কি হ’ব ২০২৬ চনত! বাবা ভাংগাই কৰিছে ভৱিষ্যদ্বাণী, বিশ্বই দেখিব এনে পৰিস্থিতি…
বাবা ভাংগাই আগবঢ়োৱা বহু ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হোৱাৰ বাবে বহু লোকে তেওঁৰ ভৱিষ্যদ্বাণীক বিশ্বাস কৰে। এতিয়া নতুন বছৰ ওচৰ চাপি অহাৰ লগে লগে বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। পিছে ২০২৬ চনৰ বাবে কি ভৱিষ্যদ্বাণী কৰিছে বাবা ভাংগাই?
আৰু মাত্ৰ কেইটামান দিন, তাৰ পিছতে বিশ্ববাসীয়ে আদৰিব এটা নতুন বছৰ। চলিত ২০২৫ চনৰ বিদায় সূত্ৰে আগমন ঘটিব ২০২৬ চনৰ। স্বাভাৱিকতেই নতুন বছৰটোত সকলো দিশতে সুখ-শান্তিৰ কামনা কৰা হয়। সকলো লোকেই নতুন বছৰটো ভাল হোৱাৰ আশা কৰে। আনহাতে জ্যোতিষীসকলে প্ৰতিটো বছৰৰ প্ৰাকক্ষণত নতুন বছৰটোৰ সন্দৰ্ভত ভৱিষ্যদ্বাণী কৰে। এইক্ষেত্ৰত বাবা ভাংগাৰ নাম বিশেষভাৱে উল্লেখনীয়। বাবা ভাংগাই আগবঢ়োৱা বহু ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হোৱাৰ বাবে বহু লোকে তেওঁৰ ভৱিষ্যদ্বাণীক বিশ্বাস কৰে।
এতিয়া নতুন বছৰ ওচৰ চাপি অহাৰ লগে লগে বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। পিছে ২০২৬ চনৰ বাবে কি ভৱিষ্যদ্বাণী কৰিছে বাবা ভাংগাই? সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছে যে ২০২৬ চনত ভূমিকম্প, আগ্নেয়গিৰিৰ বিস্ফোৰণ, আৰু ভয়াৱহ জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱনা আছে।
ইয়াৰ ফলত বিশ্বৰ ভূখণ্ডৰ এক বৃহৎ অংশত প্ৰভাৱ পৰিব বুলিও তেও সতৰ্কবাণী দিছে। যদিও পৃথিৱীত এনে বৃহৎ দুৰ্যোগ ঘটাৰ পূৰ্বানুমান কৰা হৈছে, তথাপিও বাবা ভাংগাৰ ভৱিষ্যদ্বাণীত এনে দুৰ্যোগৰ নিৰ্দিষ্ট স্থান তথা নিৰ্দিষ্ট সংখ্যা নিশ্চিত হোৱা নাই।
AI সন্দৰ্ভত বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
বাবা ভাংগাৰ আন এক ভৱিষ্যদ্বাণী অনুসৰি ২০২৬ চনৰ ভিতৰত AI বা কৃত্ৰিম বুদ্ধিমত্তা এনে এক পৰ্যায়ত উপনীত হ’ব যে ই ডাঙৰ ডাঙৰ সিদ্ধান্ত, উদ্যোগ, আনকি মানৱ জীৱনতো আধিপত্য বিস্তাৰ কৰিব। বৰ্তমানৰ AIৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখিলে তেওঁৰ ভৱিষ্যদ্বাণী সঁচা হ’ব পাৰে বুলি বহু লোকেই ধাৰণা কৰিছে।
ইফালে ২০২৬ চনত বিশেষকৈ নৱেম্বৰ মাহত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰা এখন বিশাল মহাকাশযানৰ জৰিয়তে মানুহে এলিয়েনৰ সৈতে যোগাযোগ স্থাপন কৰিব বুলিও বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছিল। তেওঁ লগতে ২০২৬ চনত ৰাছিয়াৰ এজন শক্তিশালী নেতাই বিশ্ব শাসন কৰিব বুলিও ভৱিষ্যদ্বাণী কৰিছিল।
ভাংগাৰ ভৱিষ্যদ্বাণী মতে ২০২৬ চনত বিশ্ব অৰ্থনীতিত ভয়াৱহ বিত্তীয় সংকট, অতি মুদ্ৰাস্ফীতিৰ সন্মুখীন হ’ব। কিছুমান প্ৰতিবেদনত লগতে বাবা ভাংগাই ২০২৬ চনত সোণৰ মূল্য অভাৱনীয়ভাৱে সলনি হ’ব পাৰে বুলি ভৱিষ্যদ্বাণী কৰাৰ কথাও উল্লেখ কৰা হৈছে। ২০২৬ চনত চীনে যথেষ্ট আধিপত্য লাভ কৰিব বুলিও তেওঁ ভৱিষ্যদ্বাণী কৰিছিল।
১৯৯৬ চনত বাবা ভাংগাৰ মৃত্যু
উল্লেখ্য যে ১৯৯৬ চনত বাবা ভাংগাৰ মৃত্যু হয় যদিও তাৰ পিছতো তেওঁৰ বহু ভৱিষ্যদ্বাণী সঁচা হৈ পৰিছে। ইয়াৰ ভিতৰত ৯/১১ৰ আক্ৰমণ আৰু ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ ভৱিষ্যদ্বাণী অন্যতম। বাবা ভাংগাই ২০২৫ চনত ইউৰোপত বৃহৎ ভূমিকম্প আৰু অৰ্থনৈতিক অৱনতিৰ ভৱিষ্যদ্বাণী কৰিছিল। ম্যানমাৰত হোৱা ভয়াৱহ ভূমিকম্প আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ভৱিষ্যদ্বাণী সঁচা হোৱা দেখা গৈছে।