শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: আজি ১৪ নৱেম্বৰ, কেনে যাব আপোনাৰ দিন? চাওক আজিৰ ৰাশিফল…

Daily Horoscope: আজি ১৪ নৱেম্বৰ, বৃহস্পতিবাৰ। আজিৰ দিনটো কিছু ৰাশিৰ জাতক- জাতিকাৰ ভাল হোৱাৰ বিপৰীতে কিছু জাতক- জাতিকাই কিছু সমস্যাত পৰিব পাৰে। আজিৰ ৰাশিফল চাওক.

Daily Horoscope: আজি ১৪ নৱেম্বৰ, কেনে যাব আপোনাৰ দিন? চাওক আজিৰ ৰাশিফল…
আজিৰ দিনটোৰ ৰাশিফলImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 14 Nov 2024 06:10 AM

আজি ১৪ নৱেম্বৰ, বৃহস্পতিবাৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজিৰ দিনটো কাৰোবাৰ বাবে ভাল কাৰবোৰ বাবে কিছু কঠিন হোৱাৰ সম্ভাৱনা আছে। কেনে যাব আজি আপোনাৰ দিন, চাওক আজিৰ ৰাশিফল-

মেঘ ৰাশিঃ এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজি আত্মবিশ্বাস বাঢ়িব। টকা পইচাৰ লেনদেনত সাৱধানতা অৱলম্বন কৰিব। হঠাতে কোনো ভাল খবৰ বা সফলতা লাভ কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব। কামত আপোনাৰ জ্যেষ্ঠজন সুখী হোৱাৰ সম্ভাৱনা। আপোনাক প্ৰশংসা কৰিব।

বৃষ ৰাশিঃ এই ৰাশিৰ জাতক-জাতিকা সকলৰ দিন ভালদৰে পাৰ হোৱাৰ সম্ভাৱনা। কেৰিয়াৰৰ লগত জড়িত দিশত সফলতা লাভ কৰিব। প্ৰেমত সমস্যা আহিব পাৰে। ব্যৱসায় আৰু চাকৰিত শুভ। স্বাস্থ্য ভালে যাব। খৰচৰ ওপৰত গুৰুত্ব দিব। আপোনাৰ প্ৰতিভা বিকাশ হোৱাৰ সম্ভাৱনা।

মিথুন ৰাশিঃ আজি আপোনাৰ ব্যস্ততা বৃদ্ধি পাব পাৰে। কামৰ ক্ষেত্ৰত ভ্ৰমণৰ যোগ আছে। ভালদৰে চিন্তা কৰি আগবাঢ়িব। আৰ্থিক দিশটো ভাল বেয়াৰ মাজেৰে চলিব। স্বাস্থ্যত গুৰুত্ব দিব। বন্ধুৰ কোনো কথাই মনত আঘাত দিব পাৰে। টকাৰ ক্ষেত্ৰত সকলোকে বিশ্বাস নকৰিব। মান সন্মান বৃদ্ধি পাব।

কৰ্কট ৰাশিঃ ভাল- বেয়াৰ মাজেৰে দিন পাৰ হোৱাৰ সম্ভাৱনা। খৰচৰ ওপৰত গুৰুত্ব দিব। জ্যেষ্ঠজনৰ পৰামৰ্শ মানি চলিব। ধন লেনদেনত গুৰুত্ব দিব। স্বাস্থ্য ভালে যাব। দীৰ্ঘ দিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। নতুন কামৰ আৰম্ভ কৰিব পাৰে। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰে।

সিংহ ৰাশিঃ দিনটো ভাল- বেয়াৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। আয় বৃদ্ধিৰ যোগ আছে। লেন দেনৰ ক্ষেত্ৰত গুৰুত্ব দিব। কথা কোৱাৰ সময়ত ভাবি চিন্তি কব, আপোনাৰ কথাই পৰিয়ালৰ লোকক আঘাত দিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

কন্যা ৰাশিঃ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। ব্যৱসায়ত পৰিকল্পনা কৰাত গুৰুত্ব দিব। শিক্ষাৰ্থীসকলৰ সমস্যা আহিব পাৰে। ঘৰত ধৰ্মীয় কাম- কাজ হোৱাৰ সম্ভাৱনা। চাকৰি বিচাৰি থকা সকলে ভাল খবৰ লাভ কৰিব পাৰে। ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা।

তুলা ৰাশিঃ ভাল- বেয়াৰ মাজেৰে দিন পাৰ হোৱাৰ সম্ভাৱনা। পৰিয়ালৰ ওপৰত গুৰুত্ব দিব। কাৰ্যক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব পাৰে। কাৰোবাক সহায় কৰাৰ সুযোগ পালে কৰিব। ব্য়ৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত ভাল। সাংস্কৃতিক অনুষ্ঠানত অংশ লোৱাৰ সম্ভাৱনা।

বৃশ্চিক ৰাশিঃ আৰ্থিক দিশটো ভাল। বন্ধুৰ সৈতে সময় কটাব। নতুন কিবা আৰম্ভ কৰাৰ চেষ্টা কৰিব। কাৰোবাত প্ৰতিশ্ৰুতি দিয়াৰ আগতে চিন্তা কৰি চাব। অনলাইন কাম কৰা সকলে ডাঙৰ খবৰ লাভ কৰিব পাৰে। নিজৰ অনুভৱ নিয়ন্ত্ৰণ কৰিব।

ধনু ৰাশিঃ ধন- সম্পত্তিৰ দিশটো ভাল। পিতৃৰ সম্পত্তি লাভ কৰাৰ সম্ভাৱনা। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। ব্যৱসায়িক ক্ষেত্ৰত সিদ্ধান্ত লওতে সাৱধান। পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। দিনটো ভালদৰে পাৰ হোৱাৰ সম্ভাৱনা।

মকৰ ৰাশিঃ ধাৰ্মিক আৰু সামাজিক কামত জড়িত হোৱাৰ সম্ভাৱনা। আপোনাৰ গুৰুত্ব বৃদ্ধি পাব। সমস্যাৰ পৰা মুক্তি লাভ কৰিব। বৈবাহিক জীৱন সুখেৰে পাৰ হোৱাৰ সম্ভাৱনা। প্ৰয়োজনীয় কামত সিদ্ধান্ত লোৱাৰ সময়ত জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰিব। স্বাস্থ্য ভালে যাব।

কুম্ভ ৰাশিঃ আজিৰ দিনটোত আপুনি ব্যস্ত থাকিব। কামৰ বাবে বাহিৰত যাব লাগিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব। দোমোজাত থাকি সিদ্ধান্ত গ্ৰহণ নকৰিব। বাহন ক্ৰয়ৰ সম্ভাৱনা আছে।সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। দিনটো ব্যস্ততা থাকিলেও ভালদৰে পাৰ হোৱাৰ সম্ভাৱনা।

মীন ৰাশিঃ মন লগাই কাম কৰিলে ভাল ফল লাভ কৰিব। ব্যৱসায়ত নতুন পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ সমস্যা আহিব পাৰে। ধৈৰ্য ধৰি কাম কৰিব। প্ৰেমত শুভ। কোনো দিশত সমস্যা থাকিলে দূৰ হোৱাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিব।