শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জন্মৰ পূৰ্বেই নিৰ্ধাৰণ হয় জীৱনৰ এই ৫টা দিশ, কৈ গৈছে আচাৰ্য চাণক্যই

আচাৰ্য চাণক্যই অৱশ্যে মানুহৰ জীৱন কেৱল কৰ্মৰ ওপৰতে নিৰ্ভৰশীল নহয় বুলিও কৈছে। বৰঞ্চ ব্যক্তিৰ জন্মৰ পূৰ্বেই কিছুমান কথা নিৰ্ধাৰিত হয় বুলি উল্লেখ কৰি গৈছে পণ্ডিতগৰাকীয়ে। জানো আহক এই বিষয়ে।

জন্মৰ পূৰ্বেই নিৰ্ধাৰণ হয় জীৱনৰ এই ৫টা দিশ, কৈ গৈছে আচাৰ্য চাণক্যই
আচাৰ্য চাণক্যৰ পৰামৰ্শImage Credit source: Wikipedia/Unsplash
monjit-dutta
Monjit Dutta | Updated On: 06 Nov 2025 15:47 PM

ভাৰতীয় ইতিহাসৰ এগৰাকী মহান দাৰ্শনিক হিচাপে আজিও বন্দিত আচাৰ্য চাণক্য। এইগৰাকী পণ্ডিত কৌটিল্য আৰু বিষ্ণু গুপ্ত নামেৰেও পৰিচিত। ব্যক্তিৰ জীৱনৰ প্ৰায় প্ৰতিটো দিশৰ ওপৰতে আচাৰ্য চাণক্যই গুৰুত্বপূৰ্ণ মতামত আগবঢ়াই গৈছে। তেওঁৰ এই পৰামৰ্শ তথা মতামত আজিৰ সময়তো প্ৰাসঙ্গিক। আচাৰ্য চাণক্যই অৱশ্যে মানুহৰ জীৱন কেৱল কৰ্মৰ ওপৰতে নিৰ্ভৰশীল নহয় বুলিও কৈছে। বৰঞ্চ ব্যক্তিৰ জন্মৰ পূৰ্বেই কিছুমান কথা নিৰ্ধাৰিত হয় বুলি উল্লেখ কৰি গৈছে পণ্ডিতগৰাকীয়ে। জানো আহক এই বিষয়ে।

বয়স

আচাৰ্য চাণক্যৰ মতে, জন্মৰ পূৰ্বে প্ৰতিজন ব্যক্তিৰ আয়ুস ঈশ্বৰে নিৰ্ধাৰণ কৰে। যেতিয়া সন্তান মাতৃ গৰ্ভত থাকে, তেতিয়াই ঈশ্বৰে ব্যক্তিৰ আয়ুস নিৰ্ধাৰণ কৰে বুলি তেওঁ কয়। অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ মৃত্যুৰ সময় নিৰ্দিষ্ট। চাণক্যই উল্লেখ কৰি যোৱা মতে, ব্যক্তিৰ আয়ুস কোনেও আয়ুস কাঢ়ি নিব নোৱাৰে।

মৃত্যু

আচাৰ্য চাণক্যই কৈছে যে মানুহৰ জন্মৰ পূৰ্বেই মৃত্যুৰ সময় লিখা হয়। কেতিয়া, ক’ত, কি পৰিস্থিতিত তেওঁলোকৰ মৃত্যু হ’ব, সেয়া কোনেও জানিব নোৱাৰে। মৃত্যু হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সত্য, এই সত্যক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি। আচাৰ্য চাণক্যৰ মতে মৃত্যুৰ ভয়ে মানুহক দুৰ্বল কৰি তোলে। কিন্তু যেতিয়া ব্যক্তিয়ে বুজি পায় যে সেয়া ইতিমধ্যে পূৰ্বনিৰ্ধাৰিত, তেতিয়া ভয় কৰাৰ কোনো কাৰণ নাথাকে।

কৰ্ম
আচাৰ্য চাণক্যই কৈছে যে প্ৰতিজন ব্যক্তিৰ জীৱন তেওঁলোকৰ কৰ্মৰ দ্বাৰা গঢ় লৈ উঠে। এজন ব্যক্তিৰ বৰ্তমান তেওঁ অতীতৰ জীৱনত কৰা কৰ্মৰ ফল বুলি তেওঁ কয়। তদুপৰি ব্যক্তিজনৰ বৰ্তমানৰ কৰ্মই তেওঁৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। কোনো ব্যক্তিৰ কৰ্মৰ ফল গৰ্ভধাৰণৰ পূৰ্বেই নিৰ্ণয় কৰা হয় বুলিও তেওঁ কয়।

আৰ্থিক অৱস্থা

এজন ব্যক্তিৰ আৰ্থিক অৱস্থাও জন্মৰ পূৰ্বেই নিৰ্ধাৰিত হয় বুলি চাণক্যই কৈ গৈছে। অৰ্থাৎ এজন ব্যক্তিৰ জীৱনলৈ কিমান ধন-সম্পত্তি আহিব সেয়া ইতিমধ্যে নিৰ্ধাৰিত বুলি তেওঁ কয়। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে, এজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰমৰ পৰা বিৰত থাকিব লাগিব।

শিক্ষা আৰু জ্ঞান

প্ৰতিজন ব্যক্তিৰ বুদ্ধিমত্তা, বিচাৰ ক্ষমতা, শিক্ষণ ক্ষমতা জন্মৰ পূৰ্বেই নিৰ্ধাৰিত হয় বুলি আচাৰ্য চাণক্যই উল্লেখ কৰি গৈছে। প্ৰতিজন ব্যক্তিৰ এক অনন্য প্ৰতিভা থাকে, এই প্ৰতিভা সঠিক দিশত আগবঢ়াই নিবলৈ অধিক উন্নত কৰিব লাগে।