ঘৰৰ মন্দিৰ বা প্ৰাৰ্থনা গৃহৰ সমীপত নাৰাখিব এই ৫ সামগ্ৰী, অন্যথা আৰ্থিক সমস্যা-অশান্তিয়ে আগুৰিব জীৱন
বহুলোকে প্ৰায়ে অজানিতে মন্দিৰৰ সমীপত কিছুমান সামগ্ৰী ৰাখে আৰু ইয়াৰ ফলত ঘৰখনৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ দৰিদ্ৰতাই আগুৰি ধৰিব পাৰে। শাস্ত্ৰ আৰু বাস্তু মতে কিছুমান বিশেষ সামগ্ৰী মন্দিৰৰ সমীপত থোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। জানো আহক এই বিষয়ে।
হিন্দু ধৰ্মত ঘৰৰ প্ৰাৰ্থনা গৃহ বা মন্দিৰভাগক আটাইতকৈ পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয়। প্ৰাৰ্থনা গৃহ বা মন্দিৰৰ বিশুদ্ধতাই ঘৰখনত ধনাত্মক শক্তিৰ প্ৰবাহ বজাই ৰাখে বুলি বিশ্বাস কৰা হয়। কিন্তু বহুলোকে প্ৰায়ে অজানিতে মন্দিৰৰ সমীপত কিছুমান সামগ্ৰী ৰাখে আৰু ইয়াৰ ফলত ঘৰখনৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ দৰিদ্ৰতাই আগুৰি ধৰিব পাৰে। শাস্ত্ৰ আৰু বাস্তু মতে কিছুমান বিশেষ সামগ্ৰী মন্দিৰৰ সমীপত থোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। জানো আহক এই বিষয়ে।
চোকা বা জোঙা বস্তু
মন্দিৰটো শান্তি আৰু পবিত্ৰতাৰ স্থান। ইয়াৰ বিপৰীতে কেঁচি, কটাৰী, বেজী বা পিনৰ দৰে চোকা আৰু জোঙা বস্তুবোৰক খং, অস্থিৰতা আৰু ঋণাত্মক শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বাস্তু মতে এইবোৰ মন্দিৰৰ ওচৰত ৰাখিলে পৰিয়ালৰ সদস্যৰ মাজত উত্তেজনা আৰু সংঘাত বৃদ্ধি পায়।
বিশ্বাস কৰা হয় যে চোকা বস্তুৱে পৰিয়ালৰ ভিতৰত থকা পাৰস্পৰিক প্ৰেমৰ সম্পৰ্কত ভাঙোন আনে আৰু ইয়াৰ ফলত সম্পৰ্কত তিক্ততা দেখা দিয়ে। মন্দিৰৰ ওচৰত এনে সামগ্ৰী থোৱা মানেই ঘৰত বিবাদ, অশান্তি, মানসিক চাপ বৃদ্ধি কৰিব পাৰে।
লেতেৰা কাপোৰ, ঝাড়ু আৰু জাবৰ
প্ৰাৰ্থনা কক্ষৰ বিশুদ্ধতা সৰ্বোচ্চ। ইয়াক সদায় পৰিষ্কাৰ আৰু সুসংগঠিত কৰি ৰাখিব লাগে। লেতেৰা কাপোৰ, ঝাড়ু বা যিকোনো জাৱৰ-জোঁথৰ অশুদ্ধিৰ প্ৰতীক। এইবোৰ মন্দিৰৰ ওচৰত ৰাখিলে দেৱতাসকলক অসন্মান কৰা হয় আৰু পূজাৰ ফলপ্ৰসূতাক নস্যাৎ কৰা হয়।
সেয়ে মন্দিৰত ইতমধ্যে ব্যৱহৃত জুইশলাৰ কাঠি, ফুলৰ দৰে সামগ্ৰীও পূজাৰ পিছত লগে লগে মন্দিৰৰ সমীপৰ পৰা আঁতৰাই আনিব লাগে। অন্যথা ঘৰত দৰিদ্ৰতা প্ৰৱেশ কৰে, ধন-সম্পত্তি নষ্ট হয় আৰু ব্যক্তিজনে আৰ্থিক অসুবিধাৰ সন্মুখীন হয়।
