এনে সপোন দেখিছে যদি প্ৰকাশ নকৰিব কাৰো আগত, অন্যথা অসন্তুষ্ট হ’ব দেৱী লক্ষ্মী!
প্ৰায়ে পৰিয়াল তথা বন্ধু-বান্ধৱীৰ সৈতে সপোনৰ বিষয়ে কোৱা হয়। পিছে এনে সপোনৰ বিষয়ে আন কাৰোবাৰ আগত প্ৰকাশ কৰাৰ পূৰ্বেও আমি ভাবিব লগা হয়। কিয়নো সপোন শাস্ত্ৰই এই বিষয়ত সতৰ্কবাণী দিছে। সপোন শাস্ত্ৰই বৰ্ণনা কৰা এনে চাৰিটা সপোনৰ বিষয়ে জানো আহক।
মানুহে শুই থকা অৱস্থাত প্ৰায়ে সপোন দেখে। ইয়াৰে অধিকাংশ সপোনেই আমাৰ মনত নাথাকে যদিও কিছুমান সপোন মনত ৰৈ যায়। টোপনিৰ সময়ত এইদৰে সপোন দেখাটো এক সাধাৰণ ঘটনা হিচাপেই গণ্য কৰা হয়। সেয়ে সাধাৰণ ঘটনা হিচাপেই এনে সপোন আন কাৰোবাৰ আগত প্ৰকাশ কৰা হয়। প্ৰায়ে পৰিয়াল তথা বন্ধু-বান্ধৱীৰ আগত এনে সপোনৰ বিষয়ে কোৱা হয়। পিছে এনে সপোনৰ বিষয়ে আন কাৰোবাৰ আগত প্ৰকাশ কৰাৰ পূৰ্বেও আমি ভাবিব লগা হয়। কিয়নো সপোন শাস্ত্ৰই এই বিষয়ত সতৰ্কবাণী দিছে।
সপোন শাস্ত্ৰই উল্লেখ কৰা মতে আমি দেখা কিছুমান সপোনৰ বিষয়ে কাৰো আগত প্ৰকাশ কৰিব নালাগে। এই সপোনবোৰৰ বিষয়ে প্ৰকাশ কৰিলে ঘৰত কাজিয়া আৰু সংঘাতৰ সৃষ্টি হ’ব পাৰে, আনকি ধন-সম্পত্তিৰ ক্ষতিও হ’ব পাৰে। কোৱা হয় যে এই সপোনবোৰ আনৰ আগত প্ৰকাশ কৰিলে দেৱী লক্ষ্মী ক্ষুব্ধ হ’ব পাৰে। সপোন শাস্ত্ৰই বৰ্ণনা কৰা এনে চাৰিটা সপোনৰ বিষয়ে জানো আহক-
পাহাৰ, নদী বা বাগিচা দেখা
যদি আপুনি পাহাৰ, নদী, বাগিচাৰ সপোন দেখে তেতিয়া এই সপোন কাৰো আগত প্ৰকাশ কৰা উচিত নহয়। এনে সপোন আপোনাৰ জীৱনত হ’বলগীয়া কোনো এক অতি শুভ ঘটনাৰ আগজাননী। এনে সপোন কাৰো আগত প্ৰকাশ নকৰিব।
দেৱ-দেৱী দেখা
সপোনত যদি দেৱ-দেৱী দেখা পায়, তেতিয়া এই সপোন কাৰো আগত প্ৰকাশ কৰা উচিত নহয়। এই সপোন যদি গোপনে ৰখা নহয়, তেতিয়া ই আপোনাৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিব পাৰে।
মৃত্যু দেখা
সপোনত কাৰোবাৰ মৃত্যু হোৱা দেখিলে এই সপোন কাৰো আগত প্ৰকাশ নকৰিব। এনে সপোনে আপোনাৰ বিপদৰ অন্ত পৰাৰ ইংগিত দিয়ে। এনে পৰিস্থিতিত যদি আপুনি এই সপোন কাৰোবাৰ আগত প্ৰকাশ কৰে, তেতিয়া ইয়াৰ ফল বিৰূপ হ’ব পাৰে।
ধন-সম্পত্তি দেখা
সপোনত যদি আপুনি ধন-সম্পত্তি বা আৰ্থিক সমৃদ্ধি দেখা পায়, তেতিয়া এই সপোন অতি শুভ। এই সপোনো কাৰো লগত শ্বেয়াৰ কৰা উচিত নহয়। এনে কৰিলে আপোনাৰ আৰ্থিক সমৃদ্ধিত বাধা আহিব পাৰে।
বিশেষ দ্ৰষ্টব্যঃ উপৰত উদ্ধৃত দিশসমূহ সম্পূৰ্ণ ধৰ্মীয় তথা লোক বিশ্বাসৰ ওপৰত আধাৰিত। TV9 Assam- এ এয়া নিশ্চিত কৰা নাই।