শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: আজি ভগৱান হনুমানৰ দিন মঙলবাৰ, এইকেইটা ৰাশিৰ লোকে দেখিব প্ৰগতিৰ মুখ

আজিৰ দিনটো সকলো ৰাশিৰ লোকৰ বাবে সুখকৰ নহ’বও পাৰে। জ্যোতিষীসকলৰ ভৱিষ্যদ্বাণী অনুসৰি আজি কিছু ৰাশিৰ লোকৰ বাবে দিনটো শুভ আৰু কিছু ৰাশিৰ বাবে অশুভ দেখা গৈছে। চাওঁ আহক এই বিষয়ে।

Daily Horoscope: আজি ভগৱান হনুমানৰ দিন মঙলবাৰ, এইকেইটা ৰাশিৰ লোকে দেখিব প্ৰগতিৰ মুখ
আজিৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 16 Dec 2025 06:00 AM

আজি ১৬ ডিচেম্বৰ, মঙলবাৰ। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি মঙলবাৰৰ দিনটো ভগৱান ৰামৰ পৰমভক্ত ভগৱান হনুমানৰ নামত উৎসৰ্গা কৰা হৈছে। সেয়ে এই দিনটোত ভগৱান হনুমানৰ আশীৰ্বাদ লাভেৰে ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়। পিছে আজিৰ দিনটো সকলো ৰাশিৰ লোকৰ বাবে সুখকৰ নহ’বও পাৰে। জ্যোতিষীসকলৰ ভৱিষ্যদ্বাণী অনুসৰি আজি কিছু ৰাশিৰ লোকৰ বাবে দিনটো শুভ আৰু কিছু ৰাশিৰ বাবে অশুভ দেখা গৈছে। চাওঁ আহক এই বিষয়ে-

মেষ ৰাশিৰ ৰাশিফল

আয় ভাল হ’ব। কোনো আঁচনিত বিনিয়োগ কৰিলে লাভৰ মুখ দেখিব। কামৰ ক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰ নকৰিব। পৰিয়াললৈ নতুন অতিথিৰ আগমনে ঘৰখন আনন্দমুখৰ কৰি তুলিব। সন্তানৰ শৈক্ষিক দিশক লৈ কিছু চিন্তিত হ’ব। নিজৰ দুৰ্বলতা দূৰ কৰি আগবাঢ়ি যোৱাৰ চেষ্টা কৰক।

বৃষ ৰাশিৰ ৰাশিফল

বেংকৰ পৰা ঋণ লোৱাৰপৰিকল্পনা কৰিছিল যদি আজি সফল হোৱাৰ সম্ভাৱনা। বন্ধুৰ পৰা পূৰ্ণ সহায় লাভ কৰিব। কামত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে, অৱহেলা নকৰিব। সহকৰ্মীৰ কোনো কথাত মন বেয়া হ’ব পাৰে। নতুন ঘৰৰ কাম আৰম্ভ কৰিব পাৰে।

মিথুন ৰাশিৰ ৰাশিফল

সামাজিক কাম-কাজৰ জৰিয়তে সন্মান লাভ কৰিব। সৰু-সুৰা লাভজনক আঁচনিত বিনিয়োগ কৰিলে লাভৰ মুখ দেখিব। নিজৰ কথা-বতৰা আৰু আচৰণ নিয়ন্ত্ৰণত ৰাখক। আইনী বিষয়ত সমস্যাত পৰিব পাৰে। জীৱন সংগীৰ বাবে কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে।

কৰ্কট ৰাশিৰ ৰাশিফল

আপোনাৰ সামাজিক মান-মৰ্যাদা বৃদ্ধি পাব। ব্যৱসায়ৰ বাবে শুভ দিন। জীৱনধাৰা উন্নত কৰাৰ বাবে চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত পৰিস্থিতি সুখকৰ হ’ব। মাতৃৰ সৈতে মতানৈক্য হ’ব পাৰে। সন্তানৰ সৈতে মতান্তৰ হ’ব পাৰে।

সিংহ ৰাশিৰ ৰাশিফল

প্ৰতিশ্ৰুতি পূৰণৰ চেষ্টা কৰিব। কোনো বিষয়ক কেন্দ্ৰ কৰি চিন্তিত হ’ব পাৰে। চাকৰিত নিয়োজিত লোকসকল কোনো সমস্যাৰ সন্মুখীন হ’ব পাৰে। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সন্মুখত জিদ দেখুৱালে তিৰস্কৃত হ’ব পাৰে। পৰিয়ালৰ সৈতে সময় কটাব পাৰিব।

