শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: শনিৰ প্ৰভাৱত আজি সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ লোক, ৰাশিফলে কৰিছে আগজাননী…

স্বাভাৱাকিতেই শনিবাৰৰ দিনটোক লৈ জ্যোতিষ বিশ্বাসী লোকসকলৰ মাজত কিছু উৎসুকতা থাকে। জ্যোতিষীসকলে আনদিনাৰ দৰে আজিৰ দিনটোৰো ৰাশিফল প্ৰকাশ কৰিছে। দিনটোত হ’ব পৰা যিকোনো পৰিস্থিতি সন্দৰ্ভত ৰাশিফলে আগজাননী দিব পাৰে। গতিকে মনৰ উৎসুকতা দূৰ কৰিবলৈ চাওক আজিৰ ৰাশিফল।

Daily Horoscope: শনিৰ প্ৰভাৱত আজি সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ লোক, ৰাশিফলে কৰিছে আগজাননী…
আজিৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 15 Nov 2025 06:00 AM

আজি ১৫ নৱেম্বৰ, শনিবাৰ। স্বাভাৱাকিতেই শনিবাৰৰ দিনটোক লৈ জ্যোতিষ বিশ্বাসী লোকসকলৰ মাজত কিছু উৎসুকতা থাকে। জ্যোতিষীসকলে আনদিনাৰ দৰে আজিৰ দিনটোৰো ৰাশিফল প্ৰকাশ কৰিছে। দিনটোত হ’ব পৰা যিকোনো পৰিস্থিতি সন্দৰ্ভত ৰাশিফলে আগজাননী দিব পাৰে। গতিকে মনৰ উৎসুকতা দূৰ কৰিবলৈ চাওক আজিৰ ৰাশিফল-

মেষ ৰাশিৰ ৰাশিফল

কথা কওঁতে সাৱধান হওক, অন্যথা সম্পৰ্কৰ অৱনতি ঘটিব। উপাৰ্জন আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিলে ভাল হ’ব। অপ্ৰয়োজনীয়ভাৱে খঙাল হোৱাৰ পৰা বিৰত থকা উচিত হ’ব। কৰ্মক্ষেত্ৰত বছৰ দ্বাৰা প্ৰশংসিত হ’ব। লাভ কৰিব। বৈবাহিক সম্পৰ্ক সুখকৰ হ’ব। সংগীৰ সৈতে সময় কটাব।

বৃষ ৰাশিৰ ৰাশিফল

আন কাৰোবাৰ প্ৰভাৱত কোনো ধৰণৰ বিনিয়োগৰ পৰা বিৰত থাকক। ভাগৰুৱা অনুভৱ কৰিব পাৰে, অৱশ্যে সময়মতে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। খাদ্যাভ্যাসৰ অসাৱধানতাই দৈহিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। স্বাস্থ্য সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন হ’ব। ৰাজনীতিৰ সৈতে জড়িতসকলে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব।

মিথুন ৰাশিৰ ৰাশিফল

আৰ্থিক অৱস্থাৰ উন্নতি ঘটিব। হেৰুৱা তথা পাব লগা ধন ঘূৰাই পাব। পূৰ্বপুৰুষৰ সম্পত্তি সন্দৰ্ভত চলি থকা সমস্যা সমাধান হ’ব। ভ্ৰমণলৈ ওলাই যোৱাৰ সময়ত মূল্যৱান সামগ্ৰীসমূহ সুৰক্ষিত কৰি ৰাখিব লাগিব। পিতৃ-মাতৃৰ আশীৰ্বাদত কিছুমান বাকী থকা কাম সম্পূৰ্ণ হ’ব।

কৰ্কট ৰাশিৰ ৰাশিফল

আৰ্থিক বিষয়ত সাৱধান হ’ব লাগিব। ব্যৱসায়িক পৰিকল্পনাত কিছু পৰিৱৰ্তন কৰিব, এইক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱা উচিত হ’ব। কৰ্মক্ষেত্ৰত বছৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আপোনাৰ কোনো কথাত পিতৃয়ে মনোকষ্ট পাব পাৰে। অৱশ্যে পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাব পাৰিব।

