰং: হালধীয়া