শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: এইকেইটা ৰাশিৰ ওপৰত আজি বৰষিব বজৰংবলীৰ আশীৰ্বাদ, চাওক মাহৰ প্ৰথমটো মঙলবাৰৰ ৰাশিফল

মঙলবাৰ দিনটো হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান হনুমানৰ নামত উৎসৰ্গিত। গতিকে ২০২৫ বৰ্ষৰ বিদায়ী মাহৰ প্ৰথমটো মঙলবাৰ বজৰংবলীৰ আশীৰ্বাদেৰে শুভ হৈ পৰাটো সকলোৱে আশা কৰিব। পিছে আপোনাৰ বাবে দিনটো শুভ হ’বনে, চাওক ৰাশিফল।

Daily Horoscope: এইকেইটা ৰাশিৰ ওপৰত আজি বৰষিব বজৰংবলীৰ আশীৰ্বাদ, চাওক মাহৰ প্ৰথমটো মঙলবাৰৰ ৰাশিফল
মাহৰ প্ৰথমটো মঙলবাৰ কিদৰে পাৰ হ’ব!Image Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 02 Dec 2025 06:00 AM

আজি ২ ডিচেম্বৰ; বছৰৰ অন্তিমটো মাহৰ আজি প্ৰথমটো মঙলবাৰ। সপ্তাহৰ এই দিনটো হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান হনুমানৰ নামত উৎসৰ্গিত। ইফালে জ্যোতিষতো এই দিনটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। গতিকে ২০২৫ বৰ্ষৰ বিদায়ী মাহৰ প্ৰথমটো মঙলবাৰ বজৰংবলীৰ আশীৰ্বাদেৰে শুভ হৈ পৰাটো সকলোৱে আশা কৰিব। পিছে আপোনাৰ বাবে দিনটো শুভ হ’বনে, চাওক ৰাশিফল-

মেষ ৰাশিৰ ৰাশিফল

আৰ্থিক বিষয়ত ভালদৰে সিদ্ধান্ত লৈ আগবাঢ়ক। খৰচৰ ক্ষেত্ৰত সঠিক বাজেট নিৰ্ধাৰণ কৰি লোৱা উচিত হ’ব। চৰকাৰী আঁচনিত যোগদানৰ সুযোগ পাব। মাতৃ-পিতৃৰ আশীৰ্বাদত অসম্পূৰ্ণ কোনো কাম সম্পূৰ্ণ হ’ব। শৰীৰত কোনো সমস্যা অনুভৱ হ’লে অৱহেলা নকৰিব।

বৃষ ৰাশিৰ ৰাশিফল

শ্বেয়াৰ মাৰ্কেটত ভাল বিনিয়োগ কৰিলে ভৱিষ্যতে লাভৰ মুখ দেখিব। ব্যৱসায়ত মনোযোগ দিব লাগিব। আয় বৃদ্ধিৰ নতুন উপায়ৰ ক্ষেত্ৰত মনোযোগ দিয়ক। বেংকিং খণ্ডত কাম কৰাসকলে বিশেষ সফলতা পাব। কৰ্মক্ষেত্ৰত আপোনাৰ কামত বৰমূৰীয়া সন্তুষ্ট হ’ব। কঠোৰ পৰিশ্ৰমৰ ফলত সকলো কাম সফল হ’ব।

মিথুন ৰাশিৰ ৰাশিফল

কেৰিয়াৰৰ সমস্যা দূৰ হ’ব। পুৰণি কোনো লেনদেনৰ বাবে চিন্তাত পৰিব পাৰে। নতুন চাকৰিৰ চেষ্টা কৰিলে সফলতা লাভ কৰিব। সন্তানৰ উৎসাহত নতুন বাহন ক্ৰয় কৰিব পাৰে। যিকোনো কামৰ ক্ষেত্ৰত ভাবি-চিন্তি আগবাঢ়ক। কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে।

কৰ্কট ৰাশিৰ ৰাশিফল

ভাগ্যৰ সহায় লাভ কৰিব। সন্মান আৰু আত্মবিশ্বাস বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীয়ে মনোযোগেৰে অধ্যয়ন কৰিলে পৰীক্ষাত সফলতা পাব। ধৈৰ্য আৰু সাহসেৰে আগবাঢ়ক। গুৰুত্বপূৰ্ণ খবৰ পোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ সমৰ্থন লাভ কৰিব।

