Daily Horoscope: কিদৰে পাৰ হ’ব মাহৰ প্ৰথমটো শনিবাৰ! এইকেইটা ৰাশিৰ লোক হওক সাৱধান…
জ্যোতিষীসকলে আন দিনাৰ দৰে প্ৰকাশ কৰা ৰাশিফল অনুসৰি আজি কিছু ৰাশিৰ লোকৰ বাবে দিনটো শুভ যদিও আন কিছু ৰাশিৰ লোকৰ ক্ষেত্ৰত আকৌ অশুভ দেখিবলৈ পোৱা গৈছে। ৰাশিফল মতে আজি ভিন্ন ৰাশিৰ লোকৰ বাবে দিনটো কিদৰে পাৰ হ’ব চাওক।

আজি ৪ অক্টোবৰ, মাহৰ প্ৰথমটো শনিবাৰ। শনিবাৰৰ দিনটোক সাধাৰণতে জ্যোতিষত এক বিশেষ গুৰুত্ব দিয়া হয়। সেয়ে এই দিনটোত জ্যোতিষ বিশ্বাসীসকলে যথেষ্ট বিধি-বিধান মানি চলা দেখা যায়। জ্যোতিষীসকলে আন দিনাৰ দৰে প্ৰকাশ কৰা ৰাশিফল অনুসৰি আজি কিছু ৰাশিৰ লোকৰ বাবে দিনটো শুভ যদিও আন কিছু ৰাশিৰ লোকৰ ক্ষেত্ৰত আকৌ অশুভ দেখিবলৈ পোৱা গৈছে। ৰাশিফল মতে আজি ভিন্ন ৰাশিৰ লোকৰ বাবে দিনটো কিদৰে পাৰ হ’ব চাওক-
মেষ ৰাশিৰ ৰাশিফল
খৰচৰ ক্ষেত্ৰত নিজক নিয়ন্ত্ৰণ কৰক। আয়ৰ নতুন উৎসৰ সন্ধান কৰিব পাৰে, অৱশ্যে এইক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ’ব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ বৰমূৰীয়াৰ সৈতে সম্পৰ্ক উন্নত কৰক। সকলো সময়ত পত্নীৰ সহযোগিতা লাভ কৰিব। ষ্টক মাৰ্কেটত বিনিয়োগ কৰিলে লাভৰ মুখ দেখিব।
বৃষ ৰাশিৰ ৰাশিফল
নতুন ঘৰ বা অট্টালিকা নিৰ্মাণৰ আৰম্ভ কৰিব পাৰে। অৱশ্যে সঠিক বিবেচনা অবিহনে সম্পত্তি সংক্ৰান্তীয় কাম–কাজ খৰখেদা নকৰিব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি সন্মান লাভ কৰিব পাৰে। পৰিয়ালৰ জ্যেষ্ঠজনৰ সৈতে কিছু মতভেদৰ আশংকা আছে। গুৰুত্বপূৰ্ণ তথ্য কোনো সহকৰ্মীৰ সৈতে আলোচনা নকৰিব।
মিথুন ৰাশিৰ ৰাশিফল
আজিৰ দিনটো সুখ-সমৃদ্ধিৰ ভৰি পৰিব। উপাৰ্জন আৰু খৰচৰ ওপৰত গুৰুত্ব দিয়ক। বিবাহিত জীৱন আনন্দময় হ’ব। চাকৰিৰ সন্ধানত থকা লোকৰ বাবে দিনটো শুভ। সহকৰ্মীৰ কোনো কথাত দুখ অনুভৱ হব পাৰে। লৈ ভ্ৰমণওৰ পৰিকল্পনা কৰিব পাৰে।
কৰ্কট ৰাশিৰ ৰাশিফল
অতিৰিক্ত ব্যস্ততাৰ বাবে ভাগৰুৱা হ’ব পাৰে। ব্যৱসায়ত শুভ। অংশীদাৰিত্বৰে কৰা যিকোনো কামত উন্নতি হ’ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। নিজৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখক, বিশেষকৈ মূৰৰ বিষত ভুগিব পাৰে। ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মন দিয়ক।
সিংহ ৰাশিৰ ৰাশিফল
কামত যিকোনো বাধা আছিল যদি আজি সেয়া দূৰ হ’ব। নিজৰ কথা–বতৰা তথা আচৰণত নিয়ন্ত্ৰণ বজাই ৰাখক। জীৱিকা সন্দৰ্ভত নতুন পৰিকল্পনাৰ বিষয়ে চিন্তা কৰিব পাৰে। সন্তানৰ মানসিক অৱস্থা বুজিবলৈ চেষ্টা কৰক। পৰিয়ালৰ কোনো সদস্যৰ প্ৰতি ধ্যান দিয়াৰ প্ৰয়োজনীয়তা থাকিব।
কন্যা ৰাশিৰ ৰাশিফল
