শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: আজি এইকেইটা ৰাশিৰ ওপৰত থাকিব ভগৱান হনুমানৰ আশীৰ্বাদ, দিনটো হৈ পৰিব শুভ; চাওক আজিৰ ৰাশিফল

মঙলবাৰ দিনটোৰ মহত্ব অনেক। ধৰ্ম বিশ্বাসীসকলে এই দিনটোত নিজৰ মনোকামনা পূৰ্ণ হোৱাৰ মানসেৰে বহু নীতি নিয়ম মানি চলে। এই বিশেষ দিনটোৰ এক সম্ভাৱ্য আগজাননী লাভৰ বাবে ৰাশিফলৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হয়। ৰাশিফলৰ জৰিয়তে আপুনিও চাওক দিনটোৰ সম্ভাৱ্য আগজাননী।

Daily Horoscope: আজি এইকেইটা ৰাশিৰ ওপৰত থাকিব ভগৱান হনুমানৰ আশীৰ্বাদ, দিনটো হৈ পৰিব শুভ; চাওক আজিৰ ৰাশিফল
আজিৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 09 Dec 2025 06:00 AM

আজি ৯ ডিচেম্বৰ, মঙলবাৰ। সপ্তাহৰ এই দিনটোক হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি বিশেষ মান্যতা প্ৰদান কৰা হয়। ইফালে এই দিনটোক হিন্দু ধৰ্মত ভগৱান হনুমানৰ নামত উৎসৰ্গা কৰা হৈছে। সেয়ে মঙলবাৰ দিনটোৰ মহত্ব অনেক। ধৰ্ম বিশ্বাসীসকলে এই দিনটোত নিজৰ মনোকামনা পূৰ্ণ হোৱাৰ মানসেৰে বহু নীতি নিয়ম মানি চলে। তদুপৰি এই বিশেষ দিনটোৰ এক সম্ভাৱ্য আগজাননী লাভৰ বাবে ৰাশিফলৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হয়। ৰাশিফলৰ জৰিয়তে আপুনিও চাওক দিনটোৰ সম্ভাৱ্য আগজাননী-

মেষ ৰাশিৰ ৰাশিফল

ব্যৱসায়ৰ ক্ষেত্ৰত সঠিক পৰামৰ্শ লাভ কৰিব। উপাৰ্জন বাঢ়িব। জীৱনত এক ডাঙৰ পৰিৱৰ্তন আহিব। অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। অবিবাহিতসকলৰ জীৱনলৈ প্ৰেমৰ আগমন ঘটিব। সন্তানে শিক্ষাৰ বাবে ঘৰৰ পৰা আঁতৰি যাব লাগিব।

বৃষ ৰাশিৰ ৰাশিফল

আয়ৰ উৎস বাঢ়িব। চৰকাৰী কাম-কাজত সফলতাৰ মুখ দেখিব। বয়োজ্যেষ্ঠ লোকৰ পৰা পূৰ্ণ সহায় লাভ কৰিব। দীৰ্ঘদিনীয়া মতানৈক্য দূৰ হ’ব। ভিৰ এৰক চলক। বাহনৰ বিজুতিৰ বাবে সমস্যা হ’ব পাৰে। পৰিয়ালৰ সৈতে কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা সন্দৰ্ভত আলোচনা হ’ব।

মিথুন ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰত আপোনাৰ বাবে দিনটো শুভ বিবেচিত হ’ব। আপোনাৰ চখ পূৰণৰ বাবে কোনো সামগ্ৰী ক্ৰয় কৰিব। পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্ক উন্নত হ’ব। জীৱনসংগীৰ পৰা পূৰ্ণ সহায় পাব, চিন্তা দূৰ হ’ব। শাৰীৰিক সমস্যাৰ বাবে চিন্তা বাঢ়িব।

কৰ্কট ৰাশিৰ ৰাশিফল

সম্পত্তিৰ কোনো ডাঙৰ চুক্তি চূড়ান্ত হ’ব পাৰে। চাকৰি বিচাৰি থকাসকলে সুখবৰ লাভ কৰিব। নতুন সম্পত্তি ক্ৰয়ৰ দিন। ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। বন্ধুৰ সৈতে কথা-বতৰাৰ সময়ত সাৱধান হওক। অচিনাকি লোকৰ পৰা কোনো নিৰাশাজনক খবৰ শুনিব পাৰে।

