Daily Horoscope: আজি ৩ টা ৰাশিৰ ওপৰত ৰুষ্ট হ’ব পাৰে দেৱতা শনি! আপোনাৰ বাবে কেনে হ’ব দিনটো? চাওক ৰাশিফল
আজি জ্যোতিষীসকলে পূৰ্বৰ দৰেই ভিন্ন ৰাশিৰ লোকসকলৰ বাবে দিনটোৰ আগজাননী প্ৰকাশ কৰিছে। শনিবাৰ দিনটো হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি ন্যায় আৰু কৰ্মফলৰ দাতা দেৱতা শনিৰ নামত উৎসৰ্গিত। গতিকে আজি কোনকেইটা ৰাশিৰ ওপৰত দেৱতা শনি সদয় তথা ৰুষ্ট, এইবিষয়ে চাওঁ আহক।
আজি ১০ জানুৱাৰী, শনিবাৰ। আজি জ্যোতিষীসকলে পূৰ্বৰ দৰেই ভিন্ন ৰাশিৰ লোকসকলৰ বাবে দিনটোৰ আগজাননী প্ৰকাশ কৰিছে। ৰাশিফল অনুসৰি অধিকাংশ ৰাশিৰ বাবেই দিনটো শুভ দেখা গৈছে। কিন্তু কিছুমান ৰাশিৰ ক্ষেত্ৰত আকৌ কিছু চিন্তনীয় আগজাননী কৰিছে জ্যোতিষীসকলে। শনিবাৰ দিনটো হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি ন্যায় আৰু কৰ্মফলৰ দাতা দেৱতা শনিৰ নামত উৎসৰ্গিত। গতিকে আজি কোনকেইটা ৰাশিৰ ওপৰত দেৱতা শনি সদয় তথা ৰুষ্ট, এইবিষয়ে চাওঁ আহক-
মেষ ৰাশিৰ ৰাশিফল
কেৰিয়াৰত উন্নতি হ’ব যদিও শত্ৰুৰ পৰা সাৱধান হওক। পুৰণি ধাৰ পৰিশোধ কৰিব পাৰিব। নতুন সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব। স্বাস্থ্য আৰু সন্তানৰ পঢ়া-শুনাক লৈ অলপ চিন্তিত হ’ব পাৰে।
বৃষ ৰাশিৰ ৰাশিফল
ব্যৱসায়িক পৰিকল্পনাৰ বাবে দিনটো শুভ। ভাগ্য আপোনাৰ পক্ষত থাকিব। খঙাল স্বভাৱৰ বাবে পৰিয়ালত অশান্তি হ’ব পাৰে, সেয়ে ধৈৰ্য ধৰক। জীৱনসংগীক কোনো উপহাৰ দিব পাৰে।
মিথুন ৰাশিৰ ৰাশিফল
বিদ্যুতৰ সঁজুলি ব্যৱহাৰ কৰোঁতে সাৱধান হওক। কৰ্মব্যস্ততা বৃদ্ধিৰ বাবে আপুনি অলপ মানসিক চাপত পৰিব। আনৰ কামত হস্তক্ষেপ নকৰিব। ভাতৃৰ ওচৰত কৰা প্ৰতিশ্ৰুতি পূৰণ কৰক।
কৰ্কট ৰাশিৰ ৰাশিফল
পাৰিবাৰিক ব্যৱসায়ৰ কন্দল দূৰ হ’ব। জীৱনসংগীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। কোনো দূৰৈৰ আত্মীয়ৰ পৰা শুভ খবৰ পাব পাৰে। খৰচ বৃদ্ধিৰ সম্ভাৱনা আছে।
সিংহ ৰাশিৰ ৰাশিফল
অফিচত সহকৰ্মীৰ ৰাজনীতিৰ বলি হ’ব পাৰে, গতিকে সতৰ্ক থাকক। যাত্ৰা কৰাৰ পূৰ্বে পিতৃ-মাতৃৰ পৰামৰ্শ লওক। পত্নী বা স্বামীৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে খৰচ বাঢ়িব পাৰে।
কন্যা ৰাশিৰ ৰাশিফল
অপ্ৰত্যাশিত খৰচ আহিব পাৰে। পৈতৃক সম্পত্তিৰ বিবাদ সমাধান হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত পদোন্নতিৰ বাবে উৰ্ধতম কৰ্তৃপক্ষৰ কথা মনোযোগেৰে শুনক। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব।
তুলা ৰাশিৰ ৰাশিফল
মনত অস্থিৰতা থাকিব পাৰে, সেয়ে ধৈৰ্য ধৰক। নতুন দায়িত্ব পালে অৱহেলা নকৰিব। ধৰ্মীয় কামত মন বহিব। কিছুমান লোকৰ পৰা দূৰত্ব বজাই ৰখাটোৱেই ভাল। যিকোনো প্ৰতিশ্ৰুতি সাৱধানে দিয়ক, নহ’লে ভৱিষ্যতে অসুবিধাৰ সন্মুখীন হ’ব পাৰে।
বৃশ্চিক ৰাশিৰ ৰাশিফল
আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। পৰিশ্ৰমৰ উচিত ফল পাব। আৰ্থিক লেনদেনত সাৱধান হওক। নতুন চাকৰিৰ সুযোগ মিলিব পাৰে। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
ধনু ৰাশিৰ ৰাশিফল
চাকৰি সলনি কৰাৰ বাবে দিনটো শুভ। উপাৰ্জনৰ উৎস বৃদ্ধি পাব। আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। পৰিয়ালত একতা থাকিব। চকুৰ সমস্যাৰ প্ৰতি চকু ৰাখিব।
মকৰ ৰাশিৰ ৰাশিফল
সমাজত মান-সন্মান বৃদ্ধি পাব। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। লোকৰ কথাত ভোল গৈ কোনো বিপদসংকুল কামত হাত নিদিব। চৰকাৰী কামত ব্যস্ততা বাঢ়িব পাৰে। মাতৃৰ স্বাস্থ্যৰ সন্দৰ্ভত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব।
কুম্ভ ৰাশিৰ ৰাশিফল
নতুন দায়িত্বৰ বাবে মানসিক চাপ বাঢ়িব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা ব্যৱসায়িক চুক্তি সম্পূৰ্ণ হ’ব। ভাই-ভনীৰ সমৰ্থন লাভ কৰিব আৰু সম্পত্তি লাভৰ যোগ আছে। কিছু সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে।
মীন ৰাশিৰ ৰাশিফল
ধৰ্মীয় কামত নিয়োজিত হ’ব। পিতৃৰ পৰা পৰামৰ্শ লৈ কাম কৰিলে সফলতা পাব। পত্নীৰ সৈতে একেলগে কাম কৰি পাৰিবাৰিক বিষয়বোৰ সমাধান কৰিব। আধৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ হ’ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ।