শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily horoscope: কন্যা, ধনুৰ লগতে এই ৰাশিৰ লোকৰ বাবে দিনটো ভাল, আজিৰ ৰাশিফল…

Daily horoscope: হিন্দু ধৰ্মত ৰাশিফলৰ মহত্ব অধিক আৰু এই ৰাশিফল ১২ টা। জ্যোতিষ শাস্ত্ৰই প্ৰতিটো ৰাশিৰ ভাল, বেয়াৰ বিষয়ে জনায়। আজিৰ ৰাশিফল অনুসৰি, কিছুমানৰ বাবে দিনটো ভাল, কিছুমানৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ'ব।

Daily horoscope: কন্যা, ধনুৰ লগতে এই ৰাশিৰ লোকৰ বাবে দিনটো ভাল, আজিৰ ৰাশিফল…
আজিৰ দিনটোৰ ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 02 Feb 2025 06:00 AM

আজি ২ ফেব্ৰুৱাৰী, ২০২৫, দেওবাৰ। আজিৰ দিনটোত কন্যা,ধনু, কুম্ভ আদিকে ধৰি কিছুমান ৰাশিৰ জাতক-জাতিকাই ভাল ফল লাভ কৰিব। ইয়াৰোপৰি আন কিছুমানে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটোত আপোনৰ স্বাস্থ্য ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ব্যৱসায়ত গুৰুত্ব দিলে ভাল ফল লাভ কৰিব। পুৰণি কোনো বন্ধুক লগ পাব পাৰে। ধন সম্পৰ্কীয় কোনো সিদ্ধান্ত লওতে চিন্তা কৰিব। বিদেশত শিক্ষা গ্ৰহণ কৰিব বিচৰাসকলৰ বাবে দিনটো ভাল। আজি আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে।

বৃষ ৰাশিঃ ধনৰ লেনদেন সম্পৰ্কীয় দিশত গুৰুত্ব দিব। ঘৰত ধৰ্মীয় অনুষ্ঠান হ’ব পাৰে।পৰিয়ালৰ সকলো ব্যস্ত থাকিব। মাতৃ অসুস্থ হোৱাৰ সম্ভাৱনা। পাবলগীয়া ধন ঘূৰাই পাব। পৰিয়ালৰ কোনো সদস্যৰ বিয়া ঠিক হ’ব পাৰে। দিনটো ভাল- বেয়াৰ মাজেৰে পাৰ হ’ব।

মিথুন ৰাশিঃ আজিৰ দিনটোত আপোনাক কোনো কথাই চিন্তিত কৰিব। সিদ্ধান্ত লোৱাত সমস্যাত পৰিব পাৰে। নতুন কামত সমস্যা আহিব পাৰে। মানসিক অশান্তি বৃদ্ধি হ’ব পাৰে। সন্তানক লৈ কোনো সিদ্ধান্ত ল’ব পাৰে। প্ৰেমত সমস্যা আহিব পাৰে। সংগীৰ সৈতে কথা পাতি সমস্যা সমাধানৰ চেষ্টা কৰিব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ লাভদায়ক হ’ব। কিন্তু ভুল পথেৰে ধন আহৰণৰ চেষ্টা নকৰিব। কৰ্মক্ষেত্ৰত লাভ হোৱাৰ সম্ভাৱনা। শত্ৰু মিত্ৰলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা। আত্মীয়ৰ বেয়া খবৰ লাভ কৰিব পাৰে। খৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ নকৰিব। সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। সফলতা লাভত ভাগ্যই সহায় কৰিব। ৰাজনীতিৰ লগত জড়িতসকল সাৱধানে থাকিব। সংগীৰ কেৰিয়াৰ ভাল হ’ব। ভাই-ভগ্নীৰ মাজৰ সমস্যা দূৰ হ’ব। আপোনজনৰ সৈতে ভালদৰে চলিব। পৰিয়ালত শান্তি থাকিব।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। খেৰখেদাকৈ কাম নকৰিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। বিবাহৰ যোগ্যসকলৰ বাবে দিনটো ভাল। কোনো সামাজিক কামত জড়িত হোৱাৰ সম্ভাৱনা। ব্যৱসায়ত ভাল। দীৰ্ঘদিন ধৰি চলি থকা পৰিকল্পনাই গতি লাভ কৰিব। স্বাস্থ্য ভালে যাব।

তুলা ৰাশিঃ আজিৰ দিনটোত আপুনি পদ আৰু প্ৰতিপত্তি লাভৰ সম্ভাৱনা। সম্পত্তিৰ লগত জড়িত সমস্যা সমাধান হ’ব। নতুন কাম আৰম্ভ কৰিবৰ বাবে দিনটো ভাল। মহিলা মিত্ৰৰ পৰা সাৱধান থাকিব। চাকৰিৰ ক্ষেত্ৰত সাৱধান হ’ব। জ্যেষ্ঠজনৰ সৈতে কোনো মতানৈক্য হ’ব পাৰে। লক্ষ্য পূৰ হ’ব।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব।সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পাব। পাৰিবাৰিক সমস্যাই চিন্তিত কৰিব পাৰে।সংগীৰ সৈতে ভাল সময় কটাব। সন্তানক লৈ চিন্তিত হ’ব। প্ৰতিশ্ৰুতি পূৰণ কৰাৰ চেষ্টা কৰিব। ভ্ৰমণৰ যোগ আছে। বন্ধুৰ কোনো কথাত মন বেয়া লাগিব পাৰে।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। আৰ্থিকস্থিতি উন্নত হ’ব। ধৰ্মীয় যাত্ৰাৰ যোগ আছে। বাহন চলোৱাৰ পৰা বিৰত থাকক। কোনো সম্পদ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। চাকৰি কৰাসকলৰ বাবে দিনটো ভাল। ভাল পদ লাভ কৰিব পাৰে।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। জ্যেষ্ঠজনৰ সহায় লাভ কৰিব। পৰিয়ালত সুখী হ’ব। কাম-কাজত গুৰুত্ব দিব। সংগীয়ে কোনো উপহাৰ দিব পাৰে। ৰাজনীতিত ভাল ফল লাভ কৰিব। সতীৰ্থই কামৰ প্ৰশংসা কৰিব। চৰকাৰী আঁচনিৰ কোনো লাভ পাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ভাই-ভগ্নীৰ পৰা সহযোগ লাভ কৰিব। পৈত্ৰিক সম্পত্তি লাভৰ সম্ভাৱনা। ঘৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। কাম-কাজৰ লগতে পৰিয়ালতো গুৰুত্ব দিব। পৰিয়ালৰ লগত কোনো মতানৈক্য হ’ব পাৰে। প্ৰেমত শুভ। সংগীৰ সৈতে ভ্ৰমণত যোৱাৰ সম্ভাৱনা।

মীন ৰাশিঃ আজিৰ দিনটোত আপুনি ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব। শত্ৰুয়ে কোনো সমস্যা দিব পাৰে। মানসিকভাৱে অশান্তি পাব পাৰে। ধাৰ্মিক কামত জড়িত হ’ব পাৰে। সন্তানৰ পৰা ভাল ফল লাভ কৰিব। বিদ্যাৰ্থীসকলৰ ভ্ৰমণৰ যোগ আছে। ব্যৱসায়ত কোনো নিৱেশ কৰিব পাৰে।