সিংহ ৰাশিৰ ৰাশিফল

ব্যৱসায়ত সাৱধানতাৰে সিদ্ধান্ত লওক। পুৰণি ধনৰ লেনদেনৰ ওপৰত ভালদৰে গুৰুত্ব দিয়ক। আৰ্থিক বিষয়ত মনোযোগ দিয়ক। কাম-কাজত গুৰুত্ব দিয়া উচিত হ’ব। আপোনাৰ আশে-পাশে থকা লোকসকলক ভালদৰে চিনিবলৈ চেষ্টা কৰক। পূৰ্বৰ কোনো ভুল পোহৰলৈ আহিব।

কন্যা ৰাশিৰ ৰাশিফল

দাম্পত্য জীৱনৰ সমস্যা আলোচনাৰ মাজেৰে সমাধান কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ বাবে বচে প্ৰশংসা কৰিব। দায়িত্ব বৃদ্ধি পালেও দলীয়ভাৱে নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। ৰাজনীতিৰ সৈতে জড়িতসকলৰ বাবে শুভ।

তুলা ৰাশিৰ ৰাশিফল

কঠোৰ পৰিশ্ৰমেহে সফলতা আনিব। কোনো লোকৰে কথাত সহজে ভৰসা নকৰিব। নিৰ্ধাৰিত নিয়ম মানি চলক। সন্তানৰ পৰা সুখবৰ লাভ কৰিব পাৰে। সৰুৱে কৰা যিকোনো ভুল ক্ষমা কৰক। কাম-কাজত অনুশাসন বজাই ৰাখক। বিবাদৰ পৰা দূৰত থাকক।

বৃশ্চিক ৰাশিৰ ৰাশিফল

পুৰণি কোনো লেনদেন আজি সম্পূৰ্ণ কৰিব পাৰিব। নতুন কোনো চেষ্টা সফল হ’ব। ধৰ্মীয় কাম-কাজৰ প্ৰতি আকৰ্ষিত হ’ব। প্ৰিয়জনৰ লগত মধুৰ সময় কটাব পাৰিব। আপোনাৰ কামে বচক সন্তুষ্ট কৰিব। শিক্ষাৰ প্ৰতি মনোযোগ বাঢ়িব।

ধনু ৰাশিৰ ৰাশিফল

পৰিয়ালৰ সদস্যক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক। আনৰ ওপৰত নিৰ্ভৰ নকৰিব। বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক। পাৰিবাৰিক বিষয়ৰ প্ৰতি মনোযোগ দিয়ক। পুৰণি ভুলৰ বাবে অনুশোচিত হ’ব। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক।

মকৰ ৰাশিৰ ৰাশিফল

যিকোনো বিনিয়োগৰ পূৰ্বে বিজ্ঞজনৰ পৰামৰ্শ লওক। বয়োজ্যেষ্ঠ লোকৰ সেৱাত সময় দিয়ক। আৱেগেৰে কোনো সিদ্ধান্ত নল’ব। কামৰ লগতে জিৰণিৰ বাবেও সময় উলিৱাওক, অন্যথা পুৰণি ৰোগ পুনৰ দেখা দিব পাৰে। নতুন সম্পৰ্কৰ পৰা লাভৱান হ’ব পাৰে।

কুম্ভ ৰাশিৰ ৰাশিফল

ধন-সম্পত্তি বৃদ্ধিৰ সম্ভাৱনা আছে। ব্যৱসায়ত উত্থান-পতনৰ পিছত সফলতা লাভ কৰিব। মাতৃ-পিতৃৰ আশীৰ্বাদত পুৰণি লেনদেন সমাধা হব। জীৱনৰ মানদণ্ড উন্নত হ’ব। আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। চাকৰিৰ ক্ষেত্ৰত অচিনাকি লোকৰ কথা বিশ্বাস নকৰিব।

মীন ৰাশিৰ ৰাশিফল

সন্তানৰ পঢ়া-শুনাৰ সমস্যা দূৰ হ’ব। জীৱনসংগীৰ পূৰ্ণ সহায় পাব। নিজ কামত আগবাঢ়িব পাৰিব, সকলো কামতে সফলতা লাভ কৰিব। পাৰিবাৰিক বিষয়ত ভালদৰে মনোযোগ দিব লাগিব। কৰ্মক্ষেত্ৰত বচৰ পৰা সমৰ্থন লাভ কৰিব।