শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হিকটি কিয় আহে? আওকাণ নকৰিব, এয়া কোনবোৰ ৰোগৰ লক্ষণ হ’ব পাৰে জানক…

বিশেষজ্ঞসকলে কয় যে অনিচ্ছাকৃতভাৱে হঠাতে ডায়েফ্ৰাম সংকোচন হ’লে হিকটি আহে। ডায়েফ্ৰাম হৈছে বুকু আৰু পেট পৃথক কৰা এডাল বৃহৎ পেশী। এই সংকোচনৰ ফলত হঠাতে বায়ু টানি আনে।

হিকটি কিয় আহে? আওকাণ নকৰিব, এয়া কোনবোৰ ৰোগৰ লক্ষণ হ’ব পাৰে জানক…
হঠাৎ কিয় হিকটি আহে?
trishna-kalita
Trishna Kalita | Published: 24 Aug 2025 16:02 PM

হয়তো আপুনি কেতিয়াবা বহি থাকোঁতে হঠাতে হিকটি আহিবলৈ ধৰে।  শৰীৰত হিকটি অহাটো এক সাধাৰণ ঘটনা। বেছিভাগ ক্ষেত্ৰতে ইয়াৰ ক্ষতিকাৰক নহয় যদিও হঠাতে আৰম্ভ হ’লে ই বিৰক্তিকৰ হ’ব পাৰে। খাই থাকোঁতে হঠাৎ হিকটি আৰম্ভ কৰিলে ডিঙিত আবদ্ধ হৈ পৰাৰ আশংকা থাকে। কিন্তু হিকটি কিয় আহে জানেনে?

বিশেষজ্ঞসকলে কয় যে অনিচ্ছাকৃতভাৱে হঠাতে ডায়েফ্ৰাম সংকোচন হ’লে হিকটি আহে। ডায়েফ্ৰাম হৈছে বুকু আৰু পেট পৃথক কৰা এডাল বৃহৎ পেশী। এই সংকোচনৰ ফলত হঠাতে বায়ু টানি আনে। ইয়ে দ্ৰুতগতিত উশাহ বন্ধ কৰি দিয়ে। তেতিয়াই হিকটি আৰম্ভ হয়।

হিকটিৰ মূল কাৰণ কি কি?

১) দৈনন্দিন অভ্যাস – বেছি খৰকৈ খোৱা, অতিমাত্ৰা খাদ্য খোৱা বা মছলাযুক্ত খাদ্য খোৱাৰ ফলত ডায়েফ্ৰামত জ্বলন হ’ব পাৰে। কাৰ্বনেটেড বা টেঙা পানীয়ৰ ফলতো ডায়েফ্ৰাম ফুলি উঠিব পাৰে আৰু ডায়েফ্ৰামত চাপ দিব পাৰে, যাৰ ফলত হিকটি আহিব পাৰে।

২) হঠাৎ উষ্ণতাৰ পৰিৱৰ্তন – গৰম চাহ খোৱাৰ পিছত ঠাণ্ডা পানী খালে ডায়েফ্ৰামৰ লগত জড়িত স্নায়ুবোৰক উত্তেজিত কৰে। ইয়াৰ ফলত সংকোচন হয়। তাৰ পিছত হিকটি আৰম্ভ হয়।

৩) উত্তেজনা বা মানসিক চাপ – হঠাৎ উত্তেজনা, ভয়, উদ্বেগ বা মানসিক চাপৰ বাবে স্নায়ুতন্ত্ৰ অতি সক্ৰিয় হৈ পৰে, যাৰ ফলত ডায়েফ্ৰামৰ অস্বাভাৱিক সংকোচন হয়। ফলত হিকটি আৰম্ভ হয়। ইয়াৰ ফলত পেনিক এটেক হ’লেও হিচকি হ’ব পাৰে।

৪) স্বাস্থ্যজনিত সমস্যা – বেছিভাগ হিচকি পানী খালে বা উশাহ বন্ধ কৰি ৰাখি ভাল হয়। কিন্তু কেতিয়াবা কোনো গুৰুতৰ অসুস্থতাৰ বাবেই এই সমস্যা হ’ব পাৰে। হিচকি গুৰুতৰ ৰোগৰ ইংগিত হ’ব পাৰে।  হিকটিৰ আঁৰত গেষ্ট্ৰাইটিছৰ সমস্যা, স্নায়ুৰ ক্ষতি, ষ্ট্ৰোক, এনকেফেলাইটিছ বা মেনিনজাইটিছৰ দৰে ৰোগ দীৰ্ঘদিনীয়া  থাকিব পাৰে।

৫) অত্যধিক মদ্যপান – অত্যধিক মদ্যপান কৰিলে পেটৰ আৱৰণত প্ৰদাহ হয়, যাৰ ফলত ডায়েফ্ৰামৰ ওপৰত চাপ পৰে আৰু হিকটিৰ সৃষ্টি হয়।

মনত ৰাখিব, বেছিভাগ ক্ষেত্ৰতে হিকটি কেইমিনিটমানৰ ভিতৰতে নিজাববীয়াকৈ আঁতৰি যায়। ইয়াৰ বাবে কোনো চিকিৎসাৰ প্ৰয়োজন নাই। কিন্তু ঘণ্টাৰ পিছত ঘণ্টা বা দিন ধৰি হিকটি আহি থাকিলে আওকাণ নকৰিব। এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। তেনে ক্ষেত্ৰত নিশ্চয় চিকিৎসকৰ পৰামৰ্শ লব। যিহেতু এই সমস্যা মূলতঃ গেছৰ সমস্যাৰ বাবে হ’ব পাৰে, গতিকে ইচ্ছা কৰিলে গেষ্ট্ৰ’এণ্টেৰ’লজিষ্টৰ পৰামৰ্শ ল’ব পাৰে।

লগতে পঢ়ক: বহু চেষ্টাৰ পিছতো কমা নাই নেকি ওজন? এই ৪টা ভুল হ’ব পাৰে ডাঙৰ কাৰণ…