শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গোটা ফল নে ফলৰ ৰস! দেহৰ বাবে কোনবিধ অধিক উপকাৰী, জানেনে?

ভিটামিন, খনিজ পদাৰ্থ, এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰৰ অন্যতম প্ৰধান উৎস ফল-মূল। কিন্তু গোটা ফল খোৱা আৰু ফলৰ ৰস খোৱাৰ মাজত পুষ্টিকৰ মূল্যৰ কিছু গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। জানো আহক এই বিষয়ে।

গোটা ফল নে ফলৰ ৰস! দেহৰ বাবে কোনবিধ অধিক উপকাৰী, জানেনে?
গোটা ফল নে ফলৰ ৰস অধিক উপকাৰী?Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 25 Aug 2025 14:56 PM

নিজকে এক সুস্থসবল আৰু নিৰোগী দেহৰ অধিকাৰী কৰি ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় পুষ্টিবিদ আৰু চিকিৎসকসকলে সেয়ে প্ৰতিজন লোককে সুস্থ হৈ থাকিবলৈ প্ৰতিদিনে কমেও এটাকৈ ফল খোৱাৰ পৰামৰ্শ আগবঢ়ায়। ঋতু অনুযায়ী ফল-মূল গ্ৰহণ কৰিলে শৰীৰৰ যথেষ্ট উপকাৰ সাধন হয়। অৱশ্যে এই ক্ষেত্ৰতো স্বাস্থ্য সচেতন লোকসকলৰ মনত এক বিশেষ প্ৰশ্নৰ উত্থাপন হয় গোটা ফল নে ফলৰ ৰস, কোনবিধ আমাৰ শৰীৰৰ বাবে অধিক উপকাৰী?

ফলমূলত আমাৰ শৰীৰৰ বাবে উপকাৰী বহু পুষ্টিকৰ উপাদান পোৱা যায় ভিটামিন, খনিজ পদাৰ্থ, এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰৰ অন্যতম প্ৰধান উৎস ফলমূল। কিন্তু গোটা ফল খোৱা আৰু ফলৰ ৰস খোৱাৰ মাজত পুষ্টিকৰ মূল্যৰ কিছু গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। জানো আহক এই বিষয়ে

গোটা ফলৰ উপকাৰিতাঃ

গোটা ফলত প্ৰাকৃতিক ফাইবাৰ থাকে, যাৰ ফলত হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্য ৰোধ হয়।

ফাইবাৰৰ উপস্থিতিৰ বাবে তেজত চেনিৰ মাত্ৰা লাহে লাহে বৃদ্ধি পায়, গতিকে ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত বিপদ কম হয়।

গোটা ফল চোবাই খালে তৃপ্তি বৃদ্ধি পায়, যাৰ ফলত অতিৰিক্ত কেলৰি খোৱাৰ প্ৰৱণতা হ্ৰাস পায়।

পিছে ফলৰ পৰা ৰস উলিয়ালে ফাইবাৰ নষ্ট হয়। বেছিকৈ ৰস খালে শৰীৰে চেনি আৰু কেলৰি সোনকালে শোষণ কৰে, ওজন বৃদ্ধিৰ আশংকা থাকে। বজাৰত পেকেজ কৰা ৰসত প্ৰায়ে অতিৰিক্ত চেনি আৰু সংৰক্ষক পদাৰ্থ থাকে। গতিকে তেনে পেকেজিং ফলৰ ৰস খোৱাৰ পৰা পৰাপক্ষত বিৰত থকাই উচিত

মন কৰিবলগীয়া যে শিশু, ৰোগী বা বয়স্ক লোকে মাজে মাজে ফলৰ ৰস খোৱাটো ভাল। অৱশ্যে নিয়মীয়াকৈ পুষ্টি আৰু ওজন নিয়ন্ত্ৰণৰ বাবে গোটা ফল ভাল। দৈনন্দিন খাদ্যত গোটা ফল অন্তৰ্ভুক্ত কৰাটো শৰীৰৰ বাবে অধিক উপকাৰী বিবেচিত হয়। এসপ্তাহত মাজে মাজে ফলৰ ৰস খাব পাৰি, পিছে সেয়া ঘৰতে প্ৰস্তুত কৰি লাগে।