শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: এইকেইটা ৰাশিৰ লোকৰ আজি ফুলিব কপাল, থাকিব ভগৱান গণেশৰ কৃপাদৃষ্টি! চাওক আপোনাৰ ৰাশিফল

হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি বুধবাৰ দিনটো ভগৱান গণেশৰ নামত উৎসৰ্গা কৰা হৈছে। ধৰ্মবিশ্বাসী অধিকাংশ লোকেই দিনটো কিদৰে পাৰ হ’ব, তাৰ এক আভাস পাবলৈ ৰাশিফলত চকু ফুৰায়। গতিকে আজি বুধবাৰে ভগৱান গণেশৰ আশীৰ্বাদ লাভেৰে দিনটো আপোনাৰ বাবে শুভ হ’বনে জানিবলৈ চাওক ৰাশিফল।

Daily Horoscope: এইকেইটা ৰাশিৰ লোকৰ আজি ফুলিব কপাল, থাকিব ভগৱান গণেশৰ কৃপাদৃষ্টি! চাওক আপোনাৰ ৰাশিফল
আজি দিনটোৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 26 Nov 2025 06:00 AM

আজি ২৬ নৱেম্বৰ, বুধবাৰ। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি সপ্তাহৰ প্ৰতিটো দিন কোনো এগৰাকী আৰাধ্য দেৱ-দেৱীৰ নামত উৎসৰ্গিত। এই ধাৰণা অনুসৰি বুধবাৰ দিনটো ভগৱান গণেশৰ নামত উৎসৰ্গা কৰা হৈছে। ধৰ্মবিশ্বাসী অধিকাংশ লোকেই দিনটো কিদৰে পাৰ হ’ব, তাৰ এক আভাস পাবলৈ ৰাশিফলত চকু ফুৰায়। গতিকে আজি বুধবাৰে ভগৱান গণেশৰ আশীৰ্বাদ লাভেৰে দিনটো আপোনাৰ বাবে শুভ হ’বনে জানিবলৈ চাওক ৰাশিফল-

মেষ ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পথ মুকলি হ’ব। মনোবল বৃদ্ধি পাব। নতুন কোনো লোকৰ সৈতে সাক্ষাৎ হ’ব। ৰাজনীতিত সুনাম বাঢ়িব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। শিক্ষাৰ্থীসকলে কোনো ক্ৰীড়া প্ৰতিযোগিতাত অংশ ল’ব পাৰে।

বৃষ ৰাশিৰ ৰাশিফল

দিনটো সাধাৰণভাৱে পাৰ হ’ব। ধন লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। যিকোনো সমস্যাপূৰ্ণ পৰিস্থিতিতো ধৈৰ্য ৰাখক। সন্তানৰ আচৰণৰ বাবে চিন্তিত হ’ব, অৱশ্যে সন্তানৰ ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰিব পাৰিব। ৰাজনীতিত সাৱধানে আগবাঢ়ক।

মিথুন ৰাশিৰ ৰাশিফল

মনৰ কোনো আকাংক্ষিত ইচ্ছা পূৰ হ’ব। সঞ্চয়ৰ ক্ষেত্ৰত মনোযোগ দিব। পাৰিবাৰিক ব্যৱসায় সন্দৰ্ভত ভাতৃ-ভগ্নীৰ সৈতে আলোচনা হ’ব। দীৰ্ঘদিনীয়া কোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। শাৰীৰিক সমস্যাৰ পৰা মুক্তি পাব।

কৰ্কট ৰাশিৰ ৰাশিফল

আপোনাৰ চখ পূৰণৰ নামত খৰচ বৃদ্ধি পাব, খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। অচিনাকি লোকৰ কথাত সহজে বিশ্বাস নকৰিব। পত্নী গৃহৰ পৰা কোনো অতিথিৰ আগমন ঘটিব পাৰে। পৰিয়ালত কোনো কথাত মতানৈক্য হ’ব পাৰে।

সিংহ ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকৰ ক্ষেত্ৰত আজি দিনটো সমস্যাৰে ভৰি পৰিব। স্বাস্থ্যজনিত সমস্যা, বিশেষকৈ পেটৰ সমস্যা হ’ব পাৰে। সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব। কামত ভালদৰে মনোযোগ দিয়াত অসুবিধাৰ সন্মুখীন হ’ব। পাৰিবাৰিক বিবাদে দেখা দিব পাৰে। পিতৃৰ লগত মতানৈক্যৰ সম্ভাৱনা।

কন্যা ৰাশিৰ ৰাশিফল

ব্যৱসায়ত দীৰ্ঘম্যাদী পৰিকল্পনাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব, কোনো ডাঙৰ চুক্তি চূড়ান্ত হ’ব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ কাম সময়মতে সমাপ্ত কৰি ঊৰ্ধতন কৰ্তৃপক্ষক সন্তুষ্ট কৰিব। জীৱনসংগীৰ পৰা চমকপ্ৰদ উপহাৰ লাভৰ সম্ভাৱনা।

তুলা ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ। কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব লাভ কৰিব আৰু এই কাম সততা তথা সাহসেৰে সম্পাদন কৰিব। পাৰিবাৰিক সম্পৰ্ক মজবুত হ’ব। আপোনাৰ অহিত চিন্তকৰ পৰা সাৱধান হ’ব লাগিব।

বৃশ্চিক ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ। ব্যৱসায়ত নতুন পৰিকল্পনা কৰিব পাৰিব। ব্যৱসায়িক অংশীদাৰিত্বৰ ক্ষেত্ৰতো সফলতাৰ যোগ। পুৰণি লোনৰ পৰা মুক্তি লাভ কৰিব। ধৈৰ্য আৰু সাহসেৰে কাম কৰক। পুৰণি কোনো ভুল সমুখলৈ আহিব পাৰে। ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক সুদৃঢ় হ’ব।

ধনু ৰাশিৰ ৰাশিফল

ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনাৰ আকৰ্ষণ বাঢ়িব। জীৱনশৈলীৰ উন্নতি হ’ব। আপোনাৰ কোনো অহিত চিন্তকৰ পৰা সাৱধানে থাকক। গুৰুত্বপূৰ্ণ আলোচনাত নিজৰ মতামত প্ৰকাশ কৰক। নতুন লোকৰ সৈতে চিনাকি হ’ব।

মকৰ ৰাশিৰ ৰাশিফল

কোনো আপোন লোকৰ সৈতে বহুদিনৰ পিছত সাক্ষাৎ হ’ব পাৰে। কৰ্মক্ষেত্ৰত নতুন পদবী লাভৰ বাবে আনন্দিত হ’ব। পুৰণি কোনো ভুলৰ পুনৰাবৃত্তি কৰাৰ পৰা বিৰত থাকক। পাৰিবাৰিক সম্পৰ্ক সুদৃঢ় হ’ব। জীৱনসংগীৰ পূৰ্ণ সমৰ্থন পাব। ৰাজনীতিৰ সৈতে জড়িত লোকৰ বাবে শুভ।

কুম্ভ ৰাশিৰ ৰাশিফল

উন্নতিৰ পথত অগ্ৰসৰ হ’ব। হাতত লোৱা প্ৰতিটো কামতে সফলতা লাভ কৰিব। সন্তানৰ পৰা সুখবৰ লাভ কৰিব। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ খবৰ পাব। মাতৃয়ে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব দিব পাৰে, এইক্ষেত্ৰত কেতিয়াও অসাৱধান নহ’ব। চৰকাৰী যিকোনো কাম সম্পাদন কৰিব পাৰিব।

মীন ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ। পূৰ্বে কোনো লোকক ধন ধাৰে দিছিল যদি আজি ঘূৰাই পাব পাৰে। পৰিয়ালৰ সৈতে আনন্দপূৰ্ণ সময় পাৰ কৰিব। সন্তানৰ ভৱিষ্যত সন্দৰ্ভত শিক্ষকৰ সৈতে আলোচনা কৰিব। পৰোপকাৰী কাম-কাজত আগভাগ ল’ব। মাতৃৰ পুৰণি ৰোগৰ চিন্তা দূৰ হ’ব।