শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এই দিনকেইটাত ঘৰত কেতিয়াও বনাব নালাগে ৰুটি, আৰ্থিক সমস্যাই ধৰিব আগুৰি! বাস্তু শাস্ত্ৰই দিছে বিধান

বাস্তু শাস্ত্ৰত পিছে কিছুমান নিৰ্দিষ্ট তাৰিখত ঘৰত ৰুটি বনোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই দিনকেইটাত ৰুটি প্ৰস্তুত কৰিলে ঘৰত আৰ্থিক সমস্যাই দেখা দিব পাৰে বুলি বাস্তুৱে সকীয়াই দিছে। এইবিষয়ে জানো আহক।

এই দিনকেইটাত ঘৰত কেতিয়াও বনাব নালাগে ৰুটি, আৰ্থিক সমস্যাই ধৰিব আগুৰি! বাস্তু শাস্ত্ৰই দিছে বিধান
ৰুটি বনাওঁতে মানিব লাগে এনে নিয়মImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 01 Dec 2025 12:41 PM

আহাৰ কেৱল ভোক পূৰণৰ দ্ৰৱ্যই নহয়, হিন্দু ধৰ্মত আহাৰক অন্নপূৰ্ণা দেৱীৰ এক ৰূপ হিচাপেও গণ্য কৰা হয়। আহাৰক সমৃদ্ধিৰ প্ৰতীক লক্ষ্মী দেৱীৰ এক ৰূপ হিচাপে মান্যতা দিয়া হয়। বাস্তু শাস্ত্ৰত ঘৰত খাদ্য প্ৰস্তুত কৰাৰ বাবে কিছুমান নিৰ্দিষ্ট নিয়ম নিৰ্ধাৰণ কৰা হৈছে। বাস্তু মতে, ৰন্ধা-বঢ়া কৰাৰ সময়ত ঘৰৰ পৰিৱেশ বিশুদ্ধ আৰু পবিত্ৰ হ’ব লাগে। তেতিয়াহে খাদ্যই শুভ ফল দিব। আমি সততে গ্ৰহণ কৰা এক খাদ্য হৈছে ৰুটি। পুৱা, দুপৰীয়া বা নিশা- যিকোনো সময়তে আমি খাদ্য হিচাপে ৰুটি গ্ৰহণ কৰোঁ।

বাস্তু শাস্ত্ৰত পিছে কিছুমান নিৰ্দিষ্ট তাৰিখত ঘৰত ৰুটি বনোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই দিনকেইটাত ৰুটি প্ৰস্তুত কৰিলে ঘৰত আৰ্থিক সমস্যাই দেখা দিব পাৰে বুলি বাস্তুৱে সকীয়াই দিছে। এইবিষয়ে জানো আহক-

শীতলা অষ্টমী

শীতলা অষ্টমীক অতি পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ তিথি হিচাপে গণ্য কৰা হয়। এই দিনটোত দেৱী শীতলাক বাহী খাদ্য আগবঢ়োৱা হয় বুলি বিশ্বাস কৰা হয়। সেয়ে ধৰ্মীয় বিশ্বাস মতে এই দিনটোত ঘৰত চৌকা জ্বলাব নালাগে। গতিকে এই দিনটোত ঘৰতে ৰুটি বনোৱা অনুচিত।

দীপাৱলী

দীপাৱলী হিন্দু ধৰ্মৰ আটাইতকৈ শুভ উৎসৱ হিচাপে গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত লক্ষ্মী দেৱীয়ে প্ৰতিটো ঘৰলৈ যায়, গতিকে এই দিনটোত ৰুটিৰ সলনি বিশেষ খাদ্য প্ৰস্তুত কৰা হয়। দীপাৱলীত ৰুটি বনালে লক্ষ্মী দেৱী অসন্তুষ্ট হ’ব পাৰে বুলি বিশ্বাস কৰা হয়, সেয়েহে দেৱালীত দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ বাবে পায়স বা অন্য বিশেষ খাদ্য ৰন্ধা উচিত।

শ্ৰাদ্ধ

শ্ৰাদ্ধৰ দিনত ঘৰত কেতিয়াও ৰুটি বনাব নালাগে বুলি বাস্তুৱে কয়। এই দিনটোত পূৰ্বপুৰুষক স্মৰণ কৰা হয়, গতিকে সাধাৰণ খাদ্যৰ পৰিৱৰ্তে পূৰ্বপুৰুষৰ বাবে বিশেষ ব্যঞ্জন প্ৰস্তুত কৰি ভক্তিৰে তেওঁলোকক আগবঢ়াব লাগে বুলি বিশ্বাস কৰা হয়। বিশ্বাস অনুসৰি এই দিনটোত প্ৰস্তুত কৰা খাদ্য পূৰ্বপুৰুষে গ্ৰহণ কৰে আৰু ঘৰখনলৈ তেওঁলোকৰ আশীৰ্বাদ কঢ়িয়াই আনে।

শৰৎ পূৰ্ণিমা

শৰৎ পূৰ্ণিমাতো ৰুটি বনাব নালাগে বুলি কোৱা হৈছে। এই দিনটোক দেৱী লক্ষ্মীৰ আবিৰ্ভাৱৰ দিন বুলি গণ্য কৰা হয়। শৰৎ পূৰ্ণিমাৰ নিশা চন্দ্ৰই অমৃত বৃষ্টি কৰি খাদ্যত দেৱত্বৰ সঞ্চাৰ কৰে বুলি বিশ্বাস কৰা হয়। গতিকে এই দিনটোত দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ পায়সৰ দৰে খাদ্য আগবঢ়োৱা হয়।

মৃত্যুৰ সময়ত

বাস্তু শাস্ত্ৰ মতে ঘৰত কোনো লোকৰ মৃত্যুৰ সময়ছোৱাত ৰুটি বনাব নালাগে। এনে কৰিলে খাদ্য প্ৰদূষিত হয় বুলি বিশ্বাস কৰা হয়। মৃত্যুৰ সময়ত ঘৰৰ পৰিৱেশ শোকেৰে ভৰি থাকে, গতিকে এই সময়ত খাদ্য ৰন্ধা-বঢ়া আৰু সেৱন কৰাটো অনুচিত বুলি গণ্য কৰা হয়।

বিশেষ দ্ৰষ্টব্যঃ উপৰোক্ত মতামতসমূহ সম্পূৰ্ণ ৰূপে বাস্তু তথা ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। এইক্ষেত্ৰত TV9 Assam- নিজাকৈ কোনো মতামত আগবঢ়োৱা নাই।