জুইশলা বা জ্বলনশীল সামগ্ৰী
চাকি আৰু ধূপ জ্বলোৱাৰ বাবে জুইশলা ব্যৱহাৰ কৰা হয় যদিও মন্দিৰৰ ভিতৰত বা ওচৰত ৰখাটো অশুভ বুলি গণ্য কৰা হয়। বাস্তু মতে মন্দিৰত জুইশলা বা লাইটাৰৰ দৰে জ্বলনশীল বস্তু ৰাখিলে ঘৰৰ শান্তি বিঘ্নিত হয়। কেতিয়াবা মানুহে ইতিপূৰ্বে ব্যৱহৃত জুইশলা কাঠিও থৈ দিয়া দেখা যায়, ইয়াৰ ফলত ঋণাত্মক শক্তি বিয়পি পৰে।
এনে অভ্যাসে ঘৰখনত অশান্তি, পাৰিবাৰিক বিবাদ আৰু মানসিক অস্থিৰতা বৃদ্ধি কৰিব পাৰে। সেয়ে বাস্তু বিধান মানি জুইশলা বা আন যিকোনো জ্বলনশীল সামগ্ৰী সদায় ঘৰৰ মন্দিৰ বা প্ৰাৰ্থনা গৃহৰ পৰা আঁতৰাই ৰাখিব লাগে।
পূৰ্বপুৰুষৰ ফটো
পূৰ্বপুৰুষক সন্মান কৰাটো গুৰুত্বপূৰ্ণ, কিন্তু মন্দিৰৰ ভিতৰত বা সমীপত তেওঁলোকৰ ফটো ৰাখিব নালাগে। বাস্তু শাস্ত্ৰ মতে দেৱতা আৰু পূৰ্বপুৰুষৰ সুকীয়া স্থান আছে। মন্দিৰত পূৰ্বপুৰুষৰ ছবি ৰখাটো ঈশ্বৰৰ অপমান বুলি গণ্য কৰা হয়। পূৰ্বপুৰুষৰ ছবি সদায় ঘৰৰ দক্ষিণ দিশত ৰাখিব লাগে।
মন্দিৰ বা প্ৰাৰ্থনা গৃহত পুৰ্বপুৰুষৰ ফটো ৰখাৰ ফলত ঘৰত নেতিবাচক শক্তিৰ সৃষ্টি হয় আৰু পূজাৰ পৰা শুভ ফল পোৱা নাযায় বুলি বিশ্বাস কৰা হয়। সেয়ে এনে ভুল কৰাৰ পৰা বিৰত থাকিব লাগে।
ভঙা মূৰ্তি বা ফাটি যোৱা পুৰণি কিতাপ
ভঙা মূৰ্তি, ফটা ছবি বা ফাটি যোৱা ধৰ্মীয় কিতাপ কেতিয়াও ঘৰৰ মন্দিৰত ৰাখিব নালাগে। ভঙা মূৰ্তি আৰু ফাটি যোৱা কিতাপ বা ছবিক অশুভ বুলি গণ্য কৰা হয়। এনে সামগ্ৰীয়ে ঋণাত্মক শক্তিৰ সৃষ্টি কৰে। যদি কোনো মূৰ্তি ভাঙি যায় তেতিয়া তৎক্ষণাত মন্দিৰৰ পৰা আঁতৰাই পবিত্ৰ নদীত বা আঁহত গছৰ তলত ৰাখিব লাগে।
সেইদৰে ফাটি যোৱা আৰু পুৰণি ধৰ্মীয় কিতাপো সন্মানেৰে বিসৰ্জন দিব লাগে। এনে সামগ্ৰী মন্দিৰৰ ভিতৰত বা সমীপত ৰাখিলে ঘৰত নেতিবাচকতা বৃদ্ধি কৰে, আৰ্থিক লোকচানৰ সৃষ্টি কৰে আৰু ঘৰুৱা পৰিৱেশ অশান্তিকৰ কৰি তোলে।
বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লেখ কৰা তথ্যসমূহ জ্যোতিষ তথা বাস্তু নীতিৰ ওপৰত আধাৰিত। TV9 Assam-এ এই সন্দৰ্ভত নিজা কোনো মন্তব্য প্ৰকাশ কৰা নাই।