এই ৰাশিৰ লোকে আজি সাৱধানতা তথা সতৰ্কতা ৰক্ষা কৰি চলক। পৰিয়ালৰ বিষয়ে জ্যেষ্ঠজনৰ পৰামৰ্শ ল’লে সমস্যাৰ সমাধান হ’ব। আন কোনো লোকক ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। বন্ধুৰ সৈতে মতভেদ হ’ব পাৰে। অৱশ্যে আপোনাৰ সন্মান বৃদ্ধি হ’ব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ ক্ষেত্ৰত বাধা আহিব পাৰে।
তুলা ৰাশিৰ ৰাশিফল
প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’ব যদিও ধৈৰ্য বজাই ৰাখক। কৰ্মক্ষেত্ৰত নিজকে আগবঢ়াই নিয়াৰ সুযোগ পাব পাৰে। উচ্চ শিক্ষাৰ বাবে ইচ্ছা থকা ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ। কৰ্মক্ষেত্ৰত শত্ৰু বৃদ্ধিৰ সম্ভাৱনা আছে। যান বাহন ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হওক। সন্তানৰ পৰা কোনো আনন্দদায়ক খবৰ লাভ কৰিব।
বৃশ্চিক ৰাশিৰ ৰাশিফল
আৰ্থিক দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব পাৰে। উপাৰ্জন আৰু খৰচৰ মাজত ভাৰসাম্য ৰাখিব লাগিব। সম্পত্তি ক্ৰয়ৰ কথা ভাবিলে ঋণৰ বাবে আবেদন কৰিব পাৰে, কিন্তু সাৱধানে আগবাঢ়ক। পূৰ্বে কোনো ঋণ আছিল যদি পৰিশোধৰ চেষ্টা কৰক। সন্তানক মনত আঘাত পোৱাকৈ কোনো কথা নক’ব।
ধনু ৰাশিৰ ৰাশিফল
আজিৰ দিনটোত কোনো ইচ্ছা পূৰণৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই থকা লোকসকলে ভাল খবৰ লাভ কৰিব পাৰে। ভাতৃ-ভগ্নীৰ পৰামৰ্শ লাভজনক বিবেচিত হ’ব।ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। পিতৃ-মাতৃৰ আশীৰ্বাদত ব্যৱসায়িক চুক্তি সফল হ’ব। চুবুৰীয়াৰ সৈতে সাৱধান থাকক।
মকৰ ৰাশিৰ ৰাশিফল
এই ৰাশিৰ বাবে দিনটো শুভ। সঠিক বিবেচনা আৰু বুদ্ধিৰে কামত সফলতা লাভ কৰিব। হেৰুৱা ধন ঘূৰাই পাব পাৰে। পূৰ্বৰ কোনো লেনদেন সম্পৰ্কীয় সমস্যা সমাধান হ’ব পাৰে। প্ৰতিযোগিতামূলক মনোভাব ৰাখক। পূৰ্বপুৰুষৰ সম্পত্তিৰ বিষয়ত সাৱধান হওক। নতুন প্ৰচেষ্টা আৰম্ভ কৰিবলৈ আগ্ৰহী হ’ব।
কুম্ভ ৰাশিৰ ৰাশিফল
খৰখেদাকৈ কোনো সিদ্ধান্ত নলব। নিজ কামত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক। সন্তান কৰ্মসংস্থাপনৰ বাবে বাহিৰলৈ যাব লগা হ’ব পাৰে। অতীতৰ কোনো ভুলৰ পৰা শিক্ষা ল’ব লাগিব। কৰ্মস্থানত বৰমূৰীয়াৰ পৰা অপমানিত হ’ব পাৰে। পত্নীৰ সৈতে যিকোনো বিষয়ত আলোচনা কৰি আগবাঢ়ক।
মীন ৰাশিৰ ৰাশিফল
এই ৰাশিৰ লোকে আজি নিজা প্ৰয়োজন পূৰ কৰিব পাৰিব। সন্তানৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আনৰ পৰা শুনা প্ৰতিটো কথাত ভৰসা নকৰিব, অন্যথা সমস্যাৰ সন্মুখীন হ’ব পাৰে। বাহনৰ দ্বাৰা খৰচ বৃদ্ধি হ’ব পাৰে। ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হ’ব। বৈবাহিক জীৱন সুখকৰ হ’ব।