কন্যা ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ। ধন-সম্পত্তি বৃদ্ধি পাব। ভাগ্য উদয় হ’ব। বহুকেইটা সুখবৰ লাভ কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ পৰিচয় বাঢ়িব। অহিত চিন্তকে আপোনাৰ অপবাদ কৰিব পাৰে। কোনো বন্ধুৰ পৰা কষ্ট পাইছিল যদি ক্ষমা কৰি দিয়া উচিত হ’ব।

তুলা ৰাশিৰ ৰাশিফল

অপ্ৰয়োজনীয় খৰচ এৰাই চলক। সঞ্চয়ৰ প্ৰতি মনোযোগ দিবলৈ চেষ্টা কৰক। দৰমহা বৃদ্ধিৰ বাবে আনন্দিত হ’ব। শিক্ষাৰ্থীৰ উচ্চশিক্ষাৰ পথ মুকলি হ’ব। আইনী সমস্যাৰ সন্মুখীন হ’ব পাৰে। ঘৰৰ মেৰামতিৰ কাম আৰম্ভ কৰিব পাৰে। সন্তানৰ ব্যৱহাৰত পৰিৱৰ্তন দেখিব।

বৃশ্চিক ৰাশিৰ ৰাশিফল

অনিচ্ছা স্বত্বেও আপোনাৰ খৰচ বৃদ্ধি পাব। আপুনি পাবলৈ লগা ধন লাভৰ বাবে চেষ্টা কৰক। গুৰুত্বপূৰ্ণ তথ্য আন কাৰো আগত শ্বেয়াৰ নকৰিব। নিজত কামত অৱহেলা নকৰিব। অনলাইন কামৰ ক্ষেত্ৰত সঠিক নীতি-নিয়ম ভালদৰে জানি লৈ আগবাঢ়ক। কৰ্মক্ষেত্ৰত মহিলা বন্ধুৰ পৰা সাৱধান।

ধনু ৰাশিৰ ৰাশিফল

বিনিয়োগৰ জৰিয়তে লাভৰ মুখ দেখিব। সম্পত্তিত বিনিয়োগ কৰিলে অধিক লাভজনক বিবেচিত হ’ব। আপোনাৰ এলাহ ভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কোনো কামক লৈ চিন্তাত পৰিলে পিতৃৰ সৈতে আলোচনা কৰক। জীৱনসংগীৰ পৰা কোনো চাৰপ্ৰাইজ উপহাৰ লাভ কৰিব পাৰে।

মকৰ ৰাশিৰ ৰাশিফল

পৰিয়ালত কোনো শুভ তথা মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। সন্মান লাভৰ যোগ। কোনো গুৰুত্বপূৰ্ণ কাম থাকিলে সেই কামত ভালদৰে মনোযোগ দিয়ক। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। অভিজ্ঞ লোকৰ পৰামৰ্শ লাভ কৰিব।

কুম্ভ ৰাশিৰ ৰাশিফল

কঠোৰ পৰিশ্ৰমৰ দিন। আৰ্থিক অৱস্থাই চিন্তা বঢ়াব। ধাৰ লোৱাৰ পৰা আঁতৰি থাকক। ভৱিষ্যতক লৈ কোনো পৰিকল্পনা কৰিব পাৰে। পূৰ্বে দিয়া কোনো প্ৰতিশ্ৰুতিৰ বাবে সমস্যা হ’ব পাৰে। জীৱনসংগীয়ে নতুন চাকৰি লাভ কৰিব আৰু ইয়াৰ বাবে সুখ বৃদ্ধি পাব।

মীন ৰাশিৰ ৰাশিফল

ব্যৱসায়ত সফলতা লাভ কৰিব। পৈতৃক সম্পত্তিৰ সমস্যা দূৰ হ’ব। আপোনাৰ অহিত চিন্তকে সৃষ্টি কৰা বাধা অতিক্ৰম কৰিব পাৰে। যিকোনো কামত ভালদৰে ভাবি-চিন্তি আগবাঢ়ক। ভাতৃ-ভগ্নীৰ পৰা পূৰ্ণ সহায় লাভ কৰিব। পত্নীগৃহৰ কাৰোবাৰ সৈতে সাক্ষাৎ হ’ব।