শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভগৱান হনুমানৰ দিন মঙলবাৰ, আজি এইকেইটা কাম কৰিলে বজৰংগবলীৰ আশীৰ্বাদত হ’ব সুখ-সমৃদ্ধিৰ আগমন

জ্যোতিষ শাস্ত্ৰত মঙলবাৰৰ দিনটোত পালন কৰিবলগা কিছু নিয়মৰ বিষয়ে উল্লেখ কৰা হৈছে। এই নিয়মসমূহ মানি চলিলে ভক্তৰ জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰে আৰু জীৱনৰ সকলো বিপদ তথা সংকট আঁতৰ হয় বুলি কোৱা হয়। জানো আহক জ্যোতিষ শাস্ত্ৰই মঙলবাৰৰ বাবে আগবঢ়োৱা ৫টা বিশেষ নিয়মৰ বিষয়ে।

ভগৱান হনুমানৰ দিন মঙলবাৰ, আজি এইকেইটা কাম কৰিলে বজৰংগবলীৰ আশীৰ্বাদত হ’ব সুখ-সমৃদ্ধিৰ আগমন
ভগৱান হনুমানImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 18 Nov 2025 10:28 AM

হিন্দু ধৰ্মাৱলম্বী লোকসকলে সপ্তাহৰ প্ৰতিটো দিনত কোনো এগৰাকী বিশেষ ভগৱান বা দেৱ-দেৱীৰ আৰাধনা কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি প্ৰতিটো বাৰ কোনো দেৱ-দেৱী তথা ভগৱানৰ নামত উৎসৰ্গা কৰা হয় আৰু সেয়ে প্ৰতিটো দিনৰ এক বিশেষ মাহাত্ম্য থাকে। হিন্দু ধৰ্মত ৰামভক্ত হনুমানক অত্যন্ত আস্থা তথা শ্ৰদ্ধাৰে পূজা কৰা হয়। এইগৰাকী ভগৱান হনুমানৰ নামতে সপ্তাহৰ মঙলবাৰ দিনটো উৎসৰ্গিত। সেয়ে মঙলবাৰে বজৰংবলীক পূজা কৰিলে আকাংক্ষিত ফল লাভ কৰা যায় বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত।

জ্যোতিষ শাস্ত্ৰত মঙলবাৰৰ দিনটোত পালন কৰিবলগা কিছু নিয়মৰ বিষয়ে উল্লেখ কৰা হৈছে। এই নিয়মসমূহ মানি চলিলে ভক্তৰ জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰে আৰু জীৱনৰ সকলো বিপদ তথা সংকট আঁতৰ হয় বুলি কোৱা হয়। জানো আহক জ্যোতিষ শাস্ত্ৰই মঙলবাৰৰ বাবে আগবঢ়োৱা ৫টা বিশেষ নিয়মৰ বিষয়ে-

জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফলৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ, সপ্তম, অষ্টম আৰু দ্বাদশ স্থানত মংগল গ্ৰহে অৱস্থান লোৱা ব্যক্তিজনৰ মংগল দোষ থাকে। মঙলবাৰে ৰঙা জলকীয়া দান কৰি এই দোষৰ দূৰ কৰিব পাৰি বুলি জ্যোতিষ শাস্ত্ৰই কয়।

চৰকাৰী চাকৰি লাভৰ আশাৰে প্ৰচেষ্টা চলাই থকাসকলে মঙলবাৰে ভগৱান হনুমানক পূজা কৰিব লাগে বুলি জ্যোতিষ শাস্ত্ৰই কয়। পৱন পুত্ৰ ভগৱান বজৰংবলী সন্তুষ্ট হ’লে ভক্তৰ মনোবাঞ্ছা পূৰণ হয় বুলি জ্যোতিষ শাস্ত্ৰই কয়।

ভগৱান ৰামৰ প্ৰধান ভক্ত ভগৱান হনুমান। গতিকে মঙলবাৰে ভগৱান ৰাম-সীতাৰ সৈতে একেলগে হনুমানক পূজা কৰি ৰাম ৰক্ষা স্তোত্ৰ পাঠ কৰিলে জীৱনৰ সফলতা তথা প্ৰগতিৰ পথ মুকলি হয় বুলি জ্যোতিষ শাস্ত্ৰই বিধান দিছে।

মঙলবাৰে গা ধুই ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰি ৰীতি-নীতি অনুসাৰে ভগৱান হনুমানক পূজা আগবঢ়াব লাগে বুলি জ্যোতিষ শাস্ত্ৰই কয়। এই সময় ভগৱান হনুমানৰ আগত ৰঙা ৰঙৰ ফুল তথা ফলমূল অৰ্পণ কৰিব লাগে।

জ্যোতিষ বিধান মতে, মঙলবাৰে ‘ঔম হনুমন্তে নমঃ’ মন্ত্ৰ ২১ বাৰ জপ কৰিব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিক সমস্যা ওৰ পৰিব আৰু সমৃদ্ধিশালী হ’ব বুলি কোৱা হৈছে।

বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লেখ কৰা দিশসমূহ সম্পূৰ্ণ ৰূপে ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। এইক্ষেত্ৰত TV9 Assam-এ নিজা কোনো মত দাঙি ধৰা নাই।