শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily horoscope: মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Daily horoscope: জ্যোতিষ শাস্ত্র অনুসৰি ৰাশিফল ১২ টা। প্ৰতিটো ৰাশিৰ প্ৰতিটো দিনতে বেলেগ বেলেগ যোগ থাকে। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে প্ৰত্যাহ্বামূলক হোৱাৰ সম্ভাৱনা আছে।

Daily horoscope: মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
আজিৰ দিনটোৰ ৰাশিফলImage Credit source: tv9 hindi
Barasha Sarma
Barasha Sarma | Published: 18 Feb 2025 06:00 AM

আজি ১৮ ফেব্ৰুৱাৰী, মঙলবাৰ। আজিৰ দিনটোত কিছু ৰাশিৰ লোকৰ চাকৰিৰ যোগ আছে আৰু কিছুমানৰ হাতলৈ টকা অহাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি আন কিছুমানে আজিৰ দিনটো কিছু সাৱধানে চলিব লাগিব। আজিৰ দিনটো আপোনাৰ কেনে যাব, তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। প্ৰতিষ্ঠিতলোকৰ পৰা লাভ আৰু সন্মান লাভ কৰিব। বিবাদৰ পৰা আঁতৰি থাকক। আনৰ কথাত হস্তক্ষেপ নকৰিব।ব্যৱসায়ৰ ওপৰত গুৰুত্ব দিয়ক। কোনো আঁচনিত ধন নিবেশ কৰাৰ বাবে দিনটো ভাল। চৰকাৰী চাকৰিয়াল সকলৰ বাবে দিনটো ভাল। বৈবাহিক জীৱন ভালে যাব। স্বাস্থ্যত গুৰুত্ব দিয়ক।

বৃষ ৰাশিঃ আনে লোৱা টকা আপুনি ঘূৰাই পাব। কোনো মনৰ কামনা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। উপহাৰ লাভৰ সম্ভাৱনা। সিদ্ধান্ত খৰখেদাকৈ গ্ৰহণ নকৰিব। বন্ধুৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা। ব্যৱসায়ক লৈ নতুন পৰিকল্পনা কৰিব। চাকৰি কৰা সকলৰ দায়িত্ব বাঢ়িব। নতুন কামকলৈ চিন্তিত হ’ব পাৰে। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিয়ক।

মিথুন ৰাশিঃ বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। পাৰিবাৰিক দিশটোত গুৰুত্ব দিয়ক। চিন্তা বৃদ্ধি হ’ব পাৰে। সন্তানৰ কোনো কামে মনত দুখ দিব পাৰে। খৰচত গুৰুত্ব দিব। ব্যৱসায়ীক কামত ব্যস্ত থাকিব। পৰিশ্ৰমৰ ফলত ভাল ফলাফল লাভ কৰিব। চাকৰি বিচাৰি থকাসকলে আজি ভাল খবৰ লাভ কৰিব। প্ৰেমত সমস্যা আহিব পাৰে। স্বাস্থ্যত মন দিব।

কৰ্কট ৰাশিঃ কোনো কামত সফলতা লাভ কৰিব পাৰে। ভূমি সম্পৰ্কীয় দিশসমূহ আপোনাৰ পক্ষলৈ আহিব পাৰে। বিদ্যাৰ্থীসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। অধ্যয়নত গুৰুত্ব দিয়ক। চাকৰি কৰাসকলে অধিক পৰিশ্ৰম কৰিব লাগিব। খৰচৰ ওপৰত গুৰুত্ব দিব। পাৰিবাৰিক দিশটো ভাল। দিনটো সুখেৰে পাৰ হ’ব। স্বাস্থ্য ভালে যাব।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ সুখেৰে পাৰ হ’ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। কোনো সম্পদ ক্ৰয় কৰিব পাৰে। আনৰ ব্যক্তিগত কথাত মাত নামাতিব। পাৰিবাৰিক সিদ্ধান্ত লোৱাত চিন্তা কৰিব। ব্যৱসায়ত প্ৰতিদ্বন্দ্বিক গুৰুত্ব দিব। চাকৰি কৰা লোকসকল কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। প্ৰেমত শুভ। দিনটো ভাগৰুৱা অনুভৱ কৰিব পাৰে।

