শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: আজি শনিবাৰৰ দিনটো কিদৰে পাৰ হ’ব আপোনাৰ? চাওক আজিৰ ৰাশিফলে কি কয়…

জুলাই মাহৰ প্ৰথমটো শনিবাৰ কিদৰে পাৰ হ’ব, সেই সম্পৰ্কে জানিবলৈ জ্যোতিষ বিশ্বাসীসকলৰ কিছু উৎকণ্ঠা থাকিব পাৰে। জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ গণনা কৰি আজি দিনটোৰ ৰাশিফলত ভিন্ন ৰাশি সন্দৰ্ভত আগজাননী কৰিছে। আপোনাৰ মনৰ উৎকণ্ঠা দূৰ কৰিবলৈ চাওক আজিৰ ৰাশিফল।

Daily Horoscope: আজি শনিবাৰৰ দিনটো কিদৰে পাৰ হ’ব আপোনাৰ? চাওক আজিৰ ৰাশিফলে কি কয়…
আজিৰ ৰাশিফল
monjit-dutta
Monjit Dutta | Published: 05 Jul 2025 06:00 AM

আজি ৫ জুলাই, শনিবাৰ। সাধাৰণতে জ্যোতিষত শনিবাৰ দিনটোৰ এক বিশেষ গুৰুত্ব আছে। গতিকে জুলাই মাহৰ প্ৰথমটো শনিবাৰ কিদৰে পাৰ হ’ব, সেই সম্পৰ্কে জানিবলৈ জ্যোতিষ বিশ্বাসীসকলৰ কিছু উৎকণ্ঠা থাকিব পাৰে। জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ গণনা কৰি আজি দিনটোৰ ৰাশিফলত ভিন্ন ৰাশি সন্দৰ্ভত আগজাননী কৰিছে। আপোনাৰ মনৰ উৎকণ্ঠা দূৰ কৰিবলৈ চাওক আজিৰ ৰাশিফল-

মেষ ৰাশিৰ ৰাশিফল

ব্যৱসায়িক অংশীদাৰিত্বৰ যিকোনো চুক্তিত সাৱধানতা অবলম্বন কৰক। আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰক। সন্তানৰ পৰা পোৱা সুখবৰে আপোনাৰ মুখত হাঁহি বিৰিঙাব।  শিক্ষা গ্ৰহণৰ বাবে বাহিৰলৈ যাব বিচৰা সকলৰ আজি এক আশাপ্ৰদ দিন।

বৃষ ৰাশিৰ ৰাশিফল

আজিৰ দিনটো যথেষ্ট ভাল হব। পদোন্নতি হ’ব পাৰে। একাগ্ৰতা আৰু পৰিশ্ৰমৰ দ্বাৰা বিশেষ সন্মান লাভ কৰিব। আত্মবিশ্বাস বাঢ়িব। শুভ কাৰ্যসূচীত অংশগ্ৰহণৰ সম্ভাৱনা আছে। ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক অধিক ভাল হ’ব। কৰ্মক্ষেত্ৰত বঁটা বা প্ৰশংসা লাভ কৰাৰ বাবে মন প্ৰফুল্ল হ’ব।

মিথুন ৰাশিৰ ৰাশিফল

আজি আপোনাৰ জীৱনত আদৰ আৰু সন্মান বাঢ়িব। হঠাতে মূল্যৱান তথ্যৰ সন্ধান পাব পাৰে। নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰক। আজি ধৈৰ্য আৰু বিচক্ষণতাই আপোনাৰ সফলতাৰ চাবিকাঠি হিচাপে বিবেচিত হ’ব। সন্তানৰ ভৱিষ্যতক লৈ সিদ্ধান্ত লোৱাৰ সময়। খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সচেতন হওক।

কৰ্কট ৰাশিৰ ৰাশিফল

ব্যৱসায়ত কিছু সমস্যাৰ বাবে মানসিক চাপ হ’ব পাৰে। অভিজ্ঞজনৰ সহায়েৰে সমাধানৰ পথ পাব। শ্বেয়াৰ বজাৰত বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। হেৰুওৱা ধন ঘূৰাই পাব পাৰে। বৌদ্ধিক তথা মানসিক বোজাৰ পৰা শিক্ষাৰ্থী সকলে সকাহ পাব। সামাজিক কামৰ প্ৰতি আগ্ৰহী হ’ব।

সিংহ ৰাশিৰ ৰাশিফল

চৰকাৰী আঁচনিত ধন বিনিয়োগৰ দ্বাৰা ভাল সুবিধা লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি অসমাপ্ত হৈ থকা কামসমূহ সহজে সম্পূৰ্ণ কৰিব পাৰিব। ঘৰৰ কামত কিছু নতুনত্ব আনিবলৈ চেষ্টা কৰক। আপোনাৰ ঘৰলৈ নতুন অতিথিৰ আগমন ঘটিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যজনীত সমস্যা থাকিলে সেই সমস্যা দূৰ হ’ব।

কন্যা ৰাশিৰ ৰাশিফল

দিনটো স্বাভাৱিক ভাৱেই পাৰ কৰিব। নতুন কোনো পৰিকল্পনা কৰিব পাৰে। কঠোৰ পৰিশ্ৰমে আপোনাক উৎসাহী কৰিব। পৰিয়ালৰ সৈতে কোনো স্থানলৈ ভ্ৰমণ কৰিব পাৰে। টকাৰ লেনদেনত সাৱধান হওক। যিকোনো ক্ষেত্ৰতে ভাতৃ-ভগ্নীৰ সহযোগিতা লাভ কৰিব।

তুলা ৰাশিৰ ৰাশিফল

নতুন পথৰ সন্ধান পাব। ঘৰতে কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। অবিবাহিত লোকসকলৰ বিবাহৰ ক্ষেত্ৰত থকা বাধা আঁতৰিব। খং- ৰাগ নিয়ন্ত্ৰণ কৰক। সাধ্যানুসাৰে দান কৰি পুণ্য অৰ্জন কৰক।

বৃশ্চিক ৰাশি

নতুন সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা। সম্পত্তি সন্দৰ্ভত অভিজ্ঞজনৰ পৰামৰ্শ গ্ৰহণ কৰি সিদ্ধান্ত ল’ব। স্বাস্থ্য কিছু দুৰ্বল হ’ব পাৰে। সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। পত্নীৰ বাবে নতুন ব্যৱসায় আৰম্ভৰ পৰিকল্পনা কৰক। সঙ্গীৰ সৈতে ভ্ৰমণৰ সুযোগ পাব পাৰে।

ধনু ৰাশিৰ ৰাশিফল

উপাৰ্জন বৃদ্ধি হ’ব পাৰে। নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰক। দিনটো সুকলমে পাৰ হ’ব। বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। কোনো আইনী বিষয়ত আশানুৰূপ ফল লাভ নকৰিলেও ব্যৱসায়িক দিশত আশা পূৰ হ’ব।

মকৰ ৰাশিৰ ৰাশিফল

অপ্ৰয়োজনীয় কাম আৰু আলোচনাৰ পৰা আঁতৰি থকা উচিত হ’ব। আপোনাৰ মাৰ্জিত কথা-বতৰাৰ বাবে সন্মানিত হ’ব। পৰিয়ালত কোনো বিবাদৰ সৃষ্টি হৈছিল যদি আজি সমাধানৰ পথ পাব। যিকোনো কামৰ বিষয়ে পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰিব পাৰে।

কুম্ভ ৰাশিৰ ৰাশিফল

ব্যৱসায়ীসকলৰ শুভ। সততা, কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আজি সুখী হ’ব। সন্তানৰ কেৰিয়াৰত গুৰুত্ব দিয়ক। উপাৰ্জনৰ বাবে কোনো অসৎ পথৰ সহায় নলব। পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। দূৰৰ কোনো আত্মীয়ৰ আগমনে আপোনাক আনন্দিত কৰি তুলিব।

মীন ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰত প্রশংসা লাভৰ লগতে পদোন্নতি হ’ব পাৰে। পত্নীৰ উপস্থিতিয়ে প্ৰত্যেকটো কামত সুফল দিব। পৰিয়ালৰ সৈতে পুৰণি স্মৃতি ৰোমন্থন কৰক, ইয়াৰ দ্বাৰা ঘৰত সুখকৰ পৰিৱেশে বিৰাজ কৰিব। হঠাতে এজন বিশেষ ব্যক্তিৰ উপস্থিতিয়ে আপোনাৰ আৰ্থিক সমস্যা সমাধানত সহায় কৰিব।