সিংহ ৰাশিৰ ৰাশিফল

অবাবত সময় কটোৱাৰ পৰা বিৰত থাকক। পাব লগা ধন বিচাৰিবলৈ কুণ্ঠাবোধ নকৰিব। বিদেশত অধ্যয়নৰ পৰিকল্পনা কৰাসকলে বৃত্তি লাভ কৰিব পাৰে। সংগীৰ বাবে কোনো ছাৰপ্ৰাইজৰ পৰিকল্পনা কৰিব পাৰে। আন কাৰোবাৰ কামত অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকক।

কন্যা ৰাশিৰ ৰাশিফল

ভাগ্য আপোনাৰ পক্ষত থাকিব। ব্যৱসায়ত কিছু উত্থান-পতন হ’ব পাৰে, কিন্তু আপোনাৰ মনোবল শক্তিশালী হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ ক্ষেত্ৰত থকা যিকোনো বাধা দূৰ হ’ব। ঘৰলৈ অতিথিৰ আগমনৰ বাবে এক সুখদায়ক পৰিৱেশে বিৰাজ কৰিব।

তুলা ৰাশিৰ ৰাশিফল

আন কোনো লোকৰ আগত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশৰ পৰা বিৰত থাকক। মানসিক চাপ বৃদ্ধি পাব। কোনো সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিল যদি সেই ইচ্ছা আজি পূৰণ হ’ব পাৰে। সন্তানৰ আচৰণৰ বাবে আপোনাৰ মানসিক অশান্তি বাঢ়িব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল

ধন আৰু সময় দুয়োটাৰে সদ্ব্যৱহাৰ কৰক, নহ’লে পিছত আৰ্থিক অসুবিধাৰ সন্মুখীন হ’ব পাৰে। সম্পত্তিৰ চুক্তিৰ ক্ষেত্ৰত তাৎক্ষণিক সিদ্ধান্ত নল’লে পিছত সুযোগ হেৰুৱাৰ বাবে অনুশোচনা হ’ব। কৰ্মক্ষেত্ৰত আপুনি কিছু নতুন সুযোগ লাভ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। ধৰ্মীয় কাম-কাজত অংশ ল’ব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

ধনু ৰাশিৰ ৰাশিফল

আন কাৰোবাৰ পৰা শুনা কথাত বিশ্বাস নকৰিব। আপোনাৰ কৰ্মত পিতৃ-মাতৃ আনন্দিত হ’ব। বৈবাহিক জীৱন সুখকৰ হ’ব। পত্নীয়ে কেৰিয়াৰত উন্নতি লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ। আপোনাৰ চৌপাশৰ লোকসকলৰ পৰা সাৱধান হ’ব লাগিব।

মকৰ ৰাশিৰ ৰাশিফল

আৰ্থিক বিষয়ত সাৱধান হ’ব লাগিব। চাকৰি সলনি কৰাৰ পৰিকল্পনা কৰিব পাৰে। ভাতৃ-ভগ্নীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। এলাহ ভাৱ ত্যাগ কৰিব লাগিব। ৰাজনীতিৰ সৈতে জড়িত লোকসকলে নতুন পথৰ সন্ধান পাব। আপোনাৰ কিছুমান সিদ্ধান্তত পৰিয়ালৰ সদস্যসকল অসন্তুষ্ট হ’ব পাৰে।

কুম্ভ ৰাশিৰ ৰাশিফল

আয়ৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। শৈক্ষিক ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ সৈতে আলোচনা কৰিলে সমাধান লাভ কৰিব। বন্ধু-বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আপোনাৰ আচৰণৰ দ্বাৰা সন্মান তথা মৰম লাভ কৰিব। আপোনাৰ যিকোনো ইচ্ছা সন্দৰ্ভত সন্তানৰ সৈতে আলোচনা কৰিব পাৰে।

মীন ৰাশিৰ ৰাশিফল

ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। ভ্ৰমণৰ সুযোগ লাভ কৰিব। ভ্ৰমণৰ সময়ত সাৱধান হওক। কোনো সম্পত্তি ক্ৰয়ৰ বাবে ধনৰ যোগাৰ কৰিব পাৰে। খাদ্যাভ্যাসৰ ক্ষেত্ৰত সাৱধান হ’ব। ঘৰত শান্তি বজাই ৰাখিবলৈ পাৰিবাৰিক বিবাদ নিষ্পত্তি কৰাটো প্ৰয়োজনীয় হ’ব পাৰে। বৈবাহিক সম্পৰ্ক সুখকৰ হ’ব।