Chanakya niti: জীৱনত সফলতা বিচাৰে নেকি? তেন্তে আঁতৰি থাকক এনে লোকৰ পৰা…
Chanakya niti: আচাৰ্য চাণক্যই মানুহক বিভিন্ন দিশৰ বিষয়ে জ্ঞান দি গৈছে। চাণক্যৰ মতে, জীৱনত সফলতা লাভ কৰিবলৈ কিছুমান লোকৰ পৰা আঁতৰি থকা ভাল। এনে লোকে আপোনাক সমস্যাত পেলাব পাৰে।
আচাৰ্য চাণক্যই মানুহক বিভিন্ন সমস্যাৰ সমাধান দি গৈছে। চাণক্যৰ (Chanakya niti) মতে, মানুহে জীৱনত উন্নতি কৰিবলৈ কিছুমানৰ বিশেষ মানুহৰ পৰা আঁতৰি থাকিব লাগে। এনে কিছুমান লোক আছে যিয়ে আপোনাৰ উন্নতিত বাধাৰ সৃষ্টি কৰিব পাৰে বা সমাজত সুনাম নষ্ট কৰিব পাৰে। গতিকে আপুনি যদি উন্নতি, সন্মান বিচাৰে তেন্তে এইসকল লোকৰ পৰা আঁতৰি থকা ভাল। চাণক্যই কি লোকৰ পৰা আঁতৰি থাকিবলৈ বাধা দিয়ে তলত সবিশেষ উল্লেখ কৰা হ’ল।
যি সদায় অসন্তুষ্ট: চাণক্যই কৈছে যে, যি লোক সদায় অসন্তুষ্ট থাকে তেওঁলোক সদায় অসুখী আৰু আনক ঈৰ্ষা কৰে। এনে লোকে আপোনাৰ ভাল কামকো দোষ দিব পাৰে। ইয়াৰোপৰি অনবৰত অভিযোগ কৰে। যাৰ ফলত আপুনি নিৰাশ, নেতিবাচক অনুভৱ কৰিব পাৰে।
আনৰ আগত বেয়া কথা কোৱা আৰু মিছা বন্ধু: চাণক্যৰ মতে, যি মানুহে আপোনাৰ পাছত আপোনাক গালি পাৰে, বেয়া কথা কয় তেন্তে সেই শত্ৰুতুল্য। এনে লোকে আপোনাক আপোনাৰ আগত প্ৰশংসা কৰিব, কিন্তু আনৰ আগত নিন্দা কৰিব। এনে ধৰণ মিছা বন্ধুৰ পৰা আঁতৰি থাকিব লাগে।
লোভী ব্যক্তি: যিসকলে ধন আৰু লোভৰ বাবে যিকোনো কাম কৰিব পাৰে তেনে লোক ত্যাগ কৰিব লাগে। এনে ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ বাবে আপোনাৰো সমস্যা আনিব পাৰে। এনে লোকৰ লগত থাকিলে সুনাম নষ্ট হয়, আনকি আপোনাক সমস্যাত পেলাব পাৰে।
মূৰ্খ আৰু অজ্ঞান ব্যক্তি: মূৰ্খ বা অজ্ঞান ব্যক্তিৰ পৰা আঁতৰি থাকিব লাগে। এনে লোকক আপুনি লোকক আপুনি ভাল উপদেশ দিলেও বুজি নাপাব, বৰঞ্চ ঠাট্টা কৰিব। এনে লোকৰ লগত তৰ্ক কৰি লাভ নাই।
দুখত লগ এৰা বন্ধু বা আত্মীয়: যি লোকে আপোনাৰ সুখৰ সময়ত লগত থাকে কিন্ত বিপদৰ সময়ত আঁতৰি যায় তেনে লোকৰ পৰা দূৰত থকা ভাল। কিয়নো এনে লোক স্বাৰ্থপৰ হয়। এনে লোক কেৱৰ নিজৰ বাবে আপোনাক ব্যৱহাৰ কৰিব। সময়ত আঁতৰি যাব।
চাণক্যই বিশ্বাস কৰিছিল যে, এজন ব্যক্তিৰ সফলতা আৰু বিফলতাত তেওঁৰ ওচৰে-পাজৰে থকা মানুহে ডাঙৰ ভূমিকা পালন কৰে। গতিকে, যদি আপুনি আপোনাৰ জীৱনত শান্তি, প্ৰগতি আৰু সফলতা বিচাৰে তেন্তে সদায় ভাল মানুহৰ লগত থাকক।
(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)
অন্য খবৰ পঢ়কঃ ধ্বংস হ’ব জীৱন! কেতিয়াও নকৰিব এই ৩টা মহাপাপ, গীতাৰ পৰা জানক সকলো…