শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: এইকেইটা ৰাশিৰ লোকৰ বাবে মঙলবাৰ হ’ব মঙ্গলময়, লভিব হনুমানৰ আশীৰ্বাদ; আপোনাৰ বাবে হ’বনে শুভ

সপ্তাহৰ এই দিনটো ভগৱান হনুমানৰ নামত উৎসৰ্গা কৰা হয়। হনুমানৰ আশীৰ্বাদে ভক্তৰ জীৱন কৰি তোলে মধুময়। গতিকে হনুমানৰ দিন মঙলবাৰে কোনকেইটা ৰাশিৰ লোকৰ বাবে দিনটো শুভ হৈছে আৰু কোনকেইটা ৰাশিৰ বাবে অশুভ দেখা গৈছে, আজিৰ ৰাশিফল অনুসৰি চাওঁ আহক।

Daily Horoscope: এইকেইটা ৰাশিৰ লোকৰ বাবে মঙলবাৰ হ’ব মঙ্গলময়, লভিব হনুমানৰ আশীৰ্বাদ; আপোনাৰ বাবে হ’বনে শুভ
আজিৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 25 Nov 2025 06:00 AM

আজি ২৫ নৱেম্বৰ, মঙলবাৰ। সাধাৰণতেই মঙলবাৰ দিনটোৰ জ্যোতিষত বিশেষ মহত্ব থাকে। তাতে সপ্তাহৰ এই দিনটো ভগৱান হনুমানৰ নামত উৎসৰ্গা কৰা হয়। হনুমানৰ আশীৰ্বাদে ভক্তৰ জীৱন কৰি তোলে মধুময়। গতিকে হনুমানৰ দিন মঙলবাৰে কোনকেইটা ৰাশিৰ লোকৰ বাবে দিনটো শুভ হৈছে আৰু কোনকেইটা ৰাশিৰ বাবে অশুভ দেখা গৈছে, আজিৰ ৰাশিফল অনুসৰি চাওঁ আহক-

মেষ ৰাশিৰ ৰাশিফল

কামৰ চাপ বাঢ়িব, শত্ৰুৱে আপোনাৰ কামত ব্যাঘাত জন্মোৱাৰ পৰিকল্পনা কৰিব পাৰে। জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি সজাগ হওক। ধৰ্মীয় কাম-কাজৰ প্ৰতি আকৰ্ষণ বাঢ়িব। পৰিকল্পনা কৰি কামত আগবাঢ়িলেহে সময়মতে সম্পন্ন কৰিব পাৰিব। দৰিদ্ৰ লোকৰ সহায় কৰিব।

বৃষ ৰাশিৰ ৰাশিফল

আজিৰ দিনটো আনন্দপূৰ্ণ হ’ব। বাহন চলোৱাত সাৱধান হ’ব লাগিব। ঘৰলৈ নতুন কোনো অতিথিৰ আগমন হ’ব পাৰে। পুৰণি ভুলৰ পৰা শিক্ষা ল’ব লাগিব। সমাজত আপোনাৰ খ্যাতি আৰু সন্মান বাঢ়িব। আপোনাৰ জীৱনশৈলী উন্নত হ’ব।

মিথুন ৰাশিৰ ৰাশিফল

ইতিবাচক ফল কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ কৃপা আপোনাৰ ওপৰত থাকিব। চাকৰি সলনি কৰাৰ পৰিকল্পনা কৰিছে যদি আজিৰ দিনটো শুভ। হেৰুওৱা কোনো বস্তু ঘূৰাই পাব পাৰে। ব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াওক।

কৰ্কট ৰাশিৰ ৰাশিফল

চৰকাৰী আঁচনিত বিনিয়োগ কৰিলে ভাল ফল লাভ কৰিব। আপোনাৰ পদ-প্ৰতিষ্ঠা বাঢ়িব। পাৰ্টনাৰশ্বিপ কাম-কাজ এৰাই চলক। কামত খৰখেদা নকৰিব। পিতৃৰ স্বাস্থ্যত অৱনতি হ’ব পাৰে। ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ আশা কৰিলেও পোৱাৰ সম্ভাৱনা কম।

সিংহ ৰাশিৰ ৰাশিফল

অত্যন্ত প্ৰয়োজনীয় কাৰণত খৰচ বাঢ়িব। তুলনামূলকভাৱে আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰিত হ’ব। ধৈৰ্যৰে কাম কৰক। বন্ধুৰ সৈতে আনন্দপূৰ্ণ সময় কটাব। খোৱা-বোৱাৰ যতন লওক। কোনো মাংগলিক অনুষ্ঠানত যোগ দিব।

কন্যা ৰাশিৰ ৰাশিফল

হঠাতে আৰ্থিক লাভৰ মুখ দেখিব। দীৰ্ঘদিনীয়া কোনো সমস্যা দূৰ হ’ব। খং নিয়ন্ত্ৰণত ৰাখক। কোনো লোকক প্ৰতিশ্ৰুতি দিছিল যদি সেয়া পূৰ কৰক। সন্তানে নতুন পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। পিতৃ-মাতৃৰ সেৱাত মানসিক শান্তি লভিব।

তুলা ৰাশিৰ ৰাশিফল

আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। দিনটো আনন্দপূৰ্ণ হ’ব। শিক্ষাৰ্থীসকলে কোনো প্ৰতিযোগিতাত অংশ ল’ব পাৰে। বতৰৰ প্ৰভাৱত স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ ঠিক হ’ব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল

স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি সজাগ হ’ব লাগিব। দীৰ্ঘদিনীয়া কোনো চিন্তা আজি দূৰ হ’ব। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব। অৱশ্যে কোনো কথাত বিবাদ হোৱাৰ সম্ভাৱনা আছে। মনোৰঞ্জনমূলক অনুষ্ঠানত যোগ দিব পাৰে।

ধনু ৰাশিৰ ৰাশিফল

ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। নতুন চাকৰি লাভৰ যোগ। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সৈতে কোনো কথাত আলোচনাত মিলিত হ’ব। কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ খবৰ পাব পাৰে।

মকৰ ৰাশিৰ ৰাশিফল

মনৰ কোনো আকাংক্ষিত ইচ্ছা পূৰ হ’ব। ভ্ৰমণৰ সুযোগ লাভৰ সম্ভাৱনা আছে। কোনো সামাজিক অনুষ্ঠানত যোগ দিব। পাৰিবাৰিক দিশত শুভ। কোনো পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে। শিক্ষাৰ্থীসকলে পঢ়াত মনোযোগ দিলে সফলতা পাব।

কুম্ভ ৰাশিৰ ৰাশিফল

প্ৰয়োজন অনুসৰি খৰচ কৰক। আনক দেখুৱাই খৰচ কৰাৰ পৰা বিৰত থাকক। সন্তানৰ কেৰিয়াৰক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। পৈতৃক সম্পত্তিৰ বাবে আজি বিবাদ হ’ব পাৰে। বিবাহৰ পৰিকল্পনা কৰিছে যদি আজি সুখবৰ পাব পাৰে।

মীন ৰাশিৰ ৰাশিফল

এই ৰাশিৰ বাবে দিনটো লাভদায়ক বিবেচিত হ’ব। দাম্পত্য জীৱন আনন্দময় হ’ব। কেইবাটাও সুখবৰ লাভ কৰিব পাৰে। কোনো আইনী বিষয়ত চিন্তামুক্ত হ’ব। নতুন কামত ৰুচি। ভাতৃ-ভগ্নীৰ সহযোগে কাম সম্পূৰ্ণ কৰাত সহায় কৰিব।