সিংহ ৰাশিৰ ৰাশিফল

শিক্ষাৰ্থীসকলৰ বাবে শুভ, উচ্চশিক্ষাৰ পথ মুকলি হ’ব। মাতৃ-পিতৃৰ আশীৰ্বাদত অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ’ব। আপোনাৰ পৰামৰ্শই আন লোকক প্ৰভাৱিত কৰিব। সন্তানৰ কেৰিয়াৰত মনোযোগ দিয়ক। পৰিয়ালৰ যিকোনো বিষয় একেলগে বহি আলোচনাৰ জৰিয়তে সমাধা কৰক। শত্ৰুৱে ব্যাঘাত জন্মাব পাৰে।

কন্যা ৰাশিৰ ৰাশিফল

ভাগ্যৰ পূৰ্ণ সহায় লাভ কৰিব। ধন সম্পত্তি বৃদ্ধি পাব। হাতত লোৱা প্ৰতিটো কামতে সফলতা লাভ কৰিব। পৈতৃক সম্পত্তি লাভে সুখী কৰিব। ভাতৃ-ভগ্নীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। সম্পৰ্ক অবিবাহিত লোকৰ জীৱনলৈ সংগীৰ আগমন ঘটিব। পুৰণি সমস্যাই পুনৰাই দেখা দিব।

তুলা ৰাশিৰ ৰাশিফল

ধনৰ বাবে যদি আপোনাৰ কোনো কাম অসম্পূৰ্ণ হৈ আছিল, আজি সম্পূৰ্ণ হ’ব। মনলৈ নতুন কোনো পৰিকল্পনা অনুসৰি কাম কৰাৰ ইচ্ছা আহিব। একেলগে বহু কাম হাতত লোৱাৰ বাবে ব্যস্ততা বাঢ়িব। লিখিত চুক্তি কৰিহে যিকোনো লেনদেন কৰক।

বৃশ্চিক ৰাশিৰ ৰাশিফল

ব্যৱসায়ৰ অৱস্থা উন্নত হ’ব। পুৰণি ভুলৰ পৰা শিক্ষা ল’ব। ধৰ্মীয় কাম-কাজৰ প্ৰতি মনোযোগ বাঢ়িব। সন্তানৰ ফালৰ পৰা কোনো সুখবৰ লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি পূৰ্ণ মনোযোগ দিয়ক। পৰিয়ালৰ লগত সময় কটাব। জীৱনসংগীৰ পূৰ্ণ সহায় লাভ কৰিব।

ধনু ৰাশিৰ ৰাশিফল

পাবলৈ থকা ধন লাভ কৰিব পাৰে। নতুন কামৰ প্ৰতি ইচ্ছা জাগিব। কামত পৰিৱৰ্তন কৰিলে সফলতাৰ মুখ দেখিব। জীৱনসংগীৰ সৈতে মতানৈক্য হ’ব পাৰে, একেলগে বহি আলোচনাৰ মাজেৰে সেয়া সমাধান কৰক। শাৰীৰিক সমস্যা অৱহেলা নকৰিব। বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক।

মকৰ ৰাশিৰ ৰাশিফল

ব্যৱসায়ৰ ক্ষেত্ৰত সাৱধান হওক, অন্যথা বিশ্বাসঘাতকতাৰ সম্ভাৱনা আছে। সমস্যাৰ পৰা মুক্তি লাভ কৰিব। সন্তানৰ কথাত ভুল গৈ যিকোনো ক্ষেত্ৰত বিনিয়োগৰ ভুল নকৰিব। মাতৃ-পিতৃৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব।

কুম্ভ ৰাশিৰ ৰাশিফল

ধাৰলৈ দিয়া ধন ঘূৰাই পাব পাৰে, ইয়াৰ ফলত সুখ আৰু আনন্দ বাঢ়িব। নিজৰ পৰিশ্ৰম ক্ষমতাৰ ওপৰত ভৰসা ৰাখি কামত আগবাঢ়ক। কৰ্মক্ষেত্ৰত ঊৰ্ধতন বিষয়াই কোনো দায়িত্বপূৰ্ণ কাম দিব পাৰে, এইক্ষেত্ৰত সাৱধান হৈ আগবাঢ়ক। পিতৃৰ সৈতে কোনো কামক লৈ আলোচনা হ’ব পাৰে।

মীন ৰাশিৰ ৰাশিফল

খৰচ বৃদ্ধি পাব। অৱশ্যে আয়ৰ প্ৰতি গুৰুত্ব ৰাখি খৰচ কৰক। নতুন কাম আৰম্ভ কৰিব পাৰে। অচিনাকি লোকৰ কথা সহজে বিশ্বাস নকতিব। দাম্পত্য জীৱন সুখকৰ হ’ব। সহকৰ্মীয়ে আপোনাৰ কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অশীদাৰীত্বৰে কৰা ব্যৱসায়ত উন্নতি হ’ব।