কন্যা ৰাশিঃ মনে বিচৰা কোনো কাম সম্পূৰ্ণ হ’ব। ব্যক্তিগত কাৰ্য সমাপন কৰাত দিনটো ব্যস্ত থাকিব। পৰিশ্ৰম কৰিলে ফল লাভ কৰিব। নিজৰ বস্তু-বাহিনী ভালদৰে ৰাখক। চুৰি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক দিশটো ভাল। মাৰ্কিটিঙত কাম কৰাসকলে আজিৰ দিনটোত সফলতা লাভ কৰিব। প্ৰেমত শুভ।

তুলা ৰাশিঃ দিনটো মন ভালে থাকিব। নতুন সম্পৰ্ক গঢ়িব। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হোৱাৰ সম্ভাৱনা। আনৰ কথাত হস্তক্ষেপ নকৰিব। অত্যাধিক খৰচৰ সম্ভাৱনা। খৰচৰ ওপৰত গুৰুত্ব দিব।ব্যৱসায়ত কোনো সমস্যাই দেখা দিব পাৰে। চাকৰি কৰা সকলৰ বাবে দিনটো ভাল। পৰিয়ালত সুখ থাকিব। প্ৰেমত শুভ। স্বাস্থ্যৰ কোনো সমস্যাই দেখা দিব পাৰে।

বৃশ্চিক ৰাশিঃ আজি আপুনি আধ্যাত্মিক দিশৰ পৰা সুখ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভাল। পৰিয়ালত কোনো সমস্যাই দেখা দিব পাৰে। বন্ধুৰ সৈতে কোনো ভুল বুজাবুজি হ’ব পাৰে। ব্যৱসায়ত গুৰুত্ব দিয়া দৰকাৰ। নতুন কাৰ্য আৰম্ভ কৰাৰ সঠিক সময় নহয়। পৰিয়ালৰ সৈতে সময় কটাব। পৰিয়ালৰ সদস্যৰ কথাত গুৰুত্ব দিব। প্ৰেমত শুভ।

ধনু ৰাশিঃ গ্ৰহৰ স্থিতি ভাল। কাম সমাপন হ’ব, ইয়াৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব। কাৰোবাক সহায় কৰিবলগীয়া হ’ব পাৰে। আৰ্থিক দিশটোৱে কোনো সমস্যা দিব পাৰে। পৰিয়ালত কোনো সমস্যাই দেখা দিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। কোনো ডাঙৰ ভাল খবৰ লাভ কৰিব পাৰে। চাকৰি কৰাসকলৰ বাবে দিনটো ভালে যাব। প্ৰেমত শুভ। স্বাস্থ্য ভাল।

মকৰ ৰাশিঃ কোনো ভাল খবৰ লাভ কৰিব পাৰে। আয়ৰ নতুন পথ মুকলি হ’ব। পৰিয়ালৰ লোক আপোনাৰ কামৰ পৰা সুখী হ’ব। আনক সহায় কৰাৰ লহতে নিজৰ অৱস্থাৰ ওপৰতো গুৰুত্ব দিব। ব্যৱসায়ীসকলে ভাল খবৰ লাভ কৰিব পাৰে। চৰকাৰী কামত ডাঙৰ মানুহৰ সহায় লাভ কৰিব পাৰে। বৈবাহিক জীৱন শুভ। সংগীক লগ পাব। স্বাস্থ্যত গুৰুত্ব দিব।

কুম্ভ ৰাশিঃ বেয়া হোৱা সম্পৰ্ক ভাললৈ ঘূৰি আহিব। সন্তানৰ কামৰ পৰা সুখী হ’ব। ভ্ৰমণৰ যোগ আছে। ব্যৱসায়ীসকলে অধিক পৰিশ্ৰম কৰিব লাগিব। বিৰোধীয়ে কোনো লোকচান কৰাৰ চেষ্টা কৰিব পাৰে। কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে চিন্তা কৰিব। চৰকাৰী চাকৰিয়ালসকলে কোনো ভাল খবৰ লাভ কৰিব। প্ৰেমত শুভ।

মীন ৰাশিঃ দিনটো ভালে যাব। আপোনাৰ সপোন পূৰণ হ’ব। চাকৰিৰ অফাৰ লাভৰ সম্ভাৱনা। আৰ্থিক দিশটো ভাল। আনক কামত হস্তক্ষেপ নকৰিব । খৰচত গুৰুত্ব দিয়ক। ব্যৱসায়ৰ বাবে যাত্ৰা কৰিব পাৰে। কেৰিয়াৰৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ আগতে চিন্তা কৰিব। চাকৰি কৰাসকলৰ বাবে দিনটো পৰিশ্ৰমদায়ক হ’ব। বৈবাহিক জীৱন শুভ।