Chanakya Niti: স্বামীৰ উন্নতি কেতিয়াও নহয়, যদিহে পত্নীয়ে কৰে এই কাম!
আচাৰ্য চাণক্যই কয় যে, সুখী বিবাহিত জীৱনৰ বাবে স্বামী-স্ত্ৰীয়ে ইজনে সিজনক বুজাটো অতি প্ৰয়োজনীয়। স্বামীৰ উন্নতিৰ বাবে পত্নীয়ে কোনবোৰ ভুল কৰিব নালাগে ক'লে চাণক্যই...

চাণক্য নীতি
চাণক্য নীতি (Chanakya Niti) হৈছে প্ৰাচীন ভাৰতীয় পণ্ডিত চাণক্যৰ দ্বাৰা ৰচিত নীতি বিষয়ক গ্ৰন্থ। ইয়াৰ অসমীয়া অনুবাদ “চাণক্য নীতি” নামেৰে জনাজাত। এই গ্ৰন্থখনত জীৱনৰ বিভিন্ন দিশ যেনে ৰাজনীতি, অৰ্থনীতি, সমাজনীতি আৰু ব্যক্তিগত নৈতিকতাৰ ওপৰত গুৰুত্বপূৰ্ণ নীতি আৰু উপদেশ সন্নিবিষ্ট কৰা হৈছে।
আচাৰ্য চাণক্যই কয় যে, সুখী বিবাহিত জীৱনৰ বাবে স্বামী-স্ত্ৰীয়ে ইজনে সিজনক বুজাটো অতি প্ৰয়োজনীয়। স্বামীৰ উন্নতিৰ বাবে পত্নীয়ে কোনবোৰ ভুল কৰিব নালাগে ক’লে চাণক্যই…
- মহিলাসকলে নিজাববীয়াকৈ বহু কথা চিন্তা কৰে আৰু স্বামীক ঠাট্টা কৰি থাকে, সেয়া অনুচিত।
- মহিলাসকলে ৰাতিপুৱা সাৰ ঘৰ পৰিষ্কাৰ কৰক আৰু তাৰ পিছত গা ধুই পূজা কৰিব লাগে।
- স্বামীৰ মানিবেগৰ পৰা ধন চুৰি কৰিব নালাগে।
- স্বামীক পৰমেশ্বৰ জ্ঞান কৰক আৰু মুখে মুখে উত্তৰ দিয়া অনুচিত
- শাস্ত্ৰত মহিলাসকলে বৃহস্পতিবাৰ, একাদশী আৰু অমৱস্যাৰ দিনত চুলি ধোৱাটো অশুভ বুলি বিবেচিত হৈছে। এনে কৰিলে সন্মান হেৰায়।
- ৰাতি শুই উঠাৰ আগতে লেতেৰা বাচন-বৰ্তন পৰিষ্কাৰ কৰিব লাগে। বিশ্বাস কৰা হয় যে দেৱী লক্ষ্মী ৰাতিপুৱা ঘৰত বাস কৰে আৰু ঘৰৰ মলি দেখি খং উঠি পিছলৈ ঘূৰি যায়।
(অস্বীকাৰ: এই তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে নিশ্চিত